Chapter 10
বিশ্ব খনিকৰ
১) বিশ্ৱ খনিকৰ পাঠটি লিখক কোন?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।
২) মফিজুদ্দিন আহমদ হাজৰিকা কিমান চনত জন্ম গ্ৰহণ কৰিছিল?
উত্তৰঃ ১৮৭০ চনত ।
৩) অসমীয়া সাহিত্য়ত ‘জ্ঞানমালিনী কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।
৪) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ ‘তত্ত্ৱ – পাৰিজাত’ ।
৫) ‘জ্ঞানমালিনী’ কিমান চনত প্ৰকাশ হৈছিল?
উত্তৰঃ ১৮৯৬ চনত ।
৬) কোনটো গুণৰ পৰা অজ্ঞানতাৰ সৃষ্টি হয়?
উত্তৰঃ তমোঃ গুণ ।
৭) অসম সাহিত্য় সভাৰ গোলাঘাট অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই কিমান চনত সভাপতিৰ আসন অলংকৃত কৰিছিল?
উত্তৰঃ ১৯৩০ চনত ।
৮) কোনটো গুণে মানুহক বিষয় সুখত আসক্ত কৰে?
উত্তৰঃ ৰজঃ গুণ ।
৯) মফিজুদ্দিন আহমদ হাজৰিকাক কি কবিৰূপে জনা যায়?
উত্তৰঃ ‘জ্ঞানমালিনীৰ’ ।
১০) ‘বিশ্ৱখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?
উত্তৰঃ পৰমেশ্ৱৰ বা ঈশ্ৱৰ ।
১১) মফিজুদ্দিন আহমদ হাজৰিক কিমান চনত শেষ নিশ্ৱাস এৰে?
উত্তৰঃ ১৯৫৮ চনত ।
১২) মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?
উত্তৰঃ ‘জোনাকী’ ।
১৩) ‘বিশ্ৱখনিকৰ’ কোন শ্ৰেণীৰ কবিটা?
উত্তৰঃ ৰহস্য়বাদী ।
১৪) হুনু মানে কি?
উত্তৰঃ হেনো ।
১৫) ‘বিশ্ৱখনিকৰ’ শব্দ অৰ্থ কি?
উত্তৰঃ বিশ্ৱ নিৰ্মাণ কৰোঁতা।
১৬) নিৰ্গুণ শব্দ অৰ্থ কি?
উত্তৰঃ সকলো গুণৰ ঊধৰ্বত ।
১৭) সত্ত্ৱঃ গুণে কি প্ৰদান কৰে?
উত্তৰঃ জ্ঞান ।
১৮) কোনটা গুণ শান্ত আৰু নম্ৰ?
উত্তৰঃ সত্ত্ৱঃ গুণ ।
১৯) অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।
২০) বাজীকৰৰ অৰ্থ কি ?
উত্তৰঃ যাদুকৰ বা ঐন্দ্ৰজালিক ।
Author by- Mandira Saha
Type by – Pompi Hazarika