Chapter 8
ভাৰতীয় ধৰ্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ
১। ভক্তি শব্দৰ উৎপত্তি কেনেকৈ হৈছিল ?
উত্তৰঃ সংস্কৃতৰ ‘ভজ’ শব্দৰপৰা ভক্তি শব্দৰ উৎপত্তি হৈছিল।
২। ভক্তিবাদে কোনখন ৰাজ্যত প্ৰথম বিকাশ লাভ কৰিছিল ?
উত্তৰঃ ভক্তিবাদে দাক্ষিণাত্যৰ চামিল ৰাজ্যত প্ৰথম বিকাশ লাভ কৰিছিল।
৩। শংকৰদেৱৰ জন্ম কিমান চনত হয় ?
উত্তৰঃ শংকৰদেৱৰ জন্ম ১৪৪৯ চনত হয়।
৪। ভক্তিবাদৰ উপাসকলৰ মূল দেৱতা কোন আছিল ?
উত্তৰঃ ভক্তিবাদৰ উপাসকলৰ মূল দেৱতা বিষ্ণু আছিল।
৫। শংকৰদেৱৰ ৰচনাক কেইটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ শংকৰদেৱৰ ৰচনাক ছয়টা ভাগত ভাগ কৰিব পাৰি।
৬। চুফীসকলে কি ধৰ্মত ভক্তিবাদৰ প্ৰৱৰ্তন কৰিছিল ?
উত্তৰঃ চুফীসকলে ইছলাম ধৰ্মত ভক্তিবাদৰ প্ৰৱৰ্তন কৰিছিল।
৭। উত্তৰ ভাৰতৰ ভক্তিবাদ কোনে বিয় পাইছিল ?
উত্তৰঃ উত্তৰ ভাৰতৰ ভক্তিবাদ ৰামানন্দই বিয়পাইছিল।
৮। ‘ভজ’ শব্দটো কি শব্দ ?
উত্তৰঃ ‘ভজ’ শব্দটো সংস্কৃত শব্দ।
৯। চাফ শব্দৰ অৰ্থ কি ?
উত্তৰঃ চাফ শব্দৰ অৰ্থ হ’ল ঊল।
১০। চুফীসকলে কিহৰ সাজ-পোছাক পৰিধান কৰিছিল ?
উত্তৰঃ চুফীসকলে ঊলৰ সাজ-পোছাক পৰিধান কৰিছিল।
১১। ভক্তি আন্দোলনৰ মূল উদ্দেশ্য কি আছিল ?
উত্তৰঃ ভক্তি আন্দোলনৰ মূল উদ্দেশ্য আছিল মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাৰ অৱসান ঘটাই মানুহৰ স্থিতিক শ্ৰেষ্ঠত্বৰ আসন দিয়া ।
১২। ভজ শব্দৰ লগত ‘ক্তিন’ কৃৎ প্ৰত্যয় যোগ হৈ কি শব্দৰ উৎপত্তি হৈছে ?
উত্তৰঃ ভজ শব্দৰ লগত ‘ক্তিন’ কৃৎ প্ৰত্যয় যোগ হৈ ভক্তি শব্দৰ উৎপত্তি হৈছে ।
১৩। চাফ শব্দটোৰ পৰা কি শব্দটো আহিছে ?
উত্তৰঃ চাফ শব্দটোৰ পৰা চুফী শব্দটো আহিছে।
১৪। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম হ’ল কুসুম্বৰ ভূঞা ।
১৫। কিহৰ দ্বাৰা অন্তৰত ভক্তিৰ উদ্ৰেক হয় ?
উত্তৰঃ সৎকৰ্মৰদ্বাৰা অন্তৰত ভক্তিৰ উদ্ৰেক হয় ।
১৬। আলৱাৰসকলে বিষ্ণুক কি বুলি মানিছিল ?
উত্তৰঃ আলৱাৰসকলে বিষ্ণুক জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰক বুলি মানিছিল ।
১৭। মৌখিক গীত-পদ কি বুলি জনা যায় ?
উত্তৰঃ মৌখিক গীত-পদ ‘দিব্যপ্ৰৱন্ধম’ বুলি জনা যায় ।
১৮। অসমত ভক্তি আন্দোলন মধ্যযুগৰ পঞ্চদশ শতিকাত কোনে আৰম্ভ কৰিছিল ?
উত্তৰঃ অসমত ভক্তি আন্দোলন মধ্যযুগৰ পঞ্চদশ শতিকাত শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল।