Chapter 13
বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা
১। কিমান চনৰ প্ৰথম বিশ্বযুদ্ধত বিভিন্ন দেশ ক্ষতিৰ সন্মুখীত হৈছিল ?
উত্তৰঃ ১৯১৪ চনৰ প্ৰথম বিশ্বযুদ্ধত বিভিন্ন দেশ ক্ষতিৰ সন্মুখীত হৈছিল ।
২। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান ?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৯২ ।
৩। ৰাষ্ট্ৰসংঘৰ কেইটা অংগই কাম-কাজ পৰিচালনা কৰে ?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ছয়টা অংগই কাম-কাজ পৰিচালনা কৰে ।
৪। বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন কৰা হয় ?
উত্তৰঃ ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হয় ।
৫। আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞন আৰু আৰু সাংস্কৃতিক সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হয় ?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞন আৰু আৰু সাংস্কৃতিক সংস্থা ১৯৪৫ চনত প্ৰতিষ্ঠা কৰা হয় ।
৬। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কিমান গৰাকী ন্যায়াধীশৰ ব্যৱস্থা আছে ?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ১৫ গৰাকী ন্যায়াধীশৰ ব্যৱস্থা আছে ।
৭। ন্যাধীশৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰঃ ন্যাধীশৰ কাৰ্যকাল ৯ বছৰ ।
৮। সদস্য-ৰাষ্ট্ৰ মুঠ কিমানখন সদস্য ৰাষ্ট্ৰৰে ৰাষ্ট্ৰসংঘৰনিৰাপত্তা পৰিষদ গঠিত ?
উত্তৰঃ সদস্য-ৰাষ্ট্ৰ মুঠ ১৫ খন সদস্য ৰাষ্ট্ৰৰে ৰাষ্ট্ৰসংঘৰনিৰাপত্তা পৰিষদ গঠিত ।
৯। সাধাৰণ সভাৰ আন এটা গুৰুত্বপূৰ্ণ ক্ষমতা কি ?
উত্তৰঃ সাধাৰণ সভাৰ আন এটা গুৰুত্বপূৰ্ণ ক্ষমতা হ’ল ৰাষ্ট্ৰসংঘঠৰ চনদ সংশোধন ।
১০। অস্থায়ী সদস্য-ৰাষ্ট্ৰক কেই বছৰৰ বাবে নিৰ্বাচন কৰা হয় ?
উত্তৰঃ অস্থায়ী সদস্য-ৰাষ্ট্ৰক দুই বছৰৰ বাবে নিৰ্বাচন কৰা হয় ।
১১। কিমান চনত জাতিসংঘ স্থাপনৰ প্ৰায় বিছ বছৰৰ পাছত পুনৰ দ্বিতীয় মহাযুদ্ধ হয় ?
উত্তৰঃ ১৯৩৯ চনত জাতিসংঘ স্থাপনৰ প্ৰায় বিছ বছৰৰ পাছত পুনৰ দ্বিতীয় মহাযুদ্ধ হয় ।
১২। ১৯৪৫ চনত পৃথিৱীৰ পঞ্চাছখন দেশৰ প্ৰতিনিধিয়ে লগ হৈ কি গ্ৰহণ কৰে ?
উত্তৰঃ ১৯৪৫ চনত পৃথিৱীৰ পঞ্চাছখন দেশৰ প্ৰতিনিধিয়ে লগ হৈ ৰাষ্ট্ৰসংঘৰ গ্ৰহণ কৰে ।
১৩। সাধাৰণ সভাত প্ৰতিখন সদস্য-ৰাষ্ট্ৰৰে কেইজনকৈ প্ৰতিনিধি থাকে ?
উত্তৰঃ সাধাৰণ সভাত প্ৰতিখন সদস্য-ৰাষ্ট্ৰৰে পাঁচজনকৈ প্ৰতিনিধি থাকে ।
১৪। বিশ্ব-স্বাস্থ্য সন্থা প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত ?
উত্তৰঃ বিশ্ব-স্বাস্থ্য সন্থা প্ৰধান কাৰ্যালয় জেনেভাত অৱস্থিত ।
১৫। দেশে দেশে সম্পদৰ আদান-প্ৰদানৰ ব্যৱস্থা কেতিয়াৰ পৰা চলি আছে ?
উত্তৰঃ দেশে দেশে সম্পদৰ আদান-প্ৰদানৰ ব্যৱস্থা আদিম যুগৰ পৰাই চলি আছে ।
১৬। তিনি বছৰত কিমান অংশ ন্যায়াধীশে অৱসৰ লয় ?
উত্তৰঃ তিনি বছৰত ১/৩ অংশ ন্যায়াধীশে অৱসৰ লয় ।
১৭। প্ৰযুক্তিবিদ্য়ায়ৰ উন্নতিৰ লগে লগে সকলোবোৰ সামগ্ৰী বোৰ উৎপাদন বৃদ্ধি কি হৈছে ?
উত্তৰঃ প্ৰযুক্তিবদ্যায়ৰ উন্নতিৰ লগে লগে সকলোবোৰ সামগ্ৰীবোৰ উৎপাদন বৃদ্ধি দ্ৰুততৰ হৈছে ।
১৮। ৰাষ্ট্ৰসংধৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰটো কি ?
উত্তৰঃ ৰাষ্ট্ৰসংধৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰটো হ’ল সচিবালয় ।
১৯। সাধাৰণ সভাত কিমান অংশ ভোটত গৃহীত হ’লে আবেদনকাৰী ৰাষ্ট্ৰক সদস্য ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰা হয় ?
উত্তৰঃ সাধাৰণ সভাত ২/৩ অংশ ভোটত গহীত হ’লে আবেদনকাৰী ৰাষ্ট্ৰক সদস্য ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰা হয় ।
২০। আঞ্চলিক সংগঠনচো কিমান চনত স্থাপিত হৈছিল ?
উত্তৰঃ আঞ্চলিক সংগঠনটো ১৯৮৫ চনত স্থাপিত হৈছিল ।