Chapter 18
উত্তৰ-পূব ভাৰতৰ ভূগোল
১। উত্তৰ-পূব ভাৰতত ছিকিমক ধৰি কেইখন ৰাজ্য আছে ?
উত্তৰঃ উত্তৰ-পূব ভৰতত ছিকিমক ধৰি ৮খন ৰাজ্য আছে ।
২। উত্তৰ-পূব ভাৰতক প্ৰায় কিমানখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ?
উত্তৰঃ উত্তৰ-পূব ভাৰতক প্ৰায় চাৰিখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ।
৩। বেদিকা ক’ত কৰা হয় ?
উত্তৰঃ বেদিকা কৃষি পাহাৰীয়া অঞ্চলত কৰা হয় ।
৪। বেদিকা কৃষি বুলি কাক কোৱা হয় ?
উত্তৰঃ থাঁজ কাটি খেতি কৰা পদ্ধতিকে বেদিকা কৃষি বুলি কোৱা হয় ।
৫। পাহাৰীয়া অঞ্চলক কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ পাহাৰীয়া অঞ্চলক দুটা ভাগত ভগাব পাৰি ।
৬। অসমৰ শুৱালকুছি কিহৰ কাৰণে বিখ্যাত ?
উত্তৰঃ অসমৰ শুৱালকুছি পাটমুগাৰ কাৰণে বিখ্যাত
৭। ভূ-প্ৰাকৃতিক অৱয়ৱৰ ভিত্তিত এই অঞ্চলটো প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ ভূ-প্ৰাকৃতিক অৱয়ৱৰ ভিত্তিত এই অঞ্চলটো প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি ।
৮। ৰাজ্যৰ তুলনাত ক’ত সমভূমিৰ পৰিমাণ বেছি ?
উত্তৰঃ ৰাজ্যৰ তুলনাত অসমতেই সমভূমিৰ পৰিমাণ বেছি ।
৯। বিশাল হিমালয় পৰ্বতমালাৰ পূব অংশটো কি ?
উত্তৰঃ বিশাল হিমালয় পৰ্বতমালাৰ পূব অংশটো হ’ল অৰুনাচল হিমালয় ।
১০। মণিপুৰৰ প্ৰথম হ্ৰদটোৰ নাম কি ?
উত্তৰঃ মণিপুৰৰ প্ৰথম হ্ৰদটোৰ নাম হ’ল লগটক ।