Chapter 14
পৃথিৱীৰ বিভিন্ন স্তৰ
১। প্ৰায় বছৰৰ আগতে পৃথিৱীখন সৃষ্টি হৈছিল ?
উত্তৰঃ প্ৰায় ৪৫০ কোটি বছৰৰ আগতে পৃথিৱীখন সৃষ্টি হৈছিল ।
২। পৃথিৱীখন প্ৰথম অৱস্থাত কি গেছীয় অৱস্থাত আছিল ?
উত্তৰঃ পৃথিৱীখন প্ৰথম অৱস্থাত উত্তপ্ত গেছীয় অৱস্থাত আছিল ।
৩। পৃথিৱীৰ উপৰিভাগৰ কঠিন তৰপটো কি বোলা হয় ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন তৰপটো ভূত্বক বোলা হয় ।
৪।পৃথিৱীখনৰ অন্তভাগৰ উষ্ণতা প্ৰায় কিমান ডিগ্ৰী ছেলছিয়াজ ?
উত্তৰঃ পৃথিৱীখনৰ অন্তভাগৰ উষ্ণতা প্ৰায় ৬০০০ ডিগ্ৰী ছেলছিয়াজ ।
৫। আগ্নেয় পদাৰ্থবোৰ ঠাণ্ডা হৈ টান হোৱাত কি হৈছিল ?
উত্তৰঃ আগ্নেয় পদাৰ্থ ঠাণ্ডা হৈ টান হোৱা শিল হৈছিল ।
৬। পৃথিৱীৰ অন্তৰ্ভাগক কেইটা ভাগত ভাগ কৰিছে ?
উত্তৰঃ পৃথিৱাৰ অন্তৰ্ভাগক ৩টা ভাগত ভাগ কৰিছে ।
৭। ভূ-ত্বকৰ ঘনত্ব কিমান ?
উত্তৰঃ ভ-ত্বকৰ ঘনত্ব ২.৭৫ ।
৮। ছিয়াৰ স্তৰৰ তলৰ স্তৰটো তুলনামূলকভাৱে কিহেৰে গঠিত ?
উত্তৰঃ ছিয়াৰ স্তৰৰ তলৰ স্তৰটো তুলনামূলকভাৱে বেছেল্ট শিলাৰে কিহেৰে গঠিত ।
৯। ছিয়াল স্তৰটো চিলিকা আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি বাবে ইয়াক কি বোলে ?
উত্তৰঃ ছিয়াাল স্তৰটো চিলিকা আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি বাবে ইয়াক ছিমা বোলে ।
১০। শাহ স্তৰটোয়ে পৃথিৱীৰ কিমান শতাংশ ঠাই আগুৰি আছে ?
উত্তৰঃ শাহ স্তৰটোয়ে পৃছিৱাৰ ১৫ শতাংশ ঠাই আগুৰি আছে ।