Chapter 25
বিভিষণ ৰাজপাটত উঠিল
অনুশীলনীঃ
(১) ৰামৰ তলত দিয়া গুণবোৰ মনত ৰাখা-
(ক) ৰাম ক্ষমাশীল আছিল।
(খ) শত্ৰুৰ প্ৰতিও তেওঁৰ দয়া ভাব আছিল।
(গ) ৰামে শত্ৰুৰ সদগুণবোৰৰ আদৰ কৰিছিল।
(ঘ) তেওঁ এইটো বিশ্বাস কৰিছিল যে য’ৰ পৰাই জ্ঞান পোৱা যায় তাক ল’ব লাগে।
(ঙ) তেওঁ নাৰী জাতিক সন্মান কৰিছিল।
(চ) তেওঁৰ জন্মভূমিৰ প্ৰতি অগাধ স্নেহ আছিল।
(ছ) তেওঁৰ ধন-সম্পত্তি, ৰাজ্যৰ প্ৰতি কোনো লোভ নাছিল।
(২) উত্তৰ লিখা-
(ক) ৰামে লক্ষ্মণক ৰাৱণৰ ওচৰলৈ কিয় পঠাইছিল ?
উত্তৰঃ ৰামে লক্ষ্মণক ৰাৱণৰ ওচৰলৈ ৰাজনীতিৰ শিক্ষা গ্ৰহণ কৰিবলৈ পঠাইছিল।
(খ) ৰাৱণে প্ৰথমবাৰ লক্ষ্মণক কিয় একো নক’লে ?
উত্তৰঃ ৰাৱণে প্ৰথমবাৰ লক্ষ্মণক ৰাজনীতি শিক্ষা জ্ঞান আৰু একো কথা নক’লে কাৰণ লক্ষ্মণে ৰাৱণৰ মূৰৰ শিতানতৰ থিয় হৈ ৰাজনীতিৰ শিক্ষা দিবলৈ কৈছিল আৰু ৰাৱণক লক্ষ্মণে গুৰুক যি সন্মান দিব লাগে সেই সন্মান দিয়া নাছিল বাবে।
(গ) ৰামে লঙ্কাৰ ৰাজ্যভাৰ কিয় গ্ৰহণ নকৰিলে ?
উত্তৰঃ ৰামে লঙ্কাৰ ৰাজ্যভাৰ গ্ৰহণ নকৰা কাৰণ জন্মভূমি স্বৰ্গতকৈয়ো শ্ৰেষ্ঠ। মোক এই সোণৰ লঙ্কা নালাগে। আৰু ৰামে বিভীষণক কথা দিছিল যে লঙ্কা ৰাজ্য বিভীষণক দিব বুলি। সেইবাবে লঙ্কা ৰাজ্য গ্ৰহণ নকৰিলে।
(৩) সমাৰ্থক শব্দ লিখা-
(ক) জন্মভূমি – মাতৃভূমি, দেশমাতৃ, জনমভূমি, স্বদেশ, জন্মস্থান।
(খ) বিষণ্ণ – দুঃখিত, বিষাদপূর্ণ।
(গ) পণ্ডিত – জ্ঞানী, বিদ্বান ।
(ঘ) অত্যাচাৰ – উপদ্ৰৱ, উৎপীড়ন