Chapter 7
চাওতালসকল
১। সুনীতি কুমাৰ চট্টোপ্যাধায়ৰ মতে ‘ চাওতাল ’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে ?
উত্তৰঃ সুনীতি কুমাৰ চট্টোপ্যাধায়ৰ মতে ‘ চাওতাল ’ শব্দটো সংস্কৃত ‘সামন্তৰাল’ শব্দৰ পৰা উৎপত্তি হৈছে ।
২। চাওতালসকলৰ প্ৰধান জীৱিকা কি ?
উত্তৰঃ চাওতালসকলৰ প্ৰধান জীৱিকা কৃষি ।
৩।‘মােড়ে হােড়ৰ ’ ( পাঁচজনৰ ) প্রধানজনক কি বুলি কোৱা হয় ?
উত্তৰঃ মােড়ে হােড়ৰ ’ ( পাঁচজনৰ ) প্রধানজনক ‘গডেত’ক বুলি কোৱা হয় ।
৪। চাওতালসকলৰ উপাধি কেইটা আৰু কি কি ?
উত্তৰঃ চাওতালসকলৰ উপাধি ১২ টা সেইকেইটা হ’লঃ মুৰ্মু, হেম্ব্ৰম, কিস্কু, বেছৰা, টুডু, চৰেন, বাস্কে, হাসদাঃ, মাৰ্ডি, চোঁড়ে, পাউৰীয়া আৰু বেদনা ।
৫। চাওতালসকলৰ কলা-কৃষ্টিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ চাওতালসকলৰ কলা-কৃষ্টিৰ বিষয়ে হ’লঃ
সাজ-পাৰঃ মহিলা সগলে লুংগী পাঞ্চি পাঞ্চি, পাঁডহাণ্ড আৰু পুৰুষ সকলে পাঞ্চি । বিবাহ উৎসৱত পুৰুষসকলে ধূতী আৰু মহিলাই হালধি সনা কাপোৰখন যাক সিন্দুৰ খাণ্ডি বোলে ।
প্ৰধান উৎসৱঃ বাহা আৰু চৰাই ।
গীত-নৃত্যঃ দং নৃত্য-দং গীত, লাংগঁড়ে নৃত্য-লাগঁডে গীত, চহৰাই, বাহাগীত ।
বাদ্যযন্ত্ৰঃ টামাক, তুমদাঃ, কৰতাল, ঢোল ।
বিবাহ-উৎসৱতঃ কাঁহৰ পাত্ৰ-থাল, বাটি, লোটা ব্যৱহাৰ কৰে । তিৰোতাসকলে আ-অলংকাৰ ।
৬। চাওতাল সকলৰ সামাজিক জীৱনৰ বৰ্ণনা দাঙি ধৰা ?
উত্তৰঃ চাওতালসকলৰ সামাজিক জীৱন-প্রক্রিয়া অতি সুকীয়া। তেওঁলােকে গাঁও পাতি বাস কৰে । গাঁৱৰ জনসাধাৰণক প্রণালীৱদ্ধভাৱে শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ পৰা পাঁচজন মানুহক বাছনি কৰি শাসন কৰাৰ দায়িত্ব অর্পণ কৰা হয় । সেই পাঁচজনক ‘ মােড়ে হােড়ৰ ’ কোৱা হয় । মােড়ে হােড়ৰ প্রধানজনক গাঁওবুঢ়া বা মাঝহি ’ বুলি কোৱা হয় । গাঁৱত কিবা বিশৃংখলতা হলে গাঁৱৰ মাঝহি’ৰ ওচৰত অভিযােগ দাখিল কৰা হয় । সেই অভিযােগৰ ভিত্তিত মাঝহিজনে পাঁচজনৰ এজন ‘ গডেতকৈ গাঁৱৰ ৰাইজক সমবেত কৰাবলৈ দায়িত্ব দিয়ে । তেনে প্রক্রিয়াৰে সমাজৰ যিকোনাে সমস্যাৰ সমাধান কৰা হয় ।
৭ । শব্দার্থ লিখা
সিন্দুৰ খাণ্ডিঃ হালধি সনা সাজ-পাৰ
টটড়বাঃ টুপী
হােৰঃ বান্দেঃ সাজ – পাৰ
মাঝহিঃ গাঁওবুঢ়া
পাড়হাণ্ডঃ লুংগী ।
৮। চমুটোকা লিখাঃ
(ক) বেনেডিক্ট হেম্ব্ৰম
(খ) বদন হাসদা
(গ) মিথিয়াছ টুডু
(ঘ) ৰাহেল কিস্কু ।
উত্তৰঃ
( ক ) বেনেডিক্ট হেম্ব্ৰমঃ ১৯৬৭ চনৰ ১৮ অক্টোবৰত কোকৰাঝাৰ জিলাৰ পলাশগুৰি গাঁৱত বেনেডিক্ট হেম্ব্ৰম জন্ম হৈছিল । তেখেতৰ পিতৃৰ নাম জাটু লক্ষণ হেম্ব্ৰম আৰু মাতৃৰ নাম ৰাণী চৰেণ । পলাশগুৰি গাঁৱৰ পৰা বেনডিক্ট হেম্ব্ৰমে প্ৰাথমিক শিক্ষা পাছ কৰিছিল । তাৰপাছত ১৯১৩ চনত কটন কলেজৰ পৰা উদ্ভিদ বিজ্ঞানত এম.এছ.ছি ডিগ্ৰী লাভ কৰে । গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল । বেনেডিক্ট হেম্ব্ৰময়ে চাওতালি সাহিত্যত কেইবাটাও কবিতা, প্ৰৱন্ধ আদি লিখিছিল তাৰওপৰু তাওতালি ব্যাকৰণ প্ৰস্তুত কৰিছিল । বেনেডিক্ট হেম্ব্ৰম এজন সফল বক্তা আৰু পাকৈত খেলুৱৈ আছিল । বেনেডিক্ট হেম এজনা সহজ – সৰল আৰু দৃঢ় মনৰ ব্যক্তি আছিল । তেওঁ নিজৰ কৰ্তব্যত কেতিয়াও অৱহেলা কৰা নাছিল । যিকোনাে কামত সময়ৰ আগত কর্মস্থানত উপস্থিত হােৱাটো তেওঁৰ ডাঙৰ গুণ আছিল । মৃত্যুৰ আগদিনাও নিজৰ কৰ্মত উপস্থিত আছিল তেওঁ । ২০১৩ চনৰ ৫ অক্টোবৰত তেখেতৰ মৃত্যু হয় ।
(খ) বদন হাসদাঃ ১৯৫৭ চনত কোকৰাধাৰ জিলাৰ খাপৰগাঁৱত বদন হাসদাৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম মাঝি হাসদা আৰু মাতৃৰ নাম চলমা বেছৰা । বদন হাসদায়ে কোকৰাধাৰ কলেজৰ পৰা আই. এ পাছ কৰে । বদন হাসদায়ে শিক্ষা-দিক্ষা, সামাজিক, অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰিছিল । কেওঁৰ নেতৃত্বত ১৯৮০ সদৌ অসম চান্থাল ছাত্ৰ সন্থা গঠিত হয় । তেওঁ অসম চান্থালী সাহিত্য সভাৰ উপদেষ্টা আছিল । ১৯৯৬ চনত হােৱা গােষ্ঠীগত সংঘৰ্ষত অশান্ত জৰ্জৰ অঞ্চলত শান্তি স্থাপনত মুখ্য ভূমিকা গ্রহণ কৰিছিল । ৰি সেই কৰ্মৰ বাবে কোকৰাঝাৰ জিলাৰ উপায়ুক্তই তেওঁক শান্তি আৰু ঐক্য’ৰ পুৰস্কাৰৰে পুৰস্কৃত কৰিছিল । ২০০৩ চনত বি.টি.চি. চুক্তি স্বাক্ষৰ হােৱাৰ পাছত কোকৰাঝাৰ জিলা চান্থাল জনগােষ্ঠীৰ পৰা তেওঁ পৰিষদত কার্যবাহী সদস্য পদত অধিষ্ঠিত হয় । ২০০৭ চনত তেখেতৰ মৃত্যু হয় । তেওঁ অৱদান বি.টি.চি.ৰ ইতিহাসত সোণালী আখৰেৰে লিপিৱদ্ধ হৈ থাকিব ।
(গ) মিথিয়াছ টুডুঃ ১৯৩০ চনৰ১৫ তাৰিখে কোকৰাঝাৰ জিলাৰ চান্থাল কলনীৰ গাঁৱত মাচিত্রাজুৰীত হৈছিল । তেখেতৰ পিতৃৰ নাম ৰেভাৰেণ্ড কানহু টুডু আৰু মাতৃৰ নাম মাৰথা মুৰ্ম । মাটিয়াজুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰু কটন কলেজৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰিছিল । পশ্চিমবঙ্গৰ পৰা বি.টি. ডিগ্ৰী অৰ্জন কৰিছিল । তেখেতে গ্ৰাহামপুৰ হাইস্কুলৰ পৰা শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল । তেখেতে গোসাইগাঁও বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাবে নির্বাচিত হয় । তেওঁ ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে সাতবাৰ বিধায়কৰ আসন অলংকৃত কৰে । তেওঁ ১৯৭২-১৯৭৮ চন কালছােৱাত অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগৰ মন্ত্রী আছিল । তেওঁ অষ্টমবাৰ ২০০১ পৰা ২০০৫ চনলৈকে বিধায়ক হৈ অসম চৰকাৰৰ ৰাজহ মন্ত্রী হৈছিল । ইয়াৰ পাছত তেওঁ ২০০৫ চনৰ পৰা ২০১০ চন লৈকে চৰকাৰৰ কুৰি দফীয়া আঁচনিৰ উপ – সভাপতি আছিল ।তেখেত আছিল অসম চান্থিল সাহিত্য সভাৰ সভাপতি, চান্থালি ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি , চান্থাল কলনী পাৰ্গনা বাইছিৰ সভাপতি , গ্রাহামপুৰ সমবায় সমিতিৰ প্রতিষ্ঠাতা , মৰনাই চাই বাগিছা মেনেজমেন্ট কমিটিৰ সভাপতি , সেৱাপুৰ মিচন হস্পিতালৰ চুপাৰিনটেনডেণ্ড আদি পদত অধিষ্ঠিত তেওঁ এজন দক্ষ ফুটবল খেলুৱৈ আছিল । কিতাপ পঢ়া , বাগিছাত কাম কৰা , কৃষিৰ কাম চোৱা – চিতা কৰা আৰু চিকাৰ কৰা তেওঁৰ অভ্যাস আছিল । তেওঁ এজন ধর্মপৰায়ণ ব্যক্তি আছিল । তেওঁ কেতিয়াও কটু কথা কোৱা নাছিল । প্রতি দেওবাৰে গীর্জত উপস্থিত হৈছিল । ২০১৭ চনত তেখেতৰ মৃত্যু হয় ।
(ঘ) ৰাহেল কিস্কুঃ ১৯২৫ চনত কোকৰাঝাৰ জিলাৰ বৰচনপুৰ গাঁৱত ৰাহেল কিস্কু জন্ম হৈছিল । তেখেতৰ পিতৃৰ নাম জহন কিস্কু আৰু মাতৃৰ নান লুক্ষী মুৰ্মু আছিল । ৰাহেল কিস্কু স্কুলীয়া জীৱন হাৰাফুটা মিশন স্কুলত আৰম্ভ কৰিছিল আৰু লক্ষ্ণৌৰ এখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল . ৰাহেল কিস্কু আছিল প্ৰথম চান্থাল মহিলা স্নাতক আছিল । ৰাহেল কিস্কু সমাজৰ দুৰ্নীতি নিবাৰণ, মদৰ প্ৰচলন বন্ধ কৰা, ডাইনী হত্যা বন্ধ কৰা মহিলাৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাব্ সজাগ সৃষ্টি কৰিছিল । ৰাহেল কিস্কুয়ে গ্ৰাহামপুৰ হাই স্কুলৰ পৰা সহশিক্ষয়িত্ৰী হিচাপে কৰ্ম জীৱন পাতনি মেলিছিল ১৯৮০ চনত প্ৰধান শিক্ষয়ত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল । ৰাহেল কিস্কু ভাষাৰ কবি আৰু দক্ষ লেখক আছিল । তেওঁ কৰ্ম জীৱনৰ অৱসৰ লোৱাৰ পাছত সামাজিক, ধৰ্মীয় আৰু শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত কাম কৰিছিল । তেওঁ মহিলা আৰু শিশুসকলৰ মঙ্গলৰ কাৰণে কাম কৰিছিল । ৰাহেল কিস্কু চান্থালি সাহিত্য জগতলৈ অমূল্য সম্পদ দি থৈ গ’ল । ৰাহেল কিস্কুয়ে ২০০১ চনৰ ৬ এপ্ৰিল তাৰিখে মৃত্যু হয় ।