Chapter 5
সম্পদ
১) শ্ৰেষ্ঠতম জৈৱিক সম্পদ কি?
(ক) বাঘ।
(খ) মানুহ।
(গ) হৰিণ।
Answer: মানুহ।
২) উৎসৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক কেটা ভাগত ভাগ কৰিব পাৰি?
(ক) ৪ টা।
(খ) ২ টা।
(গ) ১৩ টা।
Answer: ২ টা।
৩) জীৱ জগতৰ পৰা আহৰণ কৰা সম্পদক কি বোলে?
(ক) জৈৱিক সম্পদ।
(খ) অজৈৱিক সম্পদ।
(গ) শ্ৰেষ্ঠ সম্পদ।
Answer: জৈৱিক সম্পদ।
৪) সম্পদৰ সংৰক্ষণ কি?
(ক) সম্পদসমূহ আহৰণ কৰা।
(খ) প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়া।
(গ) ওপৰৰ এটাও নহয়।
Answer: প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়া।
৫) মানুহ কোনটো সম্পদৰ অন্তৰ্গত?
(ক) জৈৱিক সম্পদ।
(খ) অজৈৱিক সম্পদ।
(গ) ওপৰৰ এটাও নহয়।
Answer: জৈৱিক সম্পদ।
৬) বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
৭) সকলোতে পোৱা সম্পদক কি বুলি কোৱা হয়?
(ক) সৰ্বব্যাপী সম্পদ।
(খ) স্থানভিত্তিক সম্পদ।
(গ) সম্ভাৱ্যপূৰ্ণ সম্পদ।
Answer: সৰ্বব্যাপী সম্পদ।
৮) প্ৰকৃত সম্পদৰ মজুত থকা পৰিমাণ অনুমান কৰিব পৰা যায়।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
৯) ক্ষয়িষ্ণু সম্পদ কেইপ্ৰকাৰৰ?
(ক) ক্ষয়িষ্ণু সম্পদ ৯ প্ৰকাৰৰ।
(খ) ক্ষয়িষ্ণু সম্পদ ৫ প্ৰকাৰৰ।
(গ) ক্ষয়িষ্ণু সম্পদ ২ প্ৰকাৰৰ।
Answer: ক্ষয়িষ্ণু সম্পদ ২ প্ৰকাৰৰ।
১০) এবিধ মূল্যৱান প্ৰাকৃতিক সম্পদৰ নাম লিখা।
(ক) মাটি।
(খ) পানী।
(গ) চকী।
Answer: পানী।
১১) এখন দেশৰ উন্নতি কে্নেদৰে নিৰ্ভৰ কৰে?
(ক) প্ৰাকৃতিক সম্পদৰ ওপৰত।
(খ) মানুহ আৰু মানৱসম্পদৰ ওপৰত।
(গ) মানৱসৃষ্ট সম্পদৰ ওপৰত।
Answer: মানুহ আৰু মানৱসম্পদৰ ওপৰত।
১২) বুদ্ধি-বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৩) বৰ্ধিত জনসংখ্যাৰ বাবে সীমিত প্ৰাকৃতিক সম্পদৰ নাটনিৰ সমস্যাই দেখা দিয়ে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৪) আমাৰ সম্পদসমূহ সদ্বব্যৱহাৰ কৰি ভৱিষ্যতলৈ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৫) মানুহে নিজে সম্পদ হোৱাৰ লগতে সম্পদ সৃষ্টি আৰু অৰিহণা যোগায়।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৬) সকলো ঠাইতে নোপোৱা সম্পদবিধৰ নাম কি?
(ক) নবীকৰণক্ষম সম্পদ।
(খ) স্থানভিত্তিক সম্পদ।
(গ) মানৱ সম্পদ।
Answer: স্থানভিত্তিক সম্পদ।
১৭) সম্পদৰ প্ৰধান ভাগ কেইটা?
(ক) ১৫ টা।
(খ) ৩ টা।
(গ) ৭ টা।
Answer: ৩ টা।
১৮) মানুহে অহৰহ ব্যৱহাৰ কৰিও শেষ কৰিব নোৱাৰা সম্পদবিধ কি?
(ক) অ-নবীকৰণক্ষম সম্পদ।
(খ) অক্ষয় সম্পদ।
(গ) প্ৰকৃত সম্পদ।
Answer: অক্ষয় সম্পদ।
১৯) পৃথিৱীৰ মুঠ জলভাগৰ কিমান শতাংশ পানী সাধাৰণ পানী?
(ক) ২৫% পানী।
(খ) ৫৬% পানী।
(গ) ৩% পানী।
Answer: ৩% পানী।
২০) সম্ভাৱ্যপূৰ্ণ সম্পদ অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।