Chapter 3
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
১। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেতিয়া জন্ম হৈছিল ?
(ক) ১৯০৩ চনৰ ১৭ জানুৱাৰীত
(খ) ১৯০৩ চনৰ ১৭ জুন তাৰিখে
(গ) এটাও নহয়
উত্তৰঃ (খ) ১৯০৩ চনৰ ১৭ জুন তাৰিখে
২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক’ত জন্ম হৈছিল ?
(ক) ডিব্ৰুগড়ৰ তামোলবাৰীত
(খ) তেজপুৰত
(গ) এটাও নহয়
উত্তৰঃ (ক) ডিব্ৰুগড়ৰ তামোলবাৰীত
৩। সৰুৰে পৰা তেখেত কি পৰিৱেশত ডাঙৰ-দীঘল হৈছিল ?
(ক) সাংস্কৃতিক পৰিৱেশত
(খ) হুলস্থূল পৰিৱেশত
(গ) এটাও নহয়
উত্তৰঃ (ক) সাংস্কৃতিক পৰিৱেশত
৪। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ তেখেত কলৈ গৈছিল ?
(ক) বাৰ্লিনলৈ
(খ) লণ্ডনলৈ
(গ) এটাও নহয়
উত্তৰঃ (খ) লণ্ডনলৈ
৫। প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি ?
(ক) জয়মতী
(খ) ইন্দ্ৰমালতী
(গ) এটাও নহয়
উত্তৰঃ (ক) জয়মতী
৬। তেখেতে কিমান বছৰ বয়সত শোণিতকুঁৱৰী নাটক খন ৰচনা কৰিছিল ?
(ক) তেৰ বছৰ বয়সত
(খ) চৈধ্য বছৰ বয়সত
(গ) এটাও নহয়
উত্তৰঃ (খ) চৈধ্য বছৰ বয়সত
৭। কিমান চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেহাৱসান ঘটিছিল ?
(ক) ১৯৫১ চনৰ ১৭ জানুৱাৰীত
(খ) ১৯৫১ চনৰ ১৭ জুন তাৰিখে
(গ) এটাও নহয়
উত্তৰঃ (ক) ১৯৫১ চনৰ ১৭ জানুৱাৰীত
৮। তেখেতৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় ?
(ক) জ্যোতি দিৱস
(খ) শিল্পী দিৱস
(গ) এটাও নহয়
উত্তৰঃ (খ) শিল্পী দিৱস
৯। সম্ভ্ৰান্ত শব্দৰ অৰ্থ কি ?
(ক) মান্য, সন্মান পাবৰ যোগ্য
(খ) দান, বৰঙনি
(গ) এটাও নহয়
উত্তৰঃ (ক) মান্য, সন্মান পাবৰ যোগ্য
১০। ভাও দিয়া লোক =
(ক) অভিনেতা
(খ) ভাৱৰীয়া
(গ) এটাও নহয়
উত্তৰঃ (খ) ভাৱৰীয়া