Chapter 1
আমাৰ গাওঁ
১। আমাৰ গাঁও কবিতাটি কোনে ৰচনা কৰিছিল ?
(ক) আনন্দচন্দ্ৰ আগৰৱালা
(খ) অতুলচন্দ্ৰ হাজৰীকা
(গ) এটাও নহয়
উত্তৰঃ (খ) অতুলচন্দ্ৰ হাজৰীকা
২। সৰু শব্দটোৰ বিপৰীত শব্দটো কি ?
(ক) বৰ
(খ) ভৰা
(গ) এটাও নহয়
উত্তৰঃ (ক) বৰ
৩। তলৰ কোনটো শব্দত ‘ৰ’ আখৰটো শেষত আছে ?
(ক) ৰচকী
(খ) পথাৰ
(গ) এটাও নহয়
উত্তৰঃ (খ) পথাৰ
৪। পদূলিমুখত কি ফুল ফুলে ?
(ক) গধূলিগোপাল
(খ) গোলাপ
(গ) এটাও নহয়
উত্তৰঃ (ক) গধূলিগোপাল
৫। তলৰ কোনটো শব্দত ‘ল’ আখৰটো মাজত আছে ?
(ক) তলত
(খ) তৰল
(গ) এটাও নহয়
উত্তৰঃ (ক) তলত
৬। কোনডাল গছৰ গাত মৌৱে বাহ লয় বুলি কবিতাটিত প্ৰকাশ কৰিছে ?
(ক) বকুল গছত
(খ) ঔগছ জুপিত
(গ) এটাও নহয়
উত্তৰঃ (খ) ঔগছ জুপিত
৭। গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে ?
(ক) পাতে মৰমৰ হাট
(খ) খেতি কৰে
(গ) এটাও নহয়
উত্তৰঃ (ক) পাতে মৰমৰ হাট
৮। তলৰ কোনটো শব্দত ‘ৰ’ আখৰটো প্ৰথমতে আছে ?
(ক) তৰালি
(খ) ৰাইজ
(গ) এটাও নহয়
উত্তৰঃ (খ) ৰাইজ
৯। শুৱনি শব্দৰ অৰ্থ কি ?
(ক) সৰু
(খ) দেখিবলৈ ভাল লগা, ধুনীয়া
(গ) এটাও নহয়
উত্তৰঃ (খ) দেখিবলৈ ভাল লগা, ধুনীয়া
১০। মনোহৰ শব্দৰ অৰ্থ কি ?
(ক) সুন্দৰ, মোহনীয়
(খ) একেলগে
(গ) এটাও নহয়
উত্তৰঃ (ক) সুন্দৰ, মোহনীয়