Chapter 4
পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্য়ৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব
১) এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কেইটা সংজ্ঞাসূচক বৈশিষ্ট্য় থাকে ?
ক) ৩ টা ।
খ) ৪ টা ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ গ) ওপৰৰ এটাও নহয় ।
২) কোনে বজাৰখন গঠিত কৰে ?
ক) বহুতো ক্ৰেতা আৰু বিক্ৰেতা।
খ) বাহিৰাগত মানুহে ।
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) বহুতো ক্ৰেতা আৰু বিক্ৰেতা।
৩) বজাৰখনৰ প্ৰত্য়েকগৰাকী ক্ৰেতা আৰু বিক্ৰেতাই একোজন——- ।
ক) ক্ৰেতা ।
খ) বিক্ৰেতা ।
গ) দাম গ্ৰহন কৰোতা ।
উত্তৰঃ গ) দাম গ্ৰহন কৰোতা ।
৪) দাম গ্ৰহন কৰা ব্য়ৱসায় প্ৰতিষ্ঠান এটাৰ উৎপন্ন এক একক বৃদ্ধি কৰিলে মুঠ আয়ৰ যি বৃদ্ধি হয় তাক কি বোলে ?
ক) বজাৰৰ দাম ।
খ) বিক্ৰী আয় ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ খ) বিক্ৰী আয় ।
৫) তৃতীয় চৰ্তটোৰ কেইটা অংশ আছে ?
ক) ৫ টা ।
খ) ৩ টা ।
গ) ২ টা ।
উত্তৰঃ গ) ২ টা ।
৬) লাভৰ যিটো পৰিমাণ, ব্য়ৱসায় প্ৰতিষ্ঠান টোৱে প্ৰকাশ্য় ব্য়য় আৰু সুযোগ ব্য়য় সামৰি ল’ব পৰাকৈ যথেষ্ট তাক কি বোলে ?
ক) অস্বাভাৱিক লাভ ।
খ) উৎপাদন বন্ধ বিন্দু ।
গ) স্বাভাৱিক লাভ ।
উত্তৰঃ গ) স্বাভাৱিক লাভ ।
৭) ব্য়ৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ বেছি যিখিনি লাভ অৰ্দন কৰে তাক——— বোলে ।
ক) সমাৱস্থা বিন্দু ।
খ) অস্বাভাৱিক লাভ ।
গ) উৎপাদন বন্ধ বিন্দু ।
উত্তৰঃ খ) অস্বাভাৱিক লাভ ।
৮) যোগান ৰেখাৰ যিটো বিন্দুত ব্য়ৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভ অৰ্জন কৰে, তাকে ব্য়ৱসায় প্ৰতিষ্ঠানটোৰ কি বোলে ?
ক) যোগান ৰেখাৰ নিৰ্ধাৰক ।
খ) সমাৱস্থা বিন্দু ।
গ) উৎপাদন বন্ধ বিন্দু ।
উত্তৰঃ খ) সমাৱস্থা বিন্দু ।
৯) ব্য়ৱসায় প্ৰতিষ্ঠানৰ প্ৰান্তিক ব্য়য় ৰেখাক প্ৰভাৱান্বিত কৰাক কি বোলে ?
ক) দীৰ্ঘকালীন গড় ব্য়য় ৰেখা ।
খ) যোগান ৰেখাৰ নিৰ্ধাৰক ।
গ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ খ) যোগান ৰেখাৰ নিৰ্ধাৰক ।