Chapter 1
তিৱাসকল
1) তিৱাসকল প্ৰাচীন কালৰে পৰা ক’ত বাস কৰি আহিছে ?
ক) চীনত
খ) অসমত
গ) মৰিগাঁওত
উত্তৰঃ খ) অসমত
2) বৰ্তমান তিৱাসকলক কেইটা ভাগত বিভক্ত কৰা হৈছে ?
ক) ৩ টা ভাগত
খ) ২ টা ভাগত
গ) ৪ টা ভাগত
উত্তৰঃ খ) ২ টা ভাগত
3) অসমৰ প্ৰথমটো বিদ্ৰোহ ‘ফুলগুৰি ধেঁৱা’ৰ জন্ম আৰু নেতৃত্ব কোনে দিছিল ?
ক) কাৰ্বিসকলে
খ) কলিতাসকলে
গ) তিৱাসকলে
উত্তৰঃ গ) তিৱাসকলে
4) প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ-পাৰ্বণত তেওঁলোকে কাক দেৱতা বুলি পূজা কৰে ?
ক) পূৰ্বপুৰুষসকলক
খ) মহিলাসকলক
গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ ক) পূৰ্বপুৰুষসকলক
5) তিৱাসকলৰ ৱা মেছাম্ মানে কি ?
ক) কুকুৰাৰ মাংস
খ) ছাগলী মাংস
গ) গাহৰিৰ মাঙহ
উত্তৰঃ গ) গাহৰিৰ মাঙহ
6) ইন্দ্ৰচিং দেউৰীৰ জন্ম কিমান চনত হৈছিল ?
ক) ১৯৩১ চনত
খ) ১৯৩২ চনত
গ) ১৯৪৯ চনত
উত্তৰঃ খ) ১৯৩২ চনত
7) ‘অ’ তিৱা, অ’ তিৱা ছেৰাণ চাৱা’ নামে গীতটি কোনে ৰচনা কৰিছিল ?
ক) বলাইৰাম সেনাপতিৰ
খ) ইন্দ্ৰচিং দেউৰীৰ
গ) পদ্মকান্ত কাকতিৰ
উত্তৰঃ খ) ইন্দ্ৰচিং দেউৰীৰ
8) তিৱাসকলৰ প্ৰিয় খাদ্য় কি ?
ক) টু মেছাম্ আৰু ৱা মেছাম্
খ) ছাগলী মাংস
গ) হাহঁ মাংস
উত্তৰঃ ক) টু মেছাম্ আৰু ৱা মেছাম্
9) খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত কি বুলি কোৱা হয় ?
ক) লৰ বুলি কোৱা হয়
খ) জেলা বুলি কোৱা হয়
গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ খ) জেলা বুলি কোৱা হয়
10) বলাইৰাম সেনাপতি কিমান চনত সম্বৰণ কৰে ?
ক) ২০১৪ চনৰ ১১ মে’ত
খ) ২০১০ চনত
গ) ১৯৯১ চনত
উত্তৰঃ ক) ২০১৪ চনৰ ১১ মে’ত