Chapter 12
নামৰ বেবেৰিবাং
১। মাক-বাপেকে মৰমতে কণা লৰাটোৰ নাম কি ৰাখিলে?
(ক) টোকোনাচন্দ্ৰ
(খ) দুখুৰাম
(গ) পদ্মলোচন
উত্তৰঃ (গ) পদ্মলোচন
২। নিধনীৰামৰ ঘৰ ক’ত আছিল?
(ক) সোণাপুৰত
(খ) যোৰহাটত
(গ) নগাঁৱত
উত্তৰঃ (ক) সোণাপুৰত
৩। নিধনীৰাম অভাৱী আছিল নেকি?
(ক) আছিল
(খ) নাছিল
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) নাছিল
৪। মানুহজনে কাটি থকা গছজোপাৰ নাম কি আছিল?
(ক) মৰা
(খ) অমৰা
(গ) চেগুন
উত্তৰঃ (খ) অমৰা
৫। হালোৱা মানুহজনৰ নাম কি আছিল?
(ক) মৰা
(খ) জীয়া
(গ) দুখুৰাম
উত্তৰঃ (ক) মৰা
৬। ‘এই জোপা কি গছহে ককাই’ কোনে কৈছিল?
(ক) টোকোনাচন্দ্ৰই
(খ) দুখুৰামে
(গ) নিধনীৰামে
উত্তৰঃ (গ) নিধনীৰামে
৭। নিধনী বিপৰীত অৰ্থ কি?
(ক) ৰৰৈয়া
(খ) ধনী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ধনী
৮। জ্ঞান+ঈ= কি?
(ক) গুণী
(খ) জ্ঞান
(গ) জ্ঞানী
উত্তৰঃ (গ) জ্ঞানী
৯। দান+ঈ= কি?
(ক) দানী
(খ) দান
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) দানী
১০। নুটুটে বিপৰীত অৰ্থ কি?
(ক) নকমে
(খ) টুটে
(গ) কমে
উত্তৰঃ (খ) টুটে
১১। ককাৰ যুৰীয়া শব্দ কি?
(ক) ককা-নাতি
(খ) ককা-বোৱাৰী
(গ) ককা-আইতা
উত্তৰঃ (গ) ককা-আইতা
১২। জী যুৰীয়া শব্দ কি?
(ক) জী-জোঁৱাই
(খ) জী-নাতি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) জী-জোঁৱাই
১৩। বিছাই কি কৰে?
(ক) টানে
(খ) জোৰে
(গ) ডাকে
উত্তৰঃ (গ) ডাকে
১৪। নিজৰাটোৰ পাৰত কোনে খেলি আছিল?
(ক) নিধনীৰামে
(খ) এজাক লৰা-ছোৱালীয়ে
(গ) এজাক ডেকা ল’ৰাই
উত্তৰঃ (খ) এজাক লৰা-ছোৱালীয়ে
১৫। এটা হোলাত ফটাকানি পিন্ধি জাকৈ বাই থকা জাঁটলী ছোৱালীজনীৰ নাম কি আছিল?
(ক) নলিনীবালা দেৱী
(খ) মাদাৰ টেৰেছা
(গ) লখিমী
উত্তৰঃ (গ) লখিমী
১৬। গোহালিত কি থাকে?
(ক) গৰু
(খ) শাক
(গ) কোমোৰা
উত্তৰঃ (ক) গৰু
১৭। চালত কি থাকে?
(ক) চালনী
(খ) তামোল-পান
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (গ) ইয়াৰ ভিতৰত এটাও নহয়
১৮। ফুলনিত কি থাকে?
(ক) ফুল
(খ) ফল
(গ) মাছ
উত্তৰঃ (ক) ফুল
১৯। মান+ঈ= কি?
(ক) মান
(খ) মানি
(গ) মানী
উত্তৰঃ (গ) মানী
২০। সুখ+ঈ= কি?
(ক) সুখ
(খ) সুখী
(গ) দুখী
উত্তৰঃ (খ) সুখী