Chapter 4
প্ৰাকৃতিক সম্পদ
1. প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ?
(ক)ভূ-পৃষ্ঠৰ তলৰ ভাগ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদ।
(খ)ভূ-পৃষ্ঠৰ উপৰিভাগ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদ।
(গ)ভূ-পৃষ্ঠৰ তলৰ ভাগ আৰু ভূগৰ্ভৰ উপৰিভাগত সঞ্চিত হৈ থকা সম্পদ।
উত্তৰঃ (খ)ভূ-পৃষ্ঠৰ উপৰিভাগ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদ।
2. প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে ?
(ক)তিনিটা।
(খ)চাৰিটা।
(গ)দুটা।
উত্তৰঃ (গ)দুটা।
3. অসম ৰাজ্য়খন কিহেৰে ভৰপূৰ ?
(ক)পাহাৰীয়া অঞ্চলেৰে।
(খ)বনাঞ্চলেৰে।
(গ)সম্পদেৰে।
উত্তৰঃ (খ)বনাঞ্চলেৰে।
4. অসমৰ কোন অঞ্চলত মূল্য়ৱান কাঠ পোৱা যায় ?
(ক)পাহাৰীয়া অঞ্চলত।
(খ)দাঁতিকাষৰীয়া অঞ্চলত।
(গ)নামনি অঞ্চলত।
উত্তৰঃ (গ)নামনি অঞ্চলত।
5. অসমৰ কি জন্তুৰ বাবে পৃথিৱী বিখ্য়াত ?
(ক)সিংহৰ বাবে।
(খ)হৰিণাৰ বাবে।
(গ)এটা খড়গৰ গড়ৰ বাবে।
উত্তৰঃ (গ)এটা খড়গৰ গড়ৰ বাবে।
6. বনজসম্পদসমূহৰ ওপৰত ভিত্তি কৰি অসমত কি গঢ়ি উঠিছে ?
(ক) উদ্য়োগ।
(খ) সম্পদ।
(গ) ওপৰৰ এটাও শুদ্ধ নহয়।
উত্তৰঃ (ক) উদ্য়োগ।
7. শিহু কোন নৈত পোৱা যায় ?
(ক)বৰাক নৈত।
(খ)মানাহ নৈত।
(গ)ব্ৰহ্মপুত্ৰ নৈত.
উত্তৰঃ (গ)ব্ৰহ্মপুত্ৰ নৈত.
8. উদ্য়োগত ব্য়ৱহাৰ কৰিবলৈ অৱশ্য়ক হোৱা পানী কৰ পৰা আহৰণ কৰা হয় ?
(ক) নৈৰ পৰা।
(খ) ভূ-গৰ্ভৰ পৰা।
(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।
উত্তৰঃ (খ) ভূ-গৰ্ভৰ পৰা।
9. নৈ-উপনৈ আৰু খাল-বিল আদি জলাশয়বোৰে কিহৰ চাহিদা পুৰণ কৰে ?
(ক) মাছৰ।
(খ) চৰাইৰ।
(গ) ওপৰৰ এটাও শুদ্ধ নহয়।
উত্তৰঃ (ক) মাছৰ।
10. গ্ৰীষ্মকালত কি কি খেতি কৰা হয় ?
(ক) আলু, ফুলকবি, বন্ধাকবি আদি।
(খ) ধান, মৰাপাট, লাউ আদি।
(গ)ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।
উত্তৰঃ (খ) ধান, মৰাপাট, লাউ আদি।
11. অসমৰ প্ৰধান ৰোপন খেতি কি ?
(ক)ধান খেতি।
(খ)ৰবৰ খেতি।
(গ)চাহ খেতি।
উত্তৰঃ (গ)চাহ খেতি।
12. অসম কি সম্পদত চহকী ?
(ক)কৃষিজাত সম্পদত।
(খ)খনিজ সম্পদত।
(গ)জলজ সম্পদত।
উত্তৰঃ (খ)খনিজ সম্পদত।
13. প্ৰকৃতিত পোৱা সম্পদৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধন কি ?
(ক)খাৰুৱা তেল।
(খ)কয়লা।
(গ)চূনশিল।
উত্তৰঃ (খ)কয়লা।
14. অসমৰ কোন কোন ঠাইত কয়লা পোৱা যায় ?
(ক)মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত।
(খ)শিৱসাগৰ, ধুবুৰী আদিত।
(গ)ধেমাজী, গোৱালপাৰা আদিত।
উত্তৰঃ (ক)মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত।
15. খাৰুৱা তেল কি অৱস্থাত থাকে ?
(ক)গোটা।
(খ)গেছীয়।
(গ)জুলীয়া।
উত্তৰঃ (গ)জুলীয়া।
16. প্ৰাকৃতিক গেছ কি অৱস্থাত থাকে ?
(ক)জুলীয়া।
(খ)গেছীয়।
(গ)গোটা।
উত্তৰঃ (খ)গেছীয়।
17. খাৰুৱা তেলসমূহ কোন স্তৰৰ মাজত পোৱা যায় ?
(ক) মাটিৰ।
(খ) শিলৰ
(গ) ওপৰৰ এটাও শুদ্ধ নহয়।
উত্তৰঃ (খ) শিলৰ
18. কিমান চনত ইংৰাজসকলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায় ?
(ক)1859
(খ)1869
(গ)1889
উত্তৰঃ (গ)1889
19. অসমৰ তেল শোধানাগাৰ ক’ত ক’ত আছে ?
(ক)মাকুম, লিডু, জয়পুৰ আদিত।
(খ)শিৱসাগৰ, ধুবুৰী আদিত।
(গ)ডিগবৈ, নুনমাটি, বঙাইগাওঁ আদিত।
উত্তৰঃ (গ)ডিগবৈ, নুনমাটি, বঙাইগাওঁ আদিত।
20. বিলাতী মাটি প্ৰস্তুত কৰিবলৈ কি ব্য়ৱহাৰ কৰা হয় ?
(ক)খাৰুৱা তেল।
(খ)কয়লা।
(গ)চূনশিল।
উত্তৰঃ (গ)চূনশিল।