Chapter-12
ঘোঁৰা ডাঙৰীয়া
১। আস্তাবলত থকা ঘোঁৰাটো বাটলৈ কিয় ওলাই গৈছিল ?
(ক) ভোক লগা বাবে
(খ) আমনি লগা বাবে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) আমনি লগা বাবে।
২। ঘোঁৰাক কোনে পক্ষীৰাজ উপাধি দিছে ?
(ক) ইন্দ্ৰই
(খ) ৰাম
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ইন্দ্ৰই।
৩। গাধ পোৱালিটো ক’লৈ গৈছিল ?
(ক) খাদ্য বিচাৰি গৈছিল
(খ) ফুৰিব গৈছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (গ) ইয়াৰ পৰা এটাও নহয়।
৪। ঘোঁৰা ডাঙৰীয়া কেনেকৈ খালত পৰিলে ?
(ক) বাছখনে খুণ্ডা মৰা বাবে
(খ) গাধটোৱে ঠেলিমাৰি দিয়া বাবে
(ক) ইন্দ্ৰই
উত্তৰঃ (ক) বাছখনে খুণ্ডা মৰা বাবে।
৫। নিধকৰ অৰ্থ কি ?
(ক) নিলাজ
(খ) লাজোকিয়া
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) নিলাজ।
৬। ইমান অহঙ্কাৰ ভাল নহয় বুলি কোনে কৈছিল ?
(ক) ঘোঁৰাটোৱে কৈছিল
(খ) গাধটোৱে কৈছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) গাধটোৱে কৈছিল।
৭। গাধটোক কোনে খালত পেলাইছিল ?
(ক) ঘোঁৰাটোৱে
(খ) গাধটোৱে নিজে পৰিছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) ঘোঁৰাটোৱে।
৮। ঘোঁৰা ডাঙৰীয়া পাঠটো কবি কোন ?
(ক) জ্যোতিপ্ৰসাদ আগৰৱালা
(খ) মিত্ৰদেৱ মহন্ত
(গ) নৱকান্ত বৰুৱা
উত্তৰঃ (ক) জ্যোতিপ্ৰসাদ আগৰৱালা।
৯। মানুহ মোৰ চাকৰ বুলি কোনে কৈছিল ?
(ক) গাধ
(খ) ঘোঁৰা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) ঘোঁৰা।
১০। উপলুঙা অৰ্থ কি ?
(ক) ইতিকিং
(খ) ঠাট্টা
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।
১১। অহঙ্কাৰ কোনে কৰিছিল ?
(ক) ঘোঁৰা ডাঙৰীয়াই
(খ) গাধটোৱে
(গ) মটৰ গাড়ীখনে
উত্তৰঃ (ক) ঘোঁৰা ডাঙৰীয়াই।
১২। মেটমৰা শব্দৰ অৰ্থ কি ?
(ক) নিলাজ
(খ) বৰ গধুৰ
(গ) পাতল
উত্তৰঃ (খ) বৰ গধুৰ।
১৩। বলী শব্দৰ বিপৰীত অৰ্থ কি ?
(ক) শক্তিশালী
(খ) দুৰ্বল
(গ) সুখ
উত্তৰঃ (খ) দুৰ্বল।
১৪। বহ + ইছে =
(ক) বহিছে
(খ) বাইছিল
(গ) বাইছে
উত্তৰঃ (ক) বহিছে।
১৫। ঘোঁৰা ডাঙৰীয়াক কোনে এটা ব্ৰহ্ম খুন্দা মাৰিছিল ?
(ক) মটৰ গাড়ীখনে
(খ) গাধটোৱে
(গ) এটাও নহয়
উত্তৰঃ (ক) মটৰ গাড়ীখনে।
১৬। পক্ষীৰাজ মানে কি ?
(ক) কিনা গোলাম
(খ) ইন্দ্ৰৰ ৰথখন টনা ঘোঁৰাটো
(গ) বহুত বুজোৱা
উত্তৰঃ (খ) ইন্দ্ৰৰ ৰথখন টনা ঘোঁৰাটো।
১৭। গধুৰ শব্দৰ বিপৰীত অৰ্থটো কি ?
(ক) পাতল
(খ) দুৰ্বল
(গ) শাস্তি
উত্তৰঃ (ক) পাতল।
১৮। খা + ইছিল =
(ক) খাইছিল
(খ) শুনিছিল
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) খাইছিল।
১৯। খাইছে, খাব, খালোঁ এইবোৰ ক্ৰিয়াপদৰ ধাতু কি ?
(ক) চা
(খ) খা
(গ) বা
উত্তৰঃ (খ) খা।
২০। ধাতু কাক বোলে ?
(ক) ক্ৰিয়াপদৰ মূল শব্দটোক
(খ) ক্ৰিয়াপদৰ মূল প্ৰত্যয়টোক
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) ক্ৰিয়াপদৰ মূল শব্দটোক।
Type By- Subhas Nath