Chapter- 4
অণুজীৱ, সোঁচৰা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ
১। অনুজীৱ কেই প্ৰকাৰৰ?
(ক) ৪ প্ৰকাৰৰ
(খ) ২ প্ৰকাৰৰ
(গ) ৩ প্ৰকাৰৰ
উত্তৰ- (খ) ২ প্ৰকাৰৰ ।
২। অনুজীৱৰ ভিতৰত কি হৈছে ক্ষুগ্ৰতম?
(ক) বেক্টেৰিয়া
(খ) ভেঁকুৰ
(গ) ভাইৰাজ
উত্তৰ- (গ) ভাইৰাজ ।
৩। কিমান চনত হলেণ্ডৰ বিজ্ঞানী লিউৱেন হুকে পোন প্ৰথমে সৰল অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়াইছিল?
(ক) ১৬৭৭ চনত
(খ) ১৬৭৬ চনত
(গ) ১৬৭৫ চনত
উত্তৰ- (গ) ১৬৭৫ চনত ।
৪। কি নামৰ এবিধ অনুজীৱই এৱা গাখীৰক দৈত পৰিণত কৰে?
(ক) ভাইব্ৰিঅ’কলেৰি
(খ) পলিঅ’ভাইৰাজ
(গ) লেক্ট’বেছিলাছ
উত্তৰ- (গ) লেক্ট’বেছিলাছ ।
৫। কি নামৰ অনুজীৱবিধ পাউৰুটি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়?
(ক) ভাইব্ৰিঅ’কলেৰি
(খ) ইষ্ট
(গ) লেক্ট’বেছিলাছ
উত্তৰ- (খ) ইষ্ট ।
৬। উৰহী আৰু মাহজাতীয় উদ্ভিদৰ শিপাত থকা কি কি নামৰ অণুজীৱই মাটিত নাইট্ৰ’জেন জাতীয় সাৰৰ যোগান ধৰে?
(ক) ইষ্ট আৰু পলিঅ’ভাইৰাজ
(খ) লেক্ট’বেছিলাছ আৰু ভাইব্ৰিঅ’কলেৰি
(গ) ৰাইয’বিয়াম আৰু এযেট’বেক্টৰ
উত্তৰ- (গ) ৰাইয’বিয়াম আৰু এযেট’বেক্টৰ ।
৭। যিবোৰ অণুজীৱই বেমাৰৰ সৃষ্টি কৰে তাক কি বোলে?
(ক) ভাইৰাজ
(খ) বেক্টেৰিয়া
(গ) বীজাণু
উত্তৰ- (গ) বীজাণু ।
৮। কিহে আমাৰ শৰীৰত কলেৰা, টাইফ’য়েড, যক্ষ্মা আদি অনেক বেমাৰৰ সৃষ্টি কৰে
(ক) বীজাণু
(খ) ভেঁকুৰ
(গ) ভাইৰাজ
উত্তৰ- (ক) বীজাণু ।
৯। কি অণুজীৱই কমলা, নেমুটেঙা আদি পচায়?
(ক) পেনিচিলিয়াম
(খ) ৰাইয’বিয়াম
(গ) এযেট’বেক্টৰ
উত্তৰ- (ক) পেনিচিলিয়াম ।
১০। কি অণুজীৱৰ দ্বাৰা কলেৰা বেমাৰ হয়?
(ক) বেছিলাছ টাইফোছাছ
(খ) ভাইব্ৰিঅ’কলেৰি
(গ) বেছিলাছ টিটেনি
উত্তৰ- (খ) ভাইব্ৰিঅ’কলেৰি ।
Type by- Bikul Mandal