Chapter- 2
বায়ু, পানী আৰু বতৰ
১। বায়ুত থকা উপাদানবোৰৰ ভিতৰত কি বৰ দৰকাৰী?
(ক) নাইট্ৰ’জেন
(খ) অক্সিজেন
(গ) কাৰ্বন-ডাই-অক্সাইড
উত্তৰ- (খ) অক্সিজেন ।
২। কি গেছৰ পৰিমাণ বায়ুত আটাইতকৈ বেছি?
(ক) অক্সিজেন
(খ) নাইট্ৰ’জেন
(গ) কাৰ্বন-ডাই-অক্সাইড
উত্তৰ- (খ) নাইট্ৰ’জেন ।
৩। বায়ুত অক্সিজেনৰ পৰিমাণ কিমান শতকৰা?
(ক) ৭৮.০ শতকৰা
(খ) ২১.০ শতকৰা
(গ) ০.৯৭ শতকৰা
উত্তৰ- (খ) ২১.০ শতকৰা ।
৪। বায়ুত ধূলিকণা, জনীয় ভাপ আৰু অন্যান্য গেছৰ পৰিমাণ কিমান শতকৰা?
(ক) ০.০৩ শতকৰা
(খ) ০.৯৭ শতকৰা
(গ) ০.০৫ শতকৰা
উত্তৰ- (খ) ০.৯৭ শতকৰা ।
৫। মানুহৰ শৰীৰত প্ৰায় শতকৰা কিমান ভাগ পানী থাকে?
(ক) ৫০ ভাগ
(খ) ৬০ ভাগ
(গ) ৭০ ভাগ
উত্তৰ- (গ) ৭০ ভাগ ।
৬। আমাৰ দাঁতত কিমান শতাংশ পানী থাকে?
(ক) ৫ শতাংশ
(খ) ১০ শতাংশ
(গ) ২ শতাংশ
উত্তৰ- (খ) ১০ শতাংশ ।
৭। তাপ আৰু বতৰৰ অৱস্থা অনুযায়ী বছৰটোক কেইটা ঋতুত ভাগ কৰা হৈছে?
(ক) ৪ টা
(খ) ৬ টা
(গ) ৫ টা
উত্তৰ- (খ) ৬ টা ।
৮। পানী কেইটা ভাগত ভাগ কৰা হৈছে?
(ক) ২ টা
(খ) ৪ টা
(গ) ৬ টা
উত্তৰ- (ক) ২ টা ।
৯। বেৰ’মিটাৰ সহায়ত কি জোখা হয়?
(ক) বায়ুৰ চাপ
(খ) বতাহৰ দিশ
(গ) বতাহৰ বেগ
উত্তৰ- (ক) বায়ুৰ চাপ ।
১০। বায়ু নিচানৰ সহায়ত কেনে ধৰণৰ তথ্য সংগ্ৰহ কৰা হয়?
(ক) বৰষুণৰ পৰিমাণ
(খ) বতাহৰ দিশ
(গ) বতাহৰ বেগ
উত্তৰ- (খ) বতাহৰ দিশ ।
১১। এনিম’মিটাৰ সহায়ত কি জোখা হয়?
(ক) বতাহৰ বেগ
(খ) বায়ুৰ চাপ
(গ) বায়ুত থকা জলীয় ভাপৰ পৰিমাণ
উত্তৰ- (ক) বতাহৰ বেগ ।
১২। হাইগ্ৰ’মিটাৰ সহায়ত কি জোখা হয়?
(ক) বায়ুৰ চাপ
(খ) বতাহৰ দিশ
(গ) বায়ুত থকা জলীয় ভাপৰ পৰিমাণ
উত্তৰ- (গ) বায়ুত থকা জলীয় ভাপৰ পৰিমাণ ।
১৩। বৃষ্টিমান যন্ত্ৰৰ সহায়ত কি জোখা হয়?
(ক) বতাহৰ বেগ
(খ) উষ্ণতা
(গ) বৰষুণৰ পৰিমাণ
উত্তৰ- (গ) বৰষুণৰ পৰিমাণ ।
১৪। থাৰ্ম’মিটাৰ সহায়ত কি জোখা হয়?
(ক) উষ্ণতা
(খ) বৰষুণৰ পৰিমাণ
(গ) বতাহৰ দিশ
উত্তৰ- (ক) উষ্ণতা ।
১৫। বায়ুত নাইট্ৰ’জেনৰ পৰিমাণ কিমান শতকৰা?
(ক) ২১.০ শতকৰা
(খ) ৭৮.০ শতকৰা
(গ) ০.৯৭ শতকৰা
উত্তৰ- (খ) ৭৮.০ শতকৰা ।
১৬। বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান কিমান শতকৰা?
(ক) ০.০৩ শতকৰা
(খ) ০.০৮ শতকৰা
(গ) ০.৯৭ শতকৰা
উত্তৰ- (ক) ০.০৩ শতকৰা ।
১৭। প্ৰদূষিত পানী খোৱাৰ ফলত কি ৰোগ হয়?
(ক) জণ্ডিছ
(খ) জ্বৰ
(গ) এটাও নহয়
উত্তৰ- (ক) জণ্ডিছ ।
১৮। কেতিয়াবা কেতিয়াবা বতাহ জোৰেৰে বয় আৰু জোৰেৰে বলিলে তাক কি বোলে?
(ক) বতাহ
(খ) ধুমুহা
(গ) এটাও নহয়
উত্তৰ- (খ) ধুমুহা ।
১৯। যি পানীত চাবোন ঘঁহিলে সহজে ফেন নুঠে, তাক কি পানী বোলে?
(ক) খৰ পানী বা কঠিন পানী
(খ) মৃদু বা কোমল পানী
(গ) অস্থায়ী খৰ পানী
উত্তৰ- (ক) খৰ পানী বা কঠিন পানী ।
২০। কিছুমান পানী উতলালে কোমল হৈ পৰে। এইবোৰক কি পানী বুলি কোৱা হয়?
(ক) অস্থায়ী খৰ পানী
(খ) স্থায়ী খৰ পানী
(গ) খৰ পানী
উত্তৰ- (ক) অস্থায়ী খৰ পানী ।
Type by- Bikul Mandal