Chapter 14
গছে যদি খোজ কাঢ়ে
১। গছে যদি খোজ কাঢ়ে তোমাৰ কেনে লাগে ?
(ক) ভাল লাগিব
(খ) বেয়া লাগিব
(গ) গছৰ লগত থাকিব মন যাব
উত্তৰঃ (ক) ভাল লাগিব
২। আমাৰ মৰম-চেনেহবোৰ গছে কিহত বান্ধি নিব ?
(ক) শিপাত
(খ) পাতত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) পাতত
৩। গছৰ পৰা আমি কি বস্তু বনাব পাৰো ?
(ক) বেত, বিছনা, কাঠ
(খ) ঘৰ, টিভি, কেটলি
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) বেত, বিছনা, কাঠ
৪। গছ-গছনি নাথাকিলে কোনবোৰ বস্তু বাসস্থান পাবহি ?
(ক) চৰাই-চিৰিকটি
(খ) পোক-পতংগ
(গ) বনৰীয়া জন্তুবোৰ
উত্তৰঃ (গ) বনৰীয়া জন্তুবোৰ
৫। গছে যদি খোজ কাঢ়িব পাৰে তেতিয়া কাৰ বিলাই নাইকিয়া হ’ব ?
(ক) চাইকেল, গাড়ীবোৰৰ
(খ) মানুহবোৰৰ
(গ) কাম কৰি খোৱা মানুহবোৰৰ
উত্তৰঃ (ক) চাইকেল, গাড়ীবোৰৰ
৬। গছে কি কৰিলে মজা লাগিব ?
(ক) কথা কলে
(খ) খোজ কাঢ়িলে
(গ) ফল-মূল দিলে
উত্তৰঃ (খ) খোজ কাঢ়িলে
৭। হাবি এৰি গছ কাৰ লগত যাব বুলি কৈছে ?
(ক) জন্তুবিলাকৰ লগত
(খ) পাতবিলাকৰ লগত
(গ) ল’ৰা-ছোৱালীবিলাকৰ লগত
উত্তৰঃ (গ) ল’ৰা-ছোৱালীবিলাকৰ লগত
৮। সৰু-ডাঙৰ গছে মিলি কেনেদৰে যাব ?
(ক) শাৰী পাতি
(খ) গাড়ীত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) শাৰী পাতি
৯। আমাৰ লগৰীয়া কোন হ’ব বুলি কোৱা হৈছে ?
(ক) চৰাই-চিকিকটিবোৰ
(খ) জন্তুবোৰ
(গ) গছবোৰ
উত্তৰঃ (গ) গছবোৰ
১০। গছবোৰ খোজ কাঢ়িলে কোনে ৰ লাগি চাব ?
(ক) ল’ৰা বুঢ়াই
(খ) গাভৰুৱে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ল’ৰা বুঢ়াই