Chapter 12
আজৰি পৰৰ কাম
১। চন্দন আৰু প্ৰীতম কেতিয়া গাঁৱৰ ঘৰলৈ গৈছিল ?
(ক) গৰমৰ বন্ধত
(খ) ঠাণ্ডা বন্ধত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) গৰমৰ বন্ধত
২। গাঁৱত তেওঁলোকৰ কোন আছিল ?
(ক) মাহীয়েকৰ ঘৰ
(খ) মামাকৰ ঘৰ
(গ) ককাকৰ ঘৰ
উত্তৰঃ (গ) ককাকৰ ঘৰ
৩। চন্দন আৰু প্ৰীতম কাৰ লগত ককাকৰ ঘৰত গৈছিল ?
(ক) মাক-দেউতাকৰ লগত
(খ) মামা-মামীয়েকৰ লগত
(গ) মাহী-মহাকৰ লগত
উত্তৰঃ (ক) মাক-দেউতাকৰ লগত
৪। ককাকে ৰাতিপুৱা কি কৰে ?
(ক) ফুৰিবলৈ যায়
(খ) মুকলি বতাহ লয়
(গ) খোজকাঢ়ে
উত্তৰঃ (খ) মুকলি বতাহ লয়
৫। তেওঁলোকে গাঁৱৰ ঘৰলৈ কিহেৰে গৈছিল ?
(ক) ট্ৰেইনত গৈছিল
(খ) জাহাজত গৈছিল
(গ) গাড়ীত গৈছিল
উত্তৰঃ (গ) গাড়ীত গৈছিল
৬। সন্ধিয়া তেওঁলোকে ঘৰত কি কৰে ?
(ক) কথা পাতে
(খ) পঢ়া-শুনা কৰে
(গ) প্ৰাৰ্থনা কৰে
উত্তৰঃ (গ) প্ৰাৰ্থনা কৰে
৭। আজৰি সময়ত চন্দন আৰু প্ৰীতমে কাক সহায় কৰে ?
(ক) মাক-দেউতাকক
(খ) ককাক-আইতাকক
(গ) মাহী-মহাকক
উত্তৰঃ (ক) মাক-দেউতাকক
৮। সিহঁতৰ ঘৰৰ আগফাল চিকুণাই কি পাতিছে ?
(ক) গছপুলি ৰুইছে
(খ) শাকনি বাৰী
(গ) ফুলনি বাৰী
উত্তৰঃ (গ) ফুলনি বাৰী
৯। চন্দন আৰু প্ৰীতম ক’ৰলৈ আহিছে ?
(ক) গাঁৱৰ ঘৰলৈ
(খ) চহৰৰ ঘৰলৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) গাঁৱৰ ঘৰলৈ
১০। চন্দন আৰু প্ৰীতমে বন্ধৰ দিনত কেনেদৰে সময় কটাইছিল ?
(ক) নাচি
(খ) খেলি,শুই
(গ) গান গায়
উত্তৰঃ (খ) খেলি,শুই