Chapter 8
নাগৰিকত্ব
১) নাগৰিক কাক বোলে ?
উত্তৰ ঃ পুৰণিকালত নগৰত বাস কৰা লোকক নাগৰিক বোলা হয়।
২) নগৰ শব্দটোৰপৰা কি শব্দ বিকাশ ঘটিছে ?
উত্তৰ ঃ নগৰ শব্দটোৰপৰা নাগৰিক শব্দ বিকাশ ঘটিছে।
৩) নাগৰিকত্বক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ?
উত্তৰ ঃ নাগৰিকত্বক দুটা ভাগত ভাগ কৰিছে আৰু সেয়া হ’ল একক নাগৰিকত্ব আৰি দ্বি বা দ্বৈত নাগৰিকত্ব।
৪) অসমত বসবাস কৰা লোকক কি বোলা হয় ?
উত্তৰ ঃ অসমত বসবাস কৰা লোকক অসমৰ নাগৰিক বুলি কোৱা হয়।
৫) একক নাগৰিকত্ব কাক বোলে ?
উত্তৰঃ ৰাষ্ট্ৰ এখনৰ নাগৰিকে গোটেই ৰাষ্ট্ৰখনৰে নাগৰিকত্ব পালে তেনেকুৱা নাগৰিকত্বকে একক নাগৰিকত্ব বোলা হয়।
৬) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে কি নাগৰিকত্ব সুবিধা ভোগ ?
উত্তৰ ঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে দ্বৈত নাগৰিকত্ব সুবিধা ভোগ।
৭) অধিবাসী কাক বোলে ?
উত্তৰ ঃ এখন দেশত বসবাস কৰা সকলো লোকক অধিবাসী বোলা হয়।
৮) যিসকল অধিবাসী দেশখনৰ নাগৰিক নহয় তেওঁলোকক কি বোলা হয় ?
উত্তৰ ঃ যিসকল অধিবাসী দেশখনৰ নাগৰিক নহয় তেওঁলোকক বিদেশী বোলা হয় ।
৯)বিদেশীক কেইটা ভাগত ভগোৱা হয় আৰু কি কি ?
উত্তৰঃ বিদেশীক দুটা ভাগত ভগোৱা হয় আৰু সেয়া ভাগ দুটা হ’ল বৈধ বিদেশী আৰু অবৈধ বিদেশী ।
১০) গণতন্ত্ৰৰ প্ৰধান উপাদান কি ?
উত্তৰ ঃ গণতন্ত্ৰৰ প্ৰধান উপাদান হ’ল জনসাধাৰণ।
১১) নাগৰিকত্ব বিলুপ্তিৰ কাৰণসমূহ কেইটা ভাগত বিবেচনা কৰিব পাৰি আৰু কি কি ?
উত্তৰ ঃ নাগৰিকত্ব বিলুপ্তিৰ কাৰণসমূহ দুটা ভাগত বিবেচনা কৰিব পাৰি আৰু ভাগ দুটা হ’ল ইতিবাচক আৰু নেতিবাচক।
১২) জন্মগত নাগৰিক কাক বোলে ?
উত্তৰ ঃ প্ৰতিটো শিশুৱে যি দেশত জন্মগ্ৰহণ কৰে শিশুটোৱে সেই ৰাষ্ট্ৰখনৰ নাগৰি কত্ব লাভ কৰে এনে ধৰণে নাগৰিকত্ব লাভ কৰা নাগৰিকক জন্মগত নাগৰিক বোলা হয়।
১৩) অসম ভাৰতৰ এখন অংগ কি ?
উত্তৰ ঃ অসম ভাৰতৰ এখন অংগ হ’ল ৰাজ্য ।
১৪) সকলো অধিবাসীয়ে দেশখনৰ নাগৰিক হব পাৰেনে?
উত্তৰ ঃসকলো অধিবাসীয়ে দেশখনৰ নাগৰিক নহব পাৰেনে।
১৫) নাগৰিক আৰু বিদেশী দুয়ো শ্ৰেণীৰ লোকে ক’ত বাস কৰে ?
উত্তৰ ঃ নাগৰিক আৰু বিদেশী দুয়ো শ্ৰেণীৰ লোকে ৰাষ্ট্ৰত বাস কৰে।