Chapter 6
ৰাজনীতি বিজ্ঞানৰ ধাৰণা
১) ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?
উত্তৰ ঃ ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ’ল Political Science।
২)Politics শব্দটো গ্ৰিক ভাষাৰ শব্দ কিহৰ পৰা লোৱা হৈছিল ?
উত্তৰ ঃ Politics শব্দটো গ্ৰিক ভাষাৰ শব্দ ‘পলিছ’ৰ পৰা লোৱা হৈছিল।
৩) পলিছ শব্দৰ অৰ্থ কি ?
উত্তৰ ঃ পলিছ শব্দৰ অৰ্থ হ’ল নগৰ বা ৰাষ্ট্ৰ।
৪) ৰাজনীতি বিজ্ঞানৰ তত্ত্ববিদ কোনে পোনপ্ৰথমে ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰিছিল ?
উত্তৰ ঃৰাজনীতি বিজ্ঞানৰ তত্ত্ববিদ এৰিষ্ট’টলে পোনপ্ৰথমে ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰিছিল।
৫) ৰাষ্ট্ৰ সম্পৰ্কে এৰিষ্ট’টলে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ ৰাষ্ট্ৰ সম্পৰ্কে এৰিষ্ট’টলে ৰচনা কৰা গ্ৰন্থখনৰ নাম হ’ল ৰাজনীতি।
৬) গ্ৰিক ভাষাৰ পলিছ শব্দটোৰপৰা লেটিন ভাষাৰ কি শব্দ সৃষ্টি হৈছে ?
উত্তৰঃ গ্ৰিক ভাষাৰ পলিছ শব্দটোৰপৰা লেটিন ভাষাৰ পলিটিকাচ শব্দ সৃষ্টি হৈছে।
৭) পলিটিকাচৰপৰা ইংৰাজী ভাষাৰ কি শব্দৰ সৃষ্টি হৈছে ?
উত্তৰ ঃ পলিটিকাচৰপৰা ইংৰাজী ভাষাৰ পলিটিক্স শব্দৰ সৃষ্টি হৈছে।
৮) ৰাজন্ মানে কি ?
উত্তৰ ঃ ৰাজন্ মানে হ’ল ৰজা ।
৯) কৌটিল্যক আৰু কি নামেৰে জনা যায়?
উত্তৰ ঃ কৌটিল্যক আৰু চাণক্য নামেৰে জনা যায়।
১০) ষষ্ঠদশ শতিকাত ফৰাচী ৰাজনীতিবিদ কোনে ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল?
উত্তৰ ঃ ষষ্ঠদশ শতিকাত ফৰাচী ৰাজনীতিবিদ জ্যা বঁদাই ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল।
১১) প্লেট’ৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি ?
উত্তৰ ঃ প্লেট’ৰ বিখ্যাত গ্ৰন্থখনৰ নাম হ’ল দ্য লজ।
১২) কলা মানে কি ?
উত্তৰ ঃবিজ্ঞানে দিয়া সিন্ধান্ত কাৰ্যকৰী কৰা প্ৰক্ৰিয়াটোকেই কলা বোলা হয় ?
১৩)কাৰ মতে মানুহ কেৱল সামাজিক প্ৰাণীয়েই নহয়, ৰাজনৈতিক প্ৰাণীও ?
উত্তৰ ঃগ্ৰিক দাৰ্শনিক এৰিষ্ট’টলৰ মতে মানুহ কেৱল সামাজিক প্ৰাণীয়েই নহয়, ৰাজনৈতিক প্ৰাণীও।
১৪)ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি ?
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু হ’ল মানুহ।
১৫) কাৰ মতে ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে ?
উত্তৰঃ বাৰ্ণাড শ্ব’ৰ মতে ৰাজনীতি বিজ্ঞানেহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰে।