Chapter 16
অক্ষাংশ আৰু দ্ৰাঘিমাংশ
১) মেৰুদণ্ড মানে কি ?
উত্তৰ ঃ গোলকৰ পৃথিৱীখনৰ সোঁমাজেৰে উত্তৰৰপৰা দক্ষিণলৈ এডাল ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাদালক পৃথিৱীৰ মেৰুদণ্ড বোলে।
২) লণ্ডনৰ ওপৰেৰে যোৱা ৰেখা ডালক কি নামেৰে নামাকৰণ কৰা হৈছে ?
উত্তৰ ঃ লণ্ডনৰ ওপৰেৰে যোৱা ৰেখা ডালক মুখ্য দ্ৰাঘিমা ৰেখা নামেৰে নামাকৰণ কৰা হৈছে।
৩) অক্ষৰেখা কাক বোলে ?
উত্তৰ ঃ বিষুৱৰেখাৰ সমান্তৰালকৈ পূবা-পশ্চিমাকৈ কিছুমান ৰেখা উত্তৰলৈ আৰু দক্ষিণলৈ কল্পনা কৰা হৈছে । এই ৰেখাবোৰক অক্ষৰেখা বোলে।
৪) অক্ষৰেখাৰ মান কিমান লৈকে আছে ?
উত্তৰ ঃ অক্ষৰেখাৰ মান 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী……….90 ডিগ্ৰী লৈকে আছে ।
৫) দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ গড় দূৰত্ব কিমান ?
উত্তৰ ঃ দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ গড় দূৰত্ব প্ৰায়111 কিমি.।
৬) চছ কি ৰেখা ?
উত্তৰ ঃ চছ বিষুৱ ৰেখা।
৭) কি যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰ্ণয় কৰিব পাৰি ?
উত্তৰ ঃ GPSৰ যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰ্ণয় কৰিব পাৰি ।
৮) কি নামৰ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অক্ষাংশ নিৰ্ণয় কৰা হয় ?
উত্তৰ ঃ হেডলিজ অক্টান্ট নামৰ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অক্ষাংশ নিৰ্ণয় কৰা হয়।
৯) কি ৰেখাই পৃথিৱীখনক দুভাগ কৰিছে ?
উত্তৰ ঃ নিৰক্ষৰেখাই পৃথিৱীখনক দুভাগ কৰিছে।
১০) অক্ষৰেখাৰ মান কিমানলৈ আছে ?
উত্তৰ ঃ অক্ষৰেখাৰ মান কিমান 90 লৈ আছে ।
১১) কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলন পটা হৈছিল ?
উত্তৰ ঃ 1884 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলন পটা হৈছিল।
১২) কৰ্কটক্ৰান্তি পৰা মকৰক্ৰান্তি মণ্ডলটোক কি বোলা হয় ?
উত্তৰ ঃ কৰ্কটক্ৰান্তি পৰা মকৰক্ৰান্তি মণ্ডলটোক উষ্ণ মণ্ডল বোলা হয়।
১৩) ০ ডিগ্ৰী আৰু ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰেখা মিলি কিহৰ সৃষ্টি কৰিছিল ?
উত্তৰ ঃ ০ ডিগ্ৰী আৰু ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰেখা মিলি বৃত্ত সৃষ্টি কৰিছিল।
১৪) অক্ষাংশ নিৰ্ণয় কৰিবলৈ হ’লে কিহৰ প্ৰয়োজন ?
উত্তৰ ঃ অক্ষাংশ নিৰ্ণয় কৰিবলৈ হ’লে কোণিক প্ৰয়োজন।
১৫) দ্ৰাঘিমাৰেখা ০ ডিগ্ৰীৰ পৰা পূবলৈ কিমান ডাল ৰেখা থাকে ?
উত্তৰ ঃ দ্ৰাঘিমাৰেখা ০ ডিগ্ৰীৰ পৰা পূবলৈ 180 ডাল ৰেখা থাকে।
১৬) উত্তৰ মেৰুত ধ্ৰুবতৰাই মূৰৰ ওপৰত কিমান কোণ কৰি থাকে ?
উত্তৰ ঃ উত্তৰ মেৰুত ধ্ৰুবতৰাই মূৰৰ ওপৰত 90 ডিগ্ৰী কোণ কৰি থাকে।