Chapter 12
ভাৰতবৰ্ষ – চমু ভৌগলিক পৰিচয়
১) পৃথিৱীৰ সপ্তম বৃহত ৰাষ্ট্ৰ কোনখন ?
উত্তৰ ঃ পৃথিৱীৰ সপ্তম বৃহত ৰাষ্ট্ৰখনৰ নাম হ’ল এছিয়া ।
২) ভাৰতবৰ্ষৰ আকৃতি কিহৰ দৰে ?
উত্তৰ ঃ ভাৰতবৰ্ষৰ আকৃতি ত্ৰিভূজৰ দৰে ।
৩) ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান কিল’মিটাৰ ?
উত্তৰঃ ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য হৈছে 6,100 কিল’মিটাৰ।
৪) ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি ?
উত্তৰঃ ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক পাঁচোটা ভাগত বিভক্ত কৰা হৈছে আৰু ভাগকেইটা হ’ল — উত্তৰৰ পাবৰ্ত্য অঞ্চল, উত্তৰৰ বিশাল সমভূমি অঞ্চল , দক্ষিণাত্যৰ মালভূমি অঞ্চল, উপকূলীয় সমভূমি আৰু দ্বীপীয় অঞ্চল।
৫)ভাৰতবৰ্ষৰ উত্তৰ অংশ কিহে আৱৰি আছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ অংশ সুউচ্চ পৰ্বতমালাই আৱৰি আছে ।
৬) হিমানয় পৰ্বতমালা কি পৰ্বতমানা ?
উত্তৰ ঃ হিমানয় পৰ্বতমালা ভংগিল পৰ্বতমালা ।
৭) উচ্চ হিমালয় শ্ৰেণীটোৰ উচ্চতা গড়ে কিমান মিটাৰ ?
উত্তৰ ঃ উচ্চ হিমালয় শ্ৰেণীটোৰ উচ্চতা গড়ে 6,000 মিটাৰ।
৮) উচ্চ হিমানয়ৰ দক্ষিণত থকা নিম্ন হিমানয় পৰ্বত শ্ৰেণীটোৰ উচ্চতা গড়ে কিমান মিটাৰ ?
উত্তৰ ঃ উচ্চ হিমানয়ৰ দক্ষিণত থকা নিম্ন হিমানয় পৰ্বত শ্ৰেণীটোৰ উচ্চতা গড়ে 2000 মিটাৰ।
৯) উচ্চ হিমানয়ৰ দক্ষিণত থকা পৰ্বত শাৰীটোক কি বুলি কোৱা হয় ?
উত্তৰ ঃ উচ্চ হিমানয়ৰ দক্ষিণত থকা পৰ্বত শাৰীটোক বহিঃবিমানয় বা শিৱালিক বুলি কোৱা হয় ।
১০) ভাৰতৰ সৰ্বমুঠ চাহ উতপাদনৰ কিমান শতাংশ অসমে উতপাদন কৰে ?
উত্তৰ ঃ ভাৰতৰ সৰ্বমুঠ চাহ উতপাদনৰ 50 শতাংশ অসমে উতপাদন কৰে।
১১) ভাৰতবৰ্ষৰ প্ৰধান খাদ্যশস্য কি ?
উত্তৰ ঃ ভাৰতবৰ্ষৰ প্ৰধান খাদ্যশস্য হৈছে ধান আৰু ঘেহুঁ।
১২) পৃথিৱীৰ ভিতৰত ধান উতপাদনত কোনখন দেশৰ স্থান প্ৰথম ?
উত্তৰ ঃ পৃথিৱীৰ ভিতৰত ধান উতপাদনত চীন দেশৰ স্থান প্ৰথম।
১৩) জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ কি ?
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হৈছে প্ৰব্ৰজন।
১৪) 1901 চনত ভাৰতবৰ্ষৰ জনসংখ্যা কিমান আছিল ?
উত্তৰ ঃ 1901 চনত ভাৰতবৰ্ষৰ জনসংখ্যা 23.8 কোটি আছিল।
১৫) তৃণজাতীয় উদ্ভিদ ক’ত পোৱা যায় ?
উত্তৰ ঃ বছৰি প্ৰায় 50ৰপৰা 100 ছেমি. বৰষুণহোৱা অঞ্চলসমূহত তৃণজাতীয় উদ্ভিদ পোৱা যায়।
১৬) ব-দ্বীপীয় উদ্ভিদ কত পোৱা যায় ?
উত্তৰ ঃ সমুদ্ৰৰ পাৰৰ ব-দ্বীপ অঞ্চলত এই প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।
১৭) চিৰসেউজীয়া উদ্ভিদ কত পোৱা যায় ?
উত্তৰঃ বছৰি 20 ছেমি.তকৈ অধিক বৰষুণ আৰু গড়ে 25 ডিগ্ৰি ছেলছিয়াছ উত্তাপ থকা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় ।
১৮) ভাৰতত কি কালত মৌচুমী বতাহ বলে ?
উত্তৰঃ ভাৰতত গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে।
১৯) দক্ষিণ-পশ্চিম মৌচুমী বতাহ কি সাগৰৰ ওপৰেদি বৈ আহি ভাৰতত প্ৰৱেশ কৰে ?
উত্তৰ ঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি বৈ আহি ভাৰতত প্ৰৱেশ কৰে ।
২০)ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত দ্বীপসমূহ কেইটা গোট বা দ্বীপপুঞ্জত বিভক্ত আৰু কি কি ?
উত্তৰ ঃ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত দ্বীপসমূহ দুটা গোট বা দ্বীপপুঞ্জত বিভক্ত আৰু সেয়া হ’ল এটা আৰৱ সাগৰত আৰু আনটো বংগোপসাগৰত অৱস্থিত ।