Chapter 9
আমাৰ ৰাষ্ট্ৰীয় সংহতি
১। ৰাষ্ট্ৰীয় সংহতি কাক বোলে ?
উত্তৰঃ এখন ৰাষ্ট্ৰৰ সকলোবোৰ লোক জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ পাৰ্থক্য় পাহৰি একতাৰ বান্ধোনেৰে বান্ধ খাই থকাকে ৰাষ্ট্ৰীৰ সংহতি বোলে ।
২। ৰাষ্ট্ৰীয় অখণ্ডতাৰ বাবে কি প্ৰথম প্ৰয়োজন ?
উত্তৰঃ ৰাষ্ট্ৰীয় অখণ্ডতাৰ বাবে ৰাষ্ট্ৰীয় সংহতি প্ৰথম প্ৰয়োজন ।
৩। ভাৰতবৰ্ষত বৰ্তমান কিমান খন ৰাজ্য় আছে ?
উত্তৰঃ ভাৰতবৰ্ষত বৰ্তমান ২৯ খন ৰাজ্য় আছে ।
৪। ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য় কি ?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য় হ’ল বিভিন্নতাৰ মাজত ঐক্য় ।
৫। ভাৰতৰ সংবিধান স্বীকৃত ভাষাৰ সংখ্য়া কেইটা ?
উত্তৰঃ ভাৰতৰ সংবিধান স্বীকৃত ভাষাৰ সংখ্য়া ২২টা ।
৬। ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি ?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী ।
৭। পঞ্জাৱৰ প্ৰধান খাদ্য় কি ?
উত্তৰঃ পঞ্জাৱৰ প্ৰধান খাদ্য় ৰুটী ।
৮। কি কি ৰাজ্য়ত ঘেঁহু প্ৰচুৰ পৰিমানে হয় ?
উত্তৰঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্য়ত ঘেঁহু প্ৰচুৰ পৰিমানে হয় ।
৯। উৰিষ্য়া প্ৰধান খাদ্য় কি ?
উত্তৰঃ উৰিষ্য়া প্ৰধান খাদ্য় ভাত ।
১০। কোন কোন ৰাজ্য়ত ধান প্ৰচুৰ পৰিমানে হয় ?
উত্তৰঃ উৰিষ্য়া, পশ্চিম বংগ, অসম আদি ৰাজ্য়ত ধান প্ৰচুৰ পৰিমানে হয় ।
১১। দক্ষিণ ভাৰতত কি কি ব্য়ৱহাৰ বেছিকৈ কৰা হয় ?
উত্তৰঃ দক্ষিণ ভাৰতত নাৰিকল তেল আৰু কফিৰ ব্য়ৱহাৰ বেছিকৈ কৰা হয় ।
১২। অসমত কি কি জনজাতিৰ সাজ-পাৰ বেলেগ বেলেগ ?
উত্তৰঃ অসমত বড়ো, মিছিং, কাৰ্বি আদি জনজাতিৰ সাজ-পাৰ বেলেগ বেলেগ ।
১৩। ভাৰতবৰ্ষ বিভিন্ন ধৰ্মৰ কি ভূমি ?
উত্তৰঃ ভাৰতবৰ্ষ বিভিন্ন ধৰ্মৰ মিলনভূমি ।
১৪। ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰীয় পতকাখনত ৰং কেইটা ?
উত্তৰঃ ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰীয় পতকাখনত ৰং তিনিটা ।
১৫। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনত তিনিটা ৰং কি কি ?
উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ তিনিতা ৰং হৈছে গেৰুৱা, বগা আৰু সেউজীয়া ।
১৬। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ গেৰুৱা ৰংটো কিহৰ প্ৰতীক ?
উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ গেৰুৱা ৰংটো সাহস আৰু ত্য়াগৰ প্ৰতীক।
১৭। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ বগা ৰংটো কিহৰ প্ৰতীক ?
উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ বগা ৰংটো সত্য়, শান্তি আৰু পৱিত্ৰতাৰ প্ৰতীক ।
১৮। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ সেউজীয়া ৰংটো কিহৰ প্ৰতীক ?
উত্তৰঃ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতকাখনৰ সেউজীয়া ৰংটো শস্য়-শ্য়ামনা সেউজীয়া ভাৰতৰ প্ৰতীক ।
১৯। ৰাষ্ট্ৰীয় পতাকাৰ জোখ কিমান ?
উত্তৰঃ ৰাষ্ট্ৰীয় পতাকাৰ জোখ হ’ল দীঘ প্ৰস্থৰ ডেৰগুণ ।
২০। ৰাষ্ট্ৰীয় সংগীতটো কিমান ছেকেণ্ডত গাই শেষ কৰিব লাগে ?
উত্তৰঃ ৰাষ্ট্ৰীয় সংগীতটো ৫২ ছেকেণ্ডত গাই শেষ কৰিব লাগে ।