Chapter 6
দক্ষিণ ভাৰত চালুক্য, পল্লৱ, চোলৰ ৰাজ্য আৰু ৰাজত্বকাল
১। দক্ষিণ ভাৰতত অতি সফলতাৰে শাসন কৰা চালুক্য় বংশৰ কেইবাটাও শাখা আছিল সেই শাখা কেইটাৰ নাম কি কি ?
উত্তৰঃ সেই শাখা কেইটাৰ নাম হ’ল বাতাপীৰ চালুক্য়, কল্য়াণীৰ চালুক্য় আৰু ভেংগিৰ চালুক্য় ।
২। প্ৰথম পুলকেশীৰ দিনত কি ৰাজবংশটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল ?
উত্তৰঃ প্ৰথম পুলকেশীৰ দিনত বাতাপীৰ চালুক্য় ৰাজবংশৰটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল ।
৩। প্ৰথম পুলকেশীয়ে কিমানৰ পৰা কিমান খ্ৰী.লৈকে ৰাজত্ব কৰিছিল ?
উত্তৰঃ প্ৰথম পুলকেশীয়ে ৫৩৫-৫৬৬ খ্ৰী.লৈকে ৰাজত্ব কৰিছিল ।
৪। প্ৰথম পুলকেশীয়ে লোৱা উপাধিকেইটা কি কি ?
উত্তৰঃ প্ৰথম পুলকেশীয়ে লোৱা উপাধিকেইটা হ’ল ৰণবিক্ৰম, শ্ৰীপৃথিৱীবল্লভ ।
৫। প্ৰথম পুলকেশীৰ পুত্ৰ কীৰ্তিবৰ্মনে ৰজা হৈ কি কি উপাধি গ্ৰহণ কৰিছিল ?
উত্তৰঃ প্ৰথম পুলকেশীৰ পুত্ৰ কীৰ্তিবৰ্মনে ৰজা হৈ সত্য়াশ্ৰয়, পুৰু-ৰাণাপৰাক্ৰম আৰু বল্লভ আদি উপাধি গ্ৰহণ কৰিছিল ।
৬। প্ৰথম কীৰ্তিবৰ্মনে কি কি ৰাজ্য় জয় কৰিছিল ?
উত্তৰঃ প্ৰথম কীৰ্তিবৰ্মনে অংগ, কলিংগ, মগধ, কেৰেলা, পাণ্ড্য় আদি ৰাজ্য় জয় কৰিছিল ।
৭। প্ৰথম কীৰ্তিবৰ্মনৰ পাছত কোন ৰজা হৈছিল ?
উত্তৰঃ প্ৰথম কীৰ্তিবৰ্মনৰ পাছত তেওঁৰ ভাতৃ মংগলেশ ৰজা হৈছিল ।
৮। দ্বিতীয় পুলকেশীয়ে কিমান খ্ৰী. পৰা কিমান খ্ৰী.লৈকে ৰাজত্ব কৰিছিল ?
উত্তৰঃ দ্বিতীয় পুলকেশীয়ে ৬১০খ্ৰী. -৬৪২ খ্ৰী. লৈকে ৰাজত্ব কৰিছিল ।
৯। চালুক্য়সকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?
উত্তৰঃ চালুক্য়সকলৰ শ্ৰেষ্ঠ ৰজা আছিল দ্বিতীয় পুলকেশী ।
১০। দ্বিতীয় পুলকেশীক কি নামেৰে জনা গৈছিল ?
উত্তৰঃ দ্বিতীয় পুলকেশীক পৃথিৱীবল্লভ, পৰমেশ্বৰ, পৰম ভাগৱত নামেৰে জনা গৈছিল ।
১১। দ্বিতীয় পুলকেশী এজন কি ৰজা আছিল ?
উত্তৰঃ দ্বিতীয় পুলকেশী এজন দ্বিগ্বীজয়ী ৰজা আছিল ।
১২। পল্লৱ ৰাজবংশৰ ৰজা নাম কি আছিল ?
উত্তৰঃ পল্লব ৰাজবংশৰ ৰজা নাম প্ৰথম মহেন্দ্ৰবৰ্মন আছিল ।
১৩। কল্য়াণীৰ চালুক্য়সকলৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল ?
উত্তৰঃ কল্য়াণীৰ চালুক্য়সকলৰ প্ৰতিষ্ঠাপক ৰজা আছিল তালিয়া বা দ্বিতীয় তালিয়াপা ।
১৫। তালিয়া বা দ্বিতীয় তালিয়াপা কি কি উপাধি লৈছিল ?
উত্তৰঃ তালিয়া বা দ্বিতীয় তালিয়াপা মহাৰাজাধিৰাজ, পৰমেশ্বৰ, চক্ৰৱতী আদি উপাধি লৈছিল ।
১৬। কল্য়াণীৰ চালুক্য়ৰ বিখ্য়াত ৰজাকেইজনৰ নাম কি ?
উত্তৰঃ কল্য়াণীৰ চলুক্য়ৰ বিখ্য়াত ৰজাকেইজনৰ নাম হৈছে প্ৰথম সোমেশ্বৰ, বিক্ৰমাদিত্য় ইত্য়াদি ।
১৭। ভেংগিৰ চালুক্য়ৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল ?
উত্তৰঃ ভেংগিৰ চালুক্য়ৰ প্ৰতিষ্ঠাপক ৰজা আছিল বিষ্ণুবৰ্দ্ধন ।
১৮। পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?
উত্তৰঃ পল্লৱসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল প্ৰথম নৰসিংহবৰ্মন ।
১৯। চোলসকলৰ অন্তিম ৰজা কোন আছিল ?
উত্তৰঃ তৃতীয় ৰাজেন্দ্ৰ চোলসকলৰ অন্তিম ৰজা আছিল ।
২০। চোলসকলৰ শাসন ব্য়ৱস্থা কি আছিল ?
উত্তৰঃ চোলসকলৰ শাসন ব্য়ৱস্থা ৰাজতান্ত্ৰিক আছিল ।