Chapter 5
সম্ৰাট হৰ্ষবৰ্দ্ধন
১। কনৌজ আৰু থানেশ্বৰৰ ৰাজপৰিয়ালৰ মাজত কি সম্পৰ্ক স্থাপিত হৈছিল ?
উত্তৰঃ কনৌজ আৰু থানেশ্বৰৰ ৰাজপৰিয়ালৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপিত হৈছিল ।
২। থানেশ্বৰৰ ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ থানেশ্বৰৰ ৰজাজনৰ নাম প্ৰভাকৰবৰ্দ্ধন আছিল ।
৩। কনৌজৰ মৌখাৰী বংশৰ ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ কনৌজৰ মৌখাৰী বংশৰ ৰজাজনৰ নাম গ্ৰহবৰ্মন আছিল ।
৪। কনৌজৰ মৌখাৰী বংশৰ ৰজা গ্ৰহবৰ্মনে কাক বিয়া কৰিছিল ?
উত্তৰঃ কনৌজৰ মৌখাৰী বংশৰ ৰজা গ্ৰহবৰ্মনে থানেশ্বৰৰ ৰজা প্ৰভাকৰবৰ্দ্ধনৰ জীয়েক ৰাজ্য়শ্ৰীক বিয়া কৰিছিল ।
৫। গুপ্ত সাম্ৰাজ্য়ৰ পতনৰ পাছত কেইখন উল্লেখযোগ্য় ৰাজ্য়ই মূৰ দাঙি উঠিছিল ?
উত্তৰঃ গুপ্ত সাম্ৰাজ্য়ৰ পতনৰ পাছত দুখন উল্লেখযোগ্য় ৰাজ্য়ই মূৰ দাঙি উঠিছিল ।
৬। গুপ্ত সাম্ৰাজ্য়ৰ পতনৰ পাছত মূৰ দাঙি উঠা ৰাজ্য় দুখনৰ নাম কি ?
উত্তৰঃ ৰাজ্য় দুখনৰ নাম হ’ল থানেশ্বৰ ৰাজ্য় আৰু কনৌজ ৰাজ্য় ।
৭। খ্ৰিষ্টীয় কিমানত প্ৰভাকৰবৰ্দ্ধনে থানেশ্বৰত পুষ্য়ভূতি বংশ প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰঃ খ্ৰিষ্টীয় ৫৮০ত প্ৰভাকৰবৰ্দ্ধনে থানেশ্বৰত পুষ্য়ভূতি বংশ প্ৰতিষ্ঠা কৰিছিল ।
৮। কোনে কনৌজত ৰাজধানী পাতিছিল ?
উত্তৰঃ হৰ্ষবৰ্দ্ধনে কনৌজত ৰাজধানী পাতিছিল ।
৯। হৰ্ষবৰ্দ্ধনে সিংহাসনত আৰোহণ কৰিয়ে কি উপাধি লৈছিল ?
উত্তৰঃ হৰ্ষবৰ্দ্ধনে সিংহাসনত আৰোহণ কৰিয়ে ৰাজপুত্ৰ শিলাদিত্য় উপাধি লৈছিল ।
১০। উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ৰাট কোন আছিল ?
উত্তৰঃ উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ৰাট হৰ্ষবৰ্দ্ধন আছিল ।
১১। কাদম্বৰী, হৰ্ষচৰিত পুথিসমূহ কোনে ৰচনা কৰিছিল ?
উত্তৰঃ কাদম্বৰী, হৰ্ষচৰিত পুথিসমূহ বাণভট্টৰে ৰচনা কৰিছিল ।
১২। কিমান বছৰ বয়সত হৰ্ষবৰ্দ্ধনে সিংহাসনত উঠে ?
উত্তৰঃ ১৬ বছৰ বয়সত হৰ্ষবৰ্দ্ধনে সিংহাসনত উঠে ।
১৩। কনৌজৰ ৰাজধানী খনৰ নাম কি আছিল ?
উত্তৰঃ কনৌজৰ ৰাজধানী খনৰ নাম স্থানান্তৰিত আছিল ।
১৪। হৰ্ষবৰ্দ্ধনৰ বিষয়ে জনাত সহায় কৰা কেইখনমান উল্লেখযোগ্য় লিপি নাম কি ?
উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ বিষয়ে জনাত সহায় কৰা কেইখনমান উল্লেখযোগ্য় লিপি নাম হ’ল বাঁশখেৰা তামৰ ফলি, দ্বিতীয় পুলকেশীৰ আইহোল লিপি প্ৰধান ।
১৫। ভাস্কৰবৰ্মনে কাৰ হাতত বিভিন্ন উপহাৰ পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল ?
উত্তৰঃ ভাস্কৰবৰ্মনে হংসবেগ নাম কটকী এজনৰ হাতত বিভিন্ন উপহাৰ পঠিয়াই হৰ্ষবৰ্দ্ধনৰ লগত মিত্ৰতা কৰিছিল ।
১৬। কি ৰাজ্য় হৰ্ষবৰ্দ্ধন আৰু ভাস্কৰবৰ্মনৰ মাজত ভাগ হৈছিল ?
উত্তৰঃ শশাংকৰ ৰাজ্য় হৰ্ষবৰ্দ্ধন আৰু ভাস্কৰবৰ্মনৰ মাজত ভাগ হৈছিল ।
১৭। বল্লভী ৰাজ্য়ৰ ৰজা কোন আছিল ?
উত্তৰঃ বল্লভী ৰাজ্য়ৰ ৰজা ধ্ৰুৱসেনা আছিল ।
১৮। হৰ্ষবৰ্দ্ধনে কি অভিযান চলাইছিল ?
উত্তৰঃ হৰ্ষবৰ্দ্ধনে তুষাৰ শৈল্য় অভিযান চলাইছিল ।
১৯। হৰ্ষবৰ্দ্ধনে কি কি আক্ৰমণ কৰিছিল ?
উত্তৰঃ হৰ্ষবৰ্দ্ধনে নেপাল আৰু কাশ্মীৰো আক্ৰমণ কৰিছিল ।
২০। হৰ্ষবৰ্দ্ধনৰ দিনত ৰাইজক কেইটা ভাগত ভগোৱা হৈছিল ?
উত্তৰঃ হৰ্ষবৰ্দ্ধনৰ দিনত ৰাইজক দুটা ভাগত ভগোৱা হৈছিল ।