Chapter 18
আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি
১। বতৰ কাক বোলে ?
উত্তৰঃ এটা নিৰ্দিষ্ট অঞ্চলত এক নিৰ্দিষ্ট সময়ত সূৰ্য্য়ৰ তাপ, চাপ, বৰষুণ, বতাহ আদিয়ে যি এক সাময়িক পৰিবেশৰ সৃষ্টি কৰে তাকে অঞ্চলটোৰ বতৰ বোলে ।
২। জলবায়ু কাক বোলে ?
উত্তৰঃ কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্য়াদী পৰিবেশকে ঠাইখনৰ জলবায়ু বোলে ।
৩। অসম এখন কি প্ৰধান ৰাজ্য় ?
উত্তৰঃ অসম এখন কৃষি প্ৰধান ৰাজ্য় ।
৪। সাধাৰণতে ঋতু কেইটা ?
উত্তৰঃ সাধাৰণতে ঋতু ছটা ।
৫। সাধাৰণতে ছটা ঋতুৰ নাম কি ?
উত্তৰঃ সাধাৰণতে ছটা ঋতুৰ নাম হ’ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত ।
৬। অসমৰ কিমান শতাংশ লোকে কৃষিৰ লগত জড়িত ?
উত্তৰঃ অসমৰ ৭০ শতাংশ লোকে কৃষিৰ লগত জড়িত ।
৭। বতৰ আৰু জলবায়ু একে হয়নে ?
উত্তৰঃ বতৰ আৰু জলবায়ু একে নহয় ।
৮। জলবায়ু পৰিৱৰ্তন কি ?
উত্তৰঃ জলবায়ু পৰিৱৰ্তন সীমিত ।
৯। কিহৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান খেতি-বাতি হয় ?
উত্তৰঃ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান খেতি-বাতি হয় ।
১০। অসমত লাহে লাহে বৰষুণৰ পৰিমাণ কি হয় অহা দেখা গৈছে ?
উত্তৰঃ অসমত লাহে লাহে বৰষুণৰ পৰিমাণ কমি অহা দেখা গৈছে ।
১১। অসমত প্ৰধানকৈ কি খেতি হয় ?
উত্তৰঃ অসমত প্ৰধানকৈ ধান খেতি হয় ।
১২। অসমত কি কি ধানৰ খেতি হয় ?
উত্তৰঃ অসমত আহু আৰু শালি ধানৰ উপৰিও বৰো ধান খেতিও হয় ।
১৩। অসমৰ কিহৰ বাবে ধানখেতি উপযোগী হয় ?
উত্তৰঃ অসমৰ জলবায়ু বাবে ধানখেতি উপযোগী হয় ।
১৪। ধানৰ পিছত অসমত কি কি উৎপন্ন হয় ?
উত্তৰঃ ধানৰ পিছত অসমত মাকৈ, গোমধান, বিভিন্ন শাক-পাচলি, ফল-মূল আদি উৎপন্ন হয় ।
১৫। কৃষিৰ ক্ষেত্ৰত উন্নত কিহৰ অভাৱ ?
উত্তৰঃ কৃষিৰ ক্ষেত্ৰত উন্নত সা-সঁজুলিৰ অভাৱ ।
১৬। কিহৰ অনুসৰি সাধাৰণতে বতৰৰ পৰিৱৰ্তন হয় ?
উত্তৰঃ ঋতু অনুসৰি সাধাৰণতে বতৰৰ পৰিৱৰ্তন হয় ।
১৭। অসমখন কিহৰ ক্ষেত্ৰত বহুত পিছপৰি আছে ?
উত্তৰঃ অসমখন কৃষিৰ ক্ষেত্ৰত বহুত পিছপৰি আছে ।
১৮। নদ-নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহে স্বয়ংক্ৰিয়ভাৱেই কিহৰ লগত জড়িত হৈ পৰা দেখা যায় ?
উত্তৰঃ কৃষিৰ লগত জড়িত হৈ পৰা দেখা যায় ।
১৯। অসমত সঘনে কিহৰ পৰিৱৰ্তন হৈছে ?
উত্তৰঃ অসমত সঘনে বতৰৰ পৰিৱৰ্তন হৈছে ।
২০। কি বতৰে কৃষি পথাৰৰ অৱস্থা দুখলগা কৰে ?
উত্তৰঃ খৰাং বতৰে পথাৰৰ অৱস্থা দুখলগা কৰে ।