Chapter 17
আঞ্চলিক ভূগোল অসম
১। আঞ্চলিক ভূগোল কাক বোলে ?
উত্তৰঃ ভূগোলৰ যিটো শাখাই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভূগোল সম্বন্ধীয় সকলো কথা প্ৰণালীবদ্ধভাৱে অধ্য়য়ন কৰে তাকে আঞ্চলিক ভূগোল বোলে ।
২। অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি ?
উত্তৰঃ অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম হ’ল ভূটান আৰু বাংলাদেশ ।
৩। অসম ভাৰতৰ ক’ত অৱস্থিত ৰাজ্য় ?
উত্তৰঃ অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্য় ।
৪। অসমৰ মুঠ মাটিকালি কিমান বৰ্গ কিমি. ?
উত্তৰঃ অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিমি. ।
৫। ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন কেইখন ৰাজ্য় আছে ?
উত্তৰঃ ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য় আছে ।
৬। ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য়ৰ নাম কি ?
উত্তৰঃ ৰাজ্য়খনক আগুৰি থকা ভাৰতবৰ্ষৰ আন সাতখন ৰাজ্য়ৰ নাম হ’ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ ।
৭। নৈৰ দাঁতিকাষৰীয়া অঞ্চলক কি অঞ্চল বোলে ?
উত্তৰঃ নৈৰ দাঁতিকাষৰীয়া অঞ্চলক উপত্যকা অঞ্চল বোলে ।
৮। অসমক কেইটা ভৌগোলিক অঞ্চলত ভগাব পাৰি ?
উত্তৰঃ অসমক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি ।
৯। অসমক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি সেইকেইটা কি কি ?
উত্তৰঃ সেইকেইটা হ’ল ব্ৰহ্মপুত্ৰ উপত্য়কা, বৰাক উপত্য়কা আৰু কাৰ্বি আংলং আৰু ডিমা হাচাও পাহাৰীয়া জিলা ।
১০। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি ?
উত্তৰঃ অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম হ’ল বৰাইল পাহাৰ ।
১১। বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগ লাইকেই কিমান মিটাৰ ?
উত্তৰঃ বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃৃংগ লাইকেই ১৯৫৯ মিটাৰ ।
১২। কাৰ্বি মালভূমিৰ ওখ শৃংগ দুটাৰ নাম কি ?
উত্তৰঃ কাৰ্বি মালভূমিৰ ওখ শৃংগ দুটাৰ নাম হ’ল সিংহাসন আৰু ডাম্বুকছো ।
১৩। সিংহাসন কিমান মিটাৰৰ ?
উত্তৰঃ সিংহাসন ১৩৬৯ মিটাৰৰ ।
১৪। ডাম্বুকছো কিমান মিটাৰৰ ?
উত্তৰঃ ডাম্বুকছো ১৩৬৩ মিটাৰৰ ।
১৫। আমাৰ ৰাজ্য়খন কি জলবায়ু অঞ্চলৰ অন্তৰ্গত ?
উত্তৰঃ আমাৰ ৰাজ্য়খন মৌছুমি জলবায়ু অঞ্চলৰ অন্তৰ্গত ।
১৬। অসম এখন কি প্ৰধান ৰাজ্য় ?
উত্তৰঃ অসম এখন নদী প্ৰধাল ৰাজ্য় ।
১৭। অসমৰ প্ৰধান নদী কেইখন ?
উত্তৰঃ অসমৰ প্ৰধান নদী দুখন ।
১৮। অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?
উত্তৰঃ অসমৰ প্ৰধান নদী দুখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক ।
১৯। কি কি মাহত বৰদৈচিলা নামৰ বিশেষ স্থানীয় বতাহ প্ৰবাহিত হয় ?
উত্তৰঃ মাৰ্চ-এপ্ৰিল মাহত বৰদৈচিলা নামৰ বিশেষ স্থানীয় বতাহ প্ৰবাহিত হয় ।
২০। কিমান শতাংশ লোকে গাঁও অঞ্চলত বাস কৰে ?
উত্তৰঃ ৮৬ শতাংশ লোকে গাঁও অঞ্চলত বাস কৰে ।