Chapter 16
প্ৰাকৃতিক ভূগোলৰ এটি চমু আভাস
১। ভূগোলৰ প্ৰধান ভাগ কেইটা ?
উত্তৰঃ ভূগোলৰ প্ৰধান ভাগ দুটা ।
২। ভূগোলৰ প্ৰধান ভাগ দুটা আৰু কি কি ?
উত্তৰঃ ভূগোলৰ প্ৰধান ভাগ দুটা হ’ল প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল ।
৩। পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি ?
উত্তৰঃ পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল মেঘালয়ৰ চেৰাপুঞ্জীৰ ।
৪। পৃথিৱীখনৰ ওপৰত কেইখন মহাদেশ আছে ?
উত্তৰঃ পৃথিৱীখনৰ ওপৰত সাতখন মহাদেশ আছে ।
৫। পৃথিৱীত কেইখন মহাসাগৰ আছে ?
উত্তৰঃ পৃথিৱীত পাঁচখন মহাসাগৰ আছে ।
৬। গণ্ডোৱানালেণ্ড কোনটো ভাগক বোলা হৈছিল ?
উত্তৰঃ টেথিছ সাগৰৰ দক্ষিণৰ ভাগটোক গণ্ডোৱানালেণ্ড বোলা হৈছিল ।
৭। আংগাৰালেণ্ড কোনটো ভাগক বোলা হৈছিল ?
উত্তৰঃ টেথিছ সাগৰৰ উত্তৰৰ ভাগটোক আংগাৰালেণ্ড বোলা হৈছিল ।
৮। জলবায়বীয় ভূগোল কাক বোলে ?
উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ যিটো শাখাই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ জলবায়ু সম্পৰ্কে অধ্য়য়ন কৰে তাকে জলবায়বীয় ভূগোল বোলে ।
৯। মৃত্তিকা ভূগোল কাক বোলে ?
উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ যিটো শাখাই বিভিন্ন অঞ্চলৰ মাটি সম্বন্ধে অধ্য়য়ন কৰে তাকে মৃত্তিকা ভূগোল বোলে ।
১০। পেঞ্জীয়াক চাৰিওফালে আগুৰি থকা জলভাগখিনিৰ নাম কি ?
উত্তৰঃ পেঞ্জীয়াক চাৰিওফালে আগুৰি থকা জলভাগখিনিৰ নাম আছিল পেন্থালাছা ।
১১। টেথিছ কৰ মাজেৰে পাৰ হৈ গৈছে ?
উত্তৰঃ টেথিছ পেঞ্জীয়া মাজেৰে পাৰ হৈ গৈছে ।
১২। পেঞ্জীয়াৰ মাজেৰে পাৰ হৈ যোৱা ঠেক আৰু দীঘলীয়া সাগৰখনৰ নাম কি ?
উত্তৰঃ পেঞ্জীয়াৰ মাজেৰে পাৰ হৈ যোৱা ঠেক আৰু দীঘলীয়া সাগৰখনৰ নাম আছিল টেথিছ ।
১৩। তাপ আৰু পোহৰৰ তাৰতম্য় হোৱাৰ লগে লগে কি সলনি হয় ?
উত্তৰঃ তাপ আৰু পোহৰৰ তাৰতম্য় হোৱাৰ লগে লগে জলবায়ুও সলনি হয় ।
১৪। জলমণ্ডলক কেইখন মহাসাগৰত ভাগ কৰিছে ?
উত্তৰঃ জনমণ্ডলক ৫ খন মহাসাগৰত ভাগ কৰিছে ।
১৫। মহাসাগৰৰ তলিখন সমান নে ?
উত্তৰঃ মহাসাগৰৰ তলিখন সমান নহয় ।
১৬। মহাসাগৰৰ তলিতো কি আছে ?
উত্তৰঃ মহাসাগৰৰ তলিতো ওখ ওখ পৰ্বত আছে ।
১৭। মহাসাগৰৰ তলিত থকা পৰ্বতক কি বোলে ?
উত্তৰঃ মহাসাগৰৰ তলিত থকা পৰ্বতক শৈলসিৰা বোলে ।
১৮। মধ্য় আটলাণ্টিক শৈলসিৰা কাক বোলে ?
উত্তৰঃ আটলাণ্টিক মহাসাগৰৰ তলিত উত্তৰ পৰা দযক্ষিণলৈ এশাৰী শৈলসিৰা আছে । ইয়াক মধ্য় আটলাণ্টিক শৈলসিৰা বোলে ।
১৯। পৃথিৱীৰ উপৰিভাগত থকা আটাইতকৈ ওখ অংশটোৰ নাম কি ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা আটাইতকৈ ওখ অংশটোৰ নাম হ’ল এভাৰেষ্ট শৃংগ ।
২০। মেৰিয়ানা খাত কি মহাসাগৰত অৱস্থিত ?
উত্তৰঃ মেৰিয়ানা খাত প্ৰশান্ত মহাসাগৰত অৱস্থিত ।