Chapter 1
অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ দ্বাদশ শতিকালৈ
১। পুৰণি কালত অসমৰ নাম কি আছিল ?
উত্তৰঃ পুৰণি কালত অসমৰ নাম আছিল প্ৰাগজ্য়ােতিষ ।
২। প্ৰাগজ্য়ােতিষৰ ৰাজধানী কি আছিল ?
উত্তৰঃ প্ৰাগজ্য়ােতিষপুৰ ।
৩। কোনে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰঃ কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ।
৪। বৰ্তমান গুৱাহাটী মহানগৰখনেই কি ?
উত্তৰঃ বৰ্তমান গুৱাহাটী মহানগৰখনেই তাহানিৰ প্ৰাগজ্য়ােতিপুৰ ।
৫। কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল বুলি ক’ত উল্লেখ আছে ?
উত্তৰঃ কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল বুলি মহাকাব্য় ৰামায়ণত উল্লেখ আছে ।
৬। প্ৰাগজ্য়ােতিষপুৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ প্ৰাগ শব্দৰ অৰ্থ হ’ল ‘পূব’ জ্য়ােতিষ মানে’গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্য়য়ন’ আৰু পুৰ মানে ‘নগৰ’ ।
৭। প্ৰাগজ্য়ােতিষপুৰ মানে কি ?
উত্তৰঃ প্ৰাগজ্য়ােতিষপুৰ মানে হ’ল পূৱ দিশত জ্য়ােতিষ চৰ্চাৰ নগৰ ।
৮। গুৱাহাটীৰ পূবফালে থকা চিত্ৰাচিল পাহাৰত কি মন্দিৰ অৱস্থিত ?
উত্তৰঃ নৱগ্ৰহ মন্দিৰ অৱস্থিত ।
৯। নৱগ্ৰহ মন্দিৰত কি পূজা কৰা হয় ?
উত্তৰঃ নৱগ্ৰহ মন্দিৰত নটা গ্ৰহৰ বিগ্ৰহক পূূজা কৰা হয় ।
১০। পুৰাণ, তন্ত্ৰ আদি পুথিবোৰত অসমৰ নাম কি বুলি উল্লেখ আছে ?
উত্তৰঃ কামৰূপ ।
১১। পুৰণি কালত কি নামৰ এজন প্ৰৱল প্ৰতাপী ৰজা আছিল ?
উত্তৰঃ পুৰণি কালত দক্ষ নামৰ এজন প্ৰৱল প্ৰতাপী ৰজা আছিল ।
১২। আহোমসকলৰ আগমনৰ সময়লৈ অসমৰ নাম কি আছিল ?
উত্তৰঃ আহোমসকলৰ আগমনৰ সময়লৈ অসমৰ নাম কামৰূপ আছিল ।
১৩। কালিকা পুৰাণৰ মতে কামাখ্য়া দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্য়ৰ ক’ত আছিল ?
উত্তৰঃ ঠিক সোঁমাজত ।
১৪। কামাখ্য়া দেৱী মন্দিৰৰ চাৰিওফালে কিমান মাইল জুৰি কামৰূপ ৰাজ্য় বিয়পি আছিল ?
উত্তৰঃ ৪৫০ মানই জুৰি ।.
১৫। যোগিনীতন্ত্ৰ অনুযায়ী পুৰণি কামৰূপ ৰাজ্য় কেইটা ভাগত বিভক্ত আছিল ?
উত্তৰঃ চাৰিটা ভাগত বিভক্ত আছিল ।
১৬। কিমান চনত টাই-আহোম জাতিৰ এদল লোকে কামৰূপলৈ আহিছিল ।
উত্তৰঃ ১২২৮ চনত ।
১৭। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম ?
উত্তৰঃ ভৌম বংশ।
১৮। বৰ্মন বংশৰ আদি ৰজা কোন আছিল ?
উত্তৰঃ বৰ্মন বংশৰ আদি ৰজা পুষ্য় বৰ্মন আছিল ।
১৯। নৰকাসুৰক কোনে বধ কৰিছিল ?
উত্তৰঃ নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল ।
২০। ভাস্কৰ বৰ্মন কি বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ?
উত্তৰঃ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ।