Chapter 4
কুলি
১। কুলি কবিতাটোৰ কবিৰ নাম কি?
(ক) সত্যনাথ বৰা
(খ) শ্ৰী শ্ৰী শংকৰদেৱ
(গ) সৰ্বেশ্বৰ কটকী
উত্তৰ- (গ) সৰ্বেশ্বৰ কটকী ।
২। কুলিৰ আগমনে কি ঋতুৰ আগজাননী দিয়ে ?
(ক) শীত
(খ) বসন্ত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বসন্ত ।
৩। বসন্ত ঋতুত প্ৰকৃতিয়ে কি ৰূপ লয়?
(ক) মনোমোহা
(খ) বেয়া
(গ) ভাল
উত্তৰ– (ক) মনোমোহা ।
৪। কুলিৰ লগতে কাৰ ক’ৰবালৈ উৰি গুচি যাবলৈ মন যায়?
(ক) কুলিৰ সৰু সৰু পোৱালি কেইটাৰ
(খ) কবিৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ– (খ) কবিৰ ।
৫। বছৰি বছৰি জনাই দিয়াহি বসন্ত আহিল বুলি। এই কথাষাৰ কোনে কৈছে?
(ক) কুলিয়ে
(খ) কবিয়ে
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ– (খ) কবিৰ ।
৬। বছৰি বছৰি কোনে জনাই দিয়ে যে বসন্ত আহিল বুলি?
(ক) কবিয়ে
(খ) কুলিয়ে
(গ) মানুহে
উত্তৰ– (খ) কুলিয়ে ।
৭। কুলিৰ মাতত কি আছে ?
(ক) যাদু
(খ) মৰম
(গ) চেনেহ
উত্তৰ– (ক) যাদু ।
৮। কুলিৰ সুৱদি মাত শুনি কাৰ হেপাহ নপলায়?
(ক) শ্ৰী শ্ৰী শংকৰদেৱৰ
(খ) সত্যনাথ বৰাৰ
(গ) কবিৰ
উত্তৰঃ (গ) কবিৰ ।
৯। বাৰে বাৰে শুনিবলৈ কবিয়ে কলৈ লৰি যায়?
(ক) বনলৈ
(খ) নৈ
(গ) পথাৰলৈ
উত্তৰঃ (ক) বনলৈ ।
১০। কুলিৰ বৰণ কি ?
(ক) হালধীয়া
(খ) ক’লা
(গ) মুগা
উত্তৰঃ ক’লা ।
১১। কুলিয়ে কি কালত গীত গায় ?
(ক) বসন্ত
(খ) শীত
(গ) শৰৎ
উত্তৰঃ (ক) বসন্ত ।
১২। কবিয়ে ঘৰৰ ফালে কেতিয়া পাহৰে ?
(ক) নৈ পাৰলৈ গৈ
(খ) কুলিৰ মাত শুনি
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) কুলিৰ মাত শুনি ।
১৩। হেঁপাহ শব্দৰ অৰ্থ কি ?
(ক) পাবলৈ বৰকৈ ইচ্ছা
(খ) হাবিয়াহ
(গ) হুতাহ
(ঘ) ওপৰৰ তিনিটাই হয়
উত্তৰঃ (ঘ) ওপৰৰ তিনিটাই হয় ।
১৪। ভাও শব্দৰ অৰ্থ কি ?
(ক) অংগি-ভংগি
(খ) নাচ-গান
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) অংগি-ভংগি ।
১৫। ভূমূকি শব্দৰ অৰ্থ কি?
(ক) ভাল
(খ) বেয়া
(গ) খন্তেকৰ বাবে দেখা দিয়া
উত্তৰঃ (গ) খন্তেকৰ বাবে দেখা দিয়া ।
১৬। সুঁৱদি শব্দৰ অৰ্থ কি?
(ক) সোৱাদ থকা
(খ) শুনি ভাল লগা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটাই হয় ।
১৭। বসন্ত কালত গছ-লতাৰ ৰূপ কেনে হয়?
(ক) গছ-লতা ভাঙি যায়
(খ) নতুন ফুল-পাত ধৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) নতুন ফুল-পাত ধৰে ।
১৮। বাব শব্দৰ অৰ্থ কি ?
(ক) পদবী
(খ) কৰবী
(গ) পুৰবী
উত্তৰঃ (ক) পদবী ।
১৯। পুথি-পাঁজি শব্দৰ অৰ্থ কি ?
(ক) বিয়া
(খ) সভা
(গ) কিতাপ
উত্তৰঃ (গ) কিতাপ ।
২০। সকাম শব্দৰ অৰ্থ কি?
(ক) সকাম
(খ) প্ৰয়োজন
(গ) নিকাম
উত্তৰঃ (খ) প্ৰয়োজন ।
Type by- Bikul Mandal