Chapter 2
বচন
১। বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাজন কি ?
উত্তৰঃ বচনৰ সংজ্ঞা, গঠন, গুণ, পৰিমাণ, সম্বন্ধ আৰু নিশ্চয়তা অনুসৰি বচনৰ পৌৰাণিক শ্ৰেণীবিভাগ, বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাজন।
২। তৰ্কবিজ্ঞানৰ মুখ্য় আলোচ্য় বিষয় কি ?
উত্তৰঃ যুক্তি বা অনুমানেই তৰ্কবিজ্ঞানৰ মুখ্য় আলোচ্য় বিষয়।
৩। মানসিক প্ৰক্ৰিয়াক অৱধাৰণ কাক বোলে ?
উত্তৰঃ দুটা প্ৰত্য়য় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰাৰ মানসিক প্ৰক্ৰিয়াক অৱধাৰণ বোলে।
৪। অৱধাৰণ এটা মানসিক প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় ?
উত্তৰঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰত্য়য় বা ধাৰণাৰ মাজত সম্বন্ধ স্থাপন কৰা হয়।
৫। অৱধাৰণক কেতিয়া বচন বোলা হয় ?
উত্তৰঃ অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশিত হয় তেতিয়া তাক বচন বোলে।
৬। বচনৰ অংশ তিনিটাক যথাক্ৰমে কি বোলে ?
উত্তৰঃ বচনৰ অংশ তিনিটাত যথাক্ৰমে উদ্দেশ্য়, সংযোজক আৰু বিধেয় বোলে।
৭। বচন এটা গঠন কৰিবলৈ হ’লে কেইটা অংশৰ প্ৰয়োজন হয় আৰু কি কি ?
উত্তৰঃ বচন এটা গঠন কৰিবলৈ হ’লে তিনিটা অংশৰ প্ৰয়োজন হয় সেই কেইটা হ’ল – উদ্দেশ্য়, সংযোজক আৰু বিধেয়।
৮। বাক্য় কাক বোলে ?
উত্তৰঃ এক বা একাধিক শব্দ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য় বোলা হয়।
৯। বচন কাক বোলে ?
উত্তৰঃ আমি সচৰাচৰ যিবোৰ বাক্য় ব্য়ৱহাৰ কৰো তাক স্পষ্ট আৰু প্ৰমাণযোগ্য় কৰিবৰ বাবে তৰ্কবিজ্ঞানত এটি বিশেষ ৰূপ দি লও তাকে বচন বুলি কোৱা হয় ।
১০। বচনৰ ধৰ্ম কি ?
উত্তৰঃ সত্য়তা আৰু মিথ্য়াত্ব হৈছে বচনৰ ধৰ্ম।
১১। গুণ অনুসৰি বচনক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি ?
উত্তৰঃ গুণ অনুসৰি বচনক দুটা ভাগত ভগোৱা হৈছে যেনে- (1) সদাৰ্থক আৰু (2) নঞৰ্থক।
১২। নঞৰ্থক বচন কাক বোলে ?
উত্তৰঃ যি বচনত বিধেয় পদটোক উদ্দেশ্য় পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাকে নঞৰ্থক বচন বোলে।
১৩। পৰিমাণ অনুসৰি বচনক দুটা ভাগত ভগোৱা হৈছে । সেইকেইটা কি কি ?
উত্তৰঃ (1) সামান্য় বা সাৰ্বিক আৰু (2) বিশেষ বচন।
১৪। সামান্য় বা সাৰ্বিক বচন বুলিলে কি বুজা ?
উত্তৰঃ যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য় সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাকে সামান্য় বা সাৰ্বিক বচন বোলে।
১৫। বিশেষ বচন কেতিয়া হয় ?
উত্তৰঃ যদি বচনৰ উদ্দেশ্য়টো অনিৰ্দিষ্ট হয় তেতিয়া ই বিশেষ বচন হয়।
১৬। নিৰপেক্ষ বচন কাক বোলে ?
উত্তৰঃ যি বচনৰ উদ্দেশ্য় আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, তেনেকুৱা বচনক নিৰপেক্ষ বচন বোলে।
১৭। সাপেক্ষ বচনক কেই ভাগত ভগোৱা হৈছে আৰু কি কি ?
উত্তৰঃ সাপেক্ষ বচনক দুই ভাগত ভগোৱা হৈছে যেনে- (a) সকল্পক বচন আৰু (b) বিকল্পক বচন।
১৮। সকল্পক বচনত চৰ্তটো সদায় কি হ’ব লাগে ?
উত্তৰঃ সকল্পক বচনত চৰ্তটো সদায় বচনটোৰ প্ৰথম অংশটোত থাকিব লাগে।
১৯। বিৱৰণাত্মক বচন বুলিলে কি বুজা ?
উত্তৰঃ যি বচনত উদ্দেশ্য় আৰু বিধেয়ৰ মাজৰ সম্বন্ধ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হয়, তেনেকুৱা বচনক বিৱৰণাত্মক বচন বুলি কোৱা হয়।
২০। সম্ভাৱ্য় বচন মানে কি ? এটা উদাহৰণ দিয়া ।
উত্তৰঃ যি বচনত উদ্দেশ্য় আৰু বিধেয়ৰ মাজত থকা সম্বন্ধটো মাত্ৰ সম্ভৱনামূলক, অৰ্থাৎ হ’বও পাৰে নহ’বও পাৰে, তেনেকুৱা বচনক সম্ভাৱ্য বচন বোলে।
উদাহৰণঃ ‘লৰাজন বদমাচ হ’ব পাৰে’।