Chapter- 17
বতৰ আৰু জলবায়ু
১। জলবায়ু হ’ল এখন ঠাইৰ কমেও কিমান বছৰৰ বতৰৰ গড় অৱস্থা?
(ক) ২০-৩০
(খ) ৩০-৪০
(গ) ৩৫-৪৫
উত্তৰ- (খ) ৩০-৪০ ।
২। প্ৰত্যেকজন মানুহে, প্ৰতিখন সমাজে তথা প্ৰতিখন দেশেই কিহৰ ওপৰত নিৰ্ভৰশীল?
(ক) বতৰৰ
(খ) বায়ু
(গ) অক্সিজেন
উত্তৰ- (ক) বতৰৰ ।
৩। সেয়েহে, এখন ঠাইৰ জলবায়ু জানিবলৈ হ’লে কমেও কিমান বছৰৰ বতৰৰ অৱস্থা জানিব লাগিব?
(ক) ২০ বছৰৰ
(খ) ৫০ বছৰৰ
(গ) ৩০ বছৰৰ
উত্তৰ- (গ) ৩০ বছৰৰ ।
৪। গুৱাহাটীৰপৰা ছিলঙৰ দূৰত্ব মাত্ৰ কিমান কিল’মিটাৰ?
(ক) ১৫০ কিল’মিটাৰ
(খ) ১০০ কিল’মিটাৰ
(গ) ১২০ কিল’মিটাৰ
উত্তৰ- (খ) ১০০ কিল’মিটাৰ ।
৫। উচ্চতাৰ কাৰণেই কিমান মিটাৰ ওখ এভাৰেষ্ট শৃংগ বৰফেৰে আবৃত?
(ক) ৮৮৪৮
(খ) ৮৮৬৪
(গ) ৮৮৫৬
উত্তৰ- (ক) ৮৮৪৮ ।
৬। অঞ্চলবোৰ গোটেই বছৰজুৰি অত্যন্ত গৰম আৰু জাৰকালিৰ উষ্ণতা প্ৰায় কিমান ডিগ্ৰী ছেল.?
(ক) ১৫°
(খ) ২৪°
(গ) ১৯°
উত্তৰ- (গ) ১৯° ।
৭। কেইটা কাৰকে জলবায়ু নিয়ন্ত্ৰণ কৰিছিল?
(ক) ৫টা
(খ) ৪টা
(গ) ৩টা
উত্তৰ- (খ) ৪টা ।
৮। গ্ৰীষ্মকালত উষ্ণতা কিমান ডিগ্ৰী ছেল.?
(ক) ১০°
(খ) ১৫°
(গ) ৮°
উত্তৰ- (ক) ১০° ।
৯। উদাহৰণ স্বৰূপে, বিষুবৰেখাৰ ওচৰত থকা কিলিমাঞ্জাৰ’ পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ কিমান মি. উচ্চতাৰ শৃংগত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে?
(ক) ৫,৫২৪
(খ) ৫,৪৯৮
(গ) ৫,৫০০
উত্তৰ- (গ) ৫,৫০০ ।
১০। মহাদেশবোৰৰ মধ্য-পূব অঞ্চলত কিমান ডিগ্ৰী অক্ষাংশৰ মাজত এই জলবায়ু পোৱা যায়?
(ক) ২৮°-৪৬°
(খ) ২৫°-৪০°
(গ) ১৮°-৩৭°
উত্তৰ- (খ) ২৫°-৪০° ।
১১। বতৰৰ আগজাননীয়ে মানুহক কি কৰে ?
(ক) বিপদৰপৰা ৰক্ষা কৰে
(খ) ধ্বংস কৰে
(গ) সহায় কৰে
উত্তৰ- (ক) বিপদৰপৰা ৰক্ষা কৰে ।
১২। আমাৰ দেশত বতৰৰ আগজাননী দিব পৰা প্ৰধান কেন্দ্ৰটো ক’ত অৱস্থিত ?
(ক) পুনেত
(খ) মহাৰাষ্ট্ৰত
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
১৩। সকলো ঠাইৰ জলবায়ু একে কিয় নহয় ?
(ক) পৃথিৱীখন বিশাল বাবে
(খ) পৃথিৱীখন বৃত্তাকাৰ বাবে
(গ) পৃথিৱীখন শলা-বমা বাবে
উত্তৰ- (ক) পৃথিৱীখন বিশাল বাবে ।
১৪। মণ্ডলকেইটাৰ আধাৰ কি ?
(ক) চন্দ্ৰৰ পোহৰ
(খ) তৰাবোৰ তিৰবি্ৰ
(গ) সূৰ্যৰ তাপ
উত্তৰ- (গ) সূৰ্যৰ তাপ ।
১৫। সাধাৰণতে সাগৰপৃষ্ঠৰপৰা ১০০০ মিটাৰ ওপৰলৈ গ’লে কিমান ডিগ্ৰী ছেলছিয়াছকৈ উষ্ণতা কমে ?
(ক) ২ ডিগ্ৰী ছেলছিয়াছকৈ
(খ) ৫ ডিগ্ৰী ছেলছিয়াছকৈ
(গ) ৬ ডিগ্ৰী ছেলছিয়াছকৈ
উত্তৰ- (গ) ৬ ডিগ্ৰী ছেলছিয়াছকৈ ।
১৬। গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমান কি.মি. ?
(ক) ৫০ কি.মি.
(খ) ৮০ কি.মি.
গ ১০০ কি.মি.
উত্তৰ- গ ১০০ কি.মি. ।
১৭। কিহৰ কাৰণে ৮৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ বৰফেৰে আবৃত ?
(ক) ডাঙৰ কাৰণে
(খ) উচ্চতাৰ কাৰণে
(গ) এটাও নহয়
উত্তৰ- (খ) উচ্চতাৰ কাৰণে ।
১৮। ন’ৰৱেক মধ্য়যামক কি বুলি কোৱা হয় ?
(ক) সৌৰজগতৰ দেশ
(খ) তৰাৰ দেশ
(গ) সূৰ্যৰ দেশ
উত্তৰ- (গ) সূৰ্যৰ দেশ ।
১৯। মৰুসদৃশ অঞ্চলক কি বুলি কোৱা হয় ?
(ক) মেৰু অঞ্চল
(খ) বৃষ্টিছায়া অঞ্চল
(গ) মৰুভূমি অঞ্চল
উত্তৰ- (খ) বৃষ্টিছায়া অঞ্চল ।
২০। পৃথিৱীৰ বিখ্য়াত মৰুভূমিখনৰ নাম কি ?
(ক) থৰ মৰুভূমি
(খ) চাহাৰা মৰুভূমি
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) থৰ মৰুভূমি ।
Type by- Bikul Mandal