Chapter 14
অৰ্ধপৰিবাহী ইলেক্টনিক্সঃ- পদাৰ্থ, কৌশল আৰু সৰল বৰ্তনী
অনুশীলনী
14.1n- জাতীয় চিলিকনত, নিম্ন উল্লেখিত কোনটো উক্তি সত্যঃ—
(a)ইলেকট্ৰন সমূহ মুখ্য বাহক আৰু ত্ৰিযোজী পৰমাণু হৈছে ডোপেণ্ট ।
(b)ইলেকট্ৰন সমূহ গৌণ বাহক পঞ্চযোজী পৰমাণু হৈছে ডোপেণ্ট ।
(c)হ’ল সমূহ গৌণ বাহক আৰু পঞ্চযোজী পৰমাণু হৈছে ডোপেণ্ট ।
(d)হ’ল সমূহ মুখ্য বাহক আৰু ত্ৰিযোজী পৰমাণু হৈছে ডোপেণ্ট ।
14.2p- জাতীয় অৰ্ধপৰিবাহীৰ কাৰণে অনুশীলনী 14.1 ৰ কোনটো উক্তি সত্য ।
![](https://1.bp.blogspot.com/-98ss3QeLZnU/YQ-PyxAsEWI/AAAAAAAAEg8/_VhCLptV8zM3ANlkHab1d3_biOS4u-yLwCLcBGAsYHQ/w534-h150/2.png)
![](https://1.bp.blogspot.com/-N1i5ku1-sYY/YQ-OetHdUKI/AAAAAAAAEg0/YQn0i1BIJBURR8tWNud4F3Vi2wjD3qNrgCLcBGAsYHQ/w321-h175/madhushmita%2B.png)
14.4বায়াছ নিদিয়া p-nজাংছন এটাত, p- অঞ্চলৰ পৰা n-অঞ্চললৈ হ’লৰ ব্যাপন ঘটিছে কাৰণ
(a)n-অঞ্চলৰ মুক্ত ইলেকট্ৰন সিহঁতক আৰ্কষণ কৰিছে
(b)বিভৱ ভেদৰ দ্বাৰা সিহঁত জাংছন পাৰ হৈ গৈছে ।
(c)p- অঞ্চলত হ’লৰ গাঢ়তা n- অঞ্চলত তুলনা বেছি ।
(d)ওপৰৰ সকলো ।
14.5যেতিয়া p-nজাংছন এটাত অগ্ৰবৰ্তী বায়াছ প্ৰয়োগ কৰা হয়, ই
(a)বিভব প্ৰাচীৰ বৃদ্ধি কৰিব ।
(b)মুখ্য বাহকৰ প্ৰবাহ হ্ৰাস হৈ শূন্য হ’ব ।
(c)বিভব প্ৰাচীৰ কমিব ।
(d)ওপৰৰ এটাও নহয় ।
14.6ট্ৰেঞ্জিষ্টৰৰ ক্ৰিয়াৰ ক্ষেত্ৰত, তলৰ কোনটো উক্তি শুদ্ধঃ
(a)বেছ, এমিটাৰ আৰু কালেক্টৰ অঞ্চল একে আকাৰ আৰু ডোপিং গাঢ়তাৰ ।
(b)বেছ অঞ্চল অতি পাতল আৰু কম পৰিমাণত ডোপ কৰা ।
(c)এমিটাৰ জাংছন অগ্ৰবৰ্তী বায়াছত আৰু কালেক্টৰ জাংছন পশ্চাৎবৰ্তী বায়াছত থাকিব ।
(d)এমিটাৰ জাংছন আৰু কালেক্টৰ জাংছন উভয়কে অগ্ৰবৰ্তী বায়াছ দিয়া হয় ।
14.7ট্ৰেঞ্জিষ্টৰ পৰিবৰ্ধকৰ ক্ষেত্ৰত, বিভব পৰিবৰ্ধন
(a)সকলো কম্পনাংকৰ বাবে ধ্ৰুৱক হয় ।
(b)উচ্চ আৰু নিম্ন কম্পনাংকত উচ্চ মানৰ আৰু মধ্য কম্পনাংক পৰিসৰত স্থিৰ হয় ।
(c)উচ্চ আৰু নিম্ন কম্পনাংকত নিম্ন মানৰ আৰু মধ্য কম্পনাংকত স্থিৰ হয় ।
(d)ওপৰৰ এটাও নহয় ।
14.8অৰ্দ্ধ তৰংগ সংদিশকত, যদি ইনপুট কম্পনাংক 50 Hzহয়, আউটপুট কম্পনাংক কিমান হ’ব ?
14.9CE-ট্ৰেঞ্জিষ্টৰ পৰিবৰ্ধক এটাৰ ক্ষেত্ৰত, 2kWৰ কালেক্টৰ ৰোধত দিয়া শ্ৰব্য সংকেত বিভব 2V। ধৰা ট্ৰেঞ্জিষ্টৰৰ প্ৰবাহ পৰিবৰ্ধন গুণাংক 100, ইনপুট সংকেট বিভব আৰু বেছ প্ৰবাহ নিৰ্ণয় কৰা যদি বেছৰোধ 1 kWহয় ।
14.10 দুটা পৰিবৰ্ধক শ্ৰেণীবদ্ধভাবে সংযোগ কৰা হৈছে । প্ৰথমটো পৰিবৰ্ধকৰ বিভব পৰিবৰ্ধন 10আৰু দ্বিতীয়টোৰ বিভব পৰিবৰ্ধন 2 0। যদি ইনপুট সংকেত 0.01ভল্ট হয় তেন্তে এ.চি আউটপুট সংকেত নিৰ্ণয় কৰা ।
14.112.8 e Vপটি অন্তৰালৰ অৰ্ধপৰিবাহীৰ পৰা p-nফট’ডায়ড এটা নিৰ্মাণ কৰা হৈছে । ই 6000 n mৰ তৰংগ দৈৰ্ঘ্য ধৰা পেলাব পাৰিবনে ?
অতিৰিক্ত অনুশীলনী
![](https://1.bp.blogspot.com/-XJcdx5N-VkE/YQ-Q2x1vqqI/AAAAAAAAEhE/s88XKnsdOmc2y4lPfdO6gJRpUNTuzTodACLcBGAsYHQ/w550-h142/1.png)
![](https://1.bp.blogspot.com/-ZklLkWU1wtM/YQ-RlQaHt9I/AAAAAAAAEhM/66tEhLp32_sjDHO4oxoFQrHIrtrekoA4QCLcBGAsYHQ/w613-h190/3.png)
![](https://1.bp.blogspot.com/--QUDN1siops/YQ-SmwFK35I/AAAAAAAAEhc/RNyegLxM3kQ7aPYfAmt_UKl9vECqUPHlgCLcBGAsYHQ/w456-h86/4.png)
![](https://1.bp.blogspot.com/-5SgBwoYPb8k/YQ-TAi-euyI/AAAAAAAAEhk/P0hWnw8SljI5x_VLiFdZdInSgS5TCrepQCLcBGAsYHQ/w642-h299/5.png)
14.15 চিত্ৰ 14.44 ত দেখুওৱাৰ দৰে তোমাক দুটা বৰ্তনী দিয়া হৈছে । দেখুওৱা (a) বৰ্তনীটোৱে OR গেট ৰূপে আৰু (b) বৰ্তনীয়ে AND গেটৰূপে কাম কৰিছে ।
14.16 চিত্ৰ 14.45 ত দিয়া NAND গেটৰ সংযোগৰ বাবে ট্ৰুথটেবল লিখা ।
![](https://1.bp.blogspot.com/-2rqovW2IqQY/YQ-UUwqFwPI/AAAAAAAAEh0/RH8JBJ5pt5w0RlIqBCrYTVpUTrliCYj3QCLcBGAsYHQ/w395-h162/m.png)
![](https://1.bp.blogspot.com/-xFWRnOa_HEU/YQ-UuGMh29I/AAAAAAAAEh8/RZ9zvJUDxUInGd8tCehON66rvoyYQKidQCLcBGAsYHQ/w328-h147/m2.png)
এই বৰ্তনীয়ে বহনকৰা আচল লজিক ক্ৰিয়া চিনাক্ত কৰা ।
14.17NAND গেট থকা দুটা বৰ্তনী (চিত্ৰ 14.46 ত দেখুওৱাৰ দৰে) তোমাক দিয়া হৈছে । দুয়োটা বৰ্তনীয়ে বহন কৰা লজিক ক্ৰিয়া চিনাক্ত কৰা ।
![](https://1.bp.blogspot.com/-tFqvyH9GiFo/YQ-VIXC0raI/AAAAAAAAEiE/aPnHLh7mguodcf0bYRrJb7bVTfydWjsPACLcBGAsYHQ/w348-h105/m3.png)
14.18NOR গেটেৰে গঠিত, তলৰ চিত্ৰ 14.47 ত দিয়া বৰ্তনীৰ ট্ৰুথটেবল লিখা আৰু এই বৰ্তনীত সম্পাদন হোৱা লজিক ক্ৰিয়া (OR, AND, NOT) চিনাক্ত কৰা ।
![](https://1.bp.blogspot.com/-68t_VTgxGnE/YQ-VcILIlxI/AAAAAAAAEiM/UomNMTLO1J0DhETmgsAmSIR71ye4pyIxwCLcBGAsYHQ/w333-h108/m4.png)
[ইংগিত (Hin)ঃ— A = 0, B = 1 তেতিয়া দ্বিতীয় NOR গেটৰ ইনপুট A আৰু B, 0 হ’ব আৰু সেয়ে Y = 1, একেদৰে সংযোগ A আৰু Bৰ আন সংযোগৰ বাবে Y ৰ মান উলুওৱা । OR, AND, NOT গেটৰ ট্ৰুথটেবলৰ লগত তুলনা কৰা । আৰু শুদ্ধটো নিৰ্ণয় কৰা ।]
14.19 কেৱল NOR গেটেৰে গঠন কৰা, চিত্ৰ 14.48 ত দিয়া, বৰ্তনীৰ ট্ৰুথটেবল লিখা আৰু দুয়োটা বৰ্তনীত সম্পাদন হোৱা সজিক ক্ৰিয়া (OR, AND, NOT) চিনাক্ত কৰা ।
![](https://1.bp.blogspot.com/-_3GF--Ld3h0/YQ-V9IjsfCI/AAAAAAAAEiU/bdNRVD_rk_UnVK5jzmARaqiLD452XSZdQCLcBGAsYHQ/w449-h161/n2.png)