Chapter 7
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
১) প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?
উত্তৰঃ জয়মতী ।
২) ‘চিৰাজ’ বোলছবিখনৰ সংগীত পৰিচালক কোন আছিল?
উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভা ।
৩) ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰা অসমীয়া বোলছবিখনৰ নাম কি?
উত্তৰঃ ‘চামেলি মেমচাব’ ।
৪) ‘চিত্ৰবন’ ষ্টুডিঅ’ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালা ।
৫) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি ?
উত্তৰঃ ‘জয়মতী’ আৰু ইন্দ্ৰমালতী’ ।
৬) জ্য়োতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ জাৰ্মানী ।
৭) লক্ষ্য়ধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি ?
উত্তৰঃ ‘নিমিলা অংক’ ।
৮) লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম কি?
উত্তৰঃ ‘এৰা বাটৰ সুৰ’ ।
৯) ‘গঙা চিলনীৰ পাখি’ কথাছবিখন পৰিচালনা কোনে কৰিছিল ?
উত্তৰঃ পদুম বৰুৱা ।
১০) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্ৱিতীয়খন বোলছবি কি আছিল?
উত্তৰঃ ‘ইন্দ্ৰমালতী’ ।
১১) প্ৰতিষ্ঠিত চলচ্চিত্ৰ সংস্থাৰ দ্ৱাৰা প্ৰযোজিত প্ৰথম অসমীয়া বোলছবিখন কি আছিল?
উত্তৰঃ ‘চিকমিক বিজুলী’ ।
১২) হাই ডেফিনেচন ডিজিটেল পদ্ধতিৰে নিৰ্মিত প্ৰথমখন অসমীয়া বোলছবিৰ নাম কি?
উত্তৰঃ ‘জংফাই জোনাক’ ।
১৩) ব্ৰজেন বৰুৱাই কিমান চনত মুক্তিপ্ৰাপ্ত ” ড° বেজবৰুৱা” নামৰ ছবিখনত পৰিচালনা কৰিছিল?
উত্তৰঃ ১৯৬৯ চনত ।
১৪) কোনখন বোলছবিৰ জৰিয়তে ভূপেন হাজৰিকাই সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল?
উত্তৰঃ ‘সতী বেউলা’ ।
১৫) ” সাগৰলৈ বহু দুৰ” বোলছবিখনৰ বাবে কোনে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল?
উত্তৰঃ জাহ্নু বৰুৱা ।
১৬) থলুৱা মানে কি?
উত্তৰঃ স্থানীয় ।
১৭) আৰ্কাইভ শব্দ অৰ্থ কি?
উত্তৰঃ ভঁৰাল ।
১৮) উৎপল দত্ত কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ১৯৬০ চনত ।
১৯) অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটো লিখক কোন?
উত্তৰঃ উৎপল দত্ত ।
২০) পৰিকাঠামো মানে কি ?
উত্তৰঃ সা-সুবিধা ।
Type by- Mandira Saha