Class 11 Logic & Philosophy Book | দ্বিতীয় খণ্ড | Chapter 2 | অধ্যায় ২ | বচন | HS 1st Year Logic & Philosophy Question Answer Solution Assamese Medium |

Chapter 2

বচন

1. উত্তৰ দিয়াঃ

(i) এটা বচনত কেইটা পদ থাকে?

উত্তৰঃ দুটা।

(ii) তৰ্কবিজ্ঞানসন্মত বচনত সংযোজকটো পদ হয়নে?

উত্তৰঃ নহয়।

(iii) পৰিমাণ অনুসৰি বচনত নিম্নোক্ত কোনটো ভাগত বিভাজন কৰা হৈছে?

উত্তৰঃ সাৰ্বিক আৰু বিশেষ।

(iv) বচনৰ উদ্দেশ্যটো এটা পদ নে?

উত্তৰঃ পদ।

(v) বচনৰ বিধেয়টো এটা পদ নে?

উত্তৰঃ হয় ই এটা পদ।

(vi) বচনৰ সংযোজকটো এটা পদ নে এটা শব্দ?

উত্তৰঃ পদ বা শব্দ এটাও নহয়।

(vii) সাৰ্বিক বা সামান্য় বচন কি?

উত্তৰঃ যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে সাৰ্বিক বা সামান্য বচন বুলি কোৱা হয়।

(viii) বিশেষ সদৰ্থক বচনৰ সাংকেতিক চিন কি?

উত্তৰঃ ‘।’ বচন।

(ix) বচন কাক বোলে?

উত্তৰঃ দুটা পদৰ মাজত থকা

2. শুদ্ধ উত্তৰ বাচি উলিওৱাঃ

(i) অৱধাৰণক যেতিয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক শব্দ/ পদ/ বচন বোলে।

উত্তৰঃ বচন

(ii) এটা বচনত এটা/ দুটা/ তিনিটা পদ থাকে।

উত্তৰঃ দুটা

(iii) বচনত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য/ বিধেয় বোলে।

উত্তৰঃ উদ্দেশ্য।

(iv) সংযোজকটো এটা শব্দ/ এটা পদ/ কোনোটোৱেই নহয়।

উত্তৰঃ কোনোটোৱেই নহয়।

(v) বচনত সংযোজকটো অতীত/ বৰ্তমান/ ভৱিষ্য়ৎ কালত থাকে।

উত্তৰঃ বৰ্তমান কালত থাকে।

(vi) গুণগত/ পৰিমাণগত দিশৰ পৰা বচন সাৰ্বিক বা সামান্য় আৰু বিশেষ হ’ব পাৰে।

উত্তৰঃ পৰিমাণগত।

(vii) বচনৰ সংযোজকটো সদৰ্থক/ নঞৰ্থক/ সদৰ্থক বা নঞৰ্থক হ’ব পাৰে।

উত্তৰঃ

(viii) নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয়/ নহয়।

উত্তৰঃ নহয়।

(ix) বচনক মিশ্ৰনীতি অনুসৰি চাৰি/ পাঁচ/ ছয় ভাগত  ভগোৱা হৈছে।

উত্তৰঃ চাৰি ভাগত।

(x) ‘I’ বচনটো সাৰ্বিক বা সামান্য় সদৰ্থক/ বিশেষ সদৰ্থক।

উত্তৰঃ বিশেষ সদৰ্থক।

(xi) বচনৰ গুণ উদ্দেশ্য/ বিধেয়/ সংযোজকে নিৰ্ণয় কৰে।

উত্তৰঃ সংযোজকে নিৰ্ণয় কৰে।

(xii) নিৰপেক্ষ/ সাপেক্ষ/ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ চৰ্তহীন।

উত্তৰঃ নিৰপেক্ষ বচনত।

(xiii) গুণ/ সম্বন্ধ/ নিশ্চয়তা অনুযায়ী বচন নিৰপেক্ষ বা সাপেক্ষ হ’ব পাৰে।

উত্তৰঃ নিৰপেক্ষ বচনত।

(xiv) অৱধাৰণ মানসিক প্ৰক্ৰিয়া হয়/ নহয়।

উত্তৰঃ হয়।

(xv) ‘O’ বচনটো বিসেষ নঞৰ্থক/ সাৰ্বিক নঞৰ্থক।

উত্তৰঃ বিশেষ নঞৰ্থক।

3. খালী ঠাই পূৰ কৰাঃ

(a) বচনৰ উদ্দেশ্যটো এটা  পদ  ।

(b) বচনৰ বিধেয়টো এটা  পদ  ।

(c) বচনত উদ্দেশ্য আৰু বিধেয়ৰ সংযোগকাৰী চিনটোক  সংযোজক  বোলে।

(d) পৰিমাণ  অনুসৰি বচনত সাৰ্বিক বা সামান্য় আৰু বিশেষ এই দুই ভাগত ভগাব পাৰি।

(e) মিশ্ৰনীতি অনুযায়ী বচনক  চাৰি  ভাগত ভগোৱা হৈছে।

(f) এটা বচনত   দুটা  পদ থাকে।

(g) সকল্পক বচনত ভাগ  দুটা ।

(h) সাপেক্ষ বচনত  সংকল্পক   আৰু  বিকল্পক  ভাগত ভগোৱা হৈছে।

(i) গুণ অনুসৰি বচন  সদৰ্থক   বা   নঞৰ্থক   হ’ব পাৰে।

(j) ‘A’ বচনটো সাৰ্বিক বা সামান্য়  সদৰ্থক   ।

4. পাৰ্থক্য় লিখাঃ

(a) সাপেক্ষ বচন আৰু নিৰপেক্ষ বচন।

উত্তৰঃ সাপেক্ষ বচন আৰু নিৰপেক্ষ বচনৰ মাজত থকা পাৰ্থক্যবোৰ হল-

    (i) নিৰপেক্ষবচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু সাপেক্ষ বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে।

    (ii) নিৰপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ চৰ্ত সাপেক্ষে নহয়, কিন্তু সাপেক্ষ বচনৰ পদ দুটাক মাজৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীন হয়।

    (iii) নিৰপেক্ষ বচনত বিধেয়ক পদক উদ্দেশ্য পদ সম্পৰ্কে চৰ্তহীনভাৱে স্বীকাৰ বা অস্বীকাৰ কৰা হৈছে। কিন্তু সাপেক্ষ বচনত বিধেয়ক সম্বন্ধ চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে।

(b) বাক্য় আৰু বচন।

উত্তৰঃবাক্য় আৰু বচনৰ মাজত থকা পাৰ্থক্যবোৰ হল-

    (i) বচনত তিনিটা অংশ থাকে। উদ্দেশ্য, সংযোজক আৰু বিধেয়। আনহাতে, বাক্যৰ ভাগ দুটা- উদ্দেশ্য আৰু বিধেয়।

    (ii) সকলোবোৰ বচনেই বাক্য হব পাৰে কিন্তু সকলোবোৰ বাক্যই বচন হব নোৱাৰে। ব্যাকৰণৰ বাক্য বৰ্ণনামূলক, ভাববোধক, ইচ্ছাবোধক, আদেশসূচক, প্ৰশ্নবোধক হব পাৰে। বচনত কিন্তু অকল বৰ্ণনামূলক বাক্যহে ব্যৱহৃত হয়। যদিও কিছুমান বাক্যক বচনৰ সৰলীকৰণ নিয়মেৰে তৰ্কবিজ্ঞান সন্মত বচনলৈ ৰুপান্তৰিত কৰা হয়। তথাপিও কিন্তু সকলো বাক্যই বচন হব নোৱাৰে।

    (iii) বচন সদায় সঁচা বা মিছা হব পাৰে। সত্যতা আৰু মিথ্যাত্বই হৈছে বচনৰ ধৰ্ম। বাক্যৰ ক্ষেত্ৰত কিন্তু সঁচা-মিছাৰ প্ৰশ্ন নাহে; কিয়নো প্ৰশ্নবোধক, আদেশসূচক, ভাববোধক আদি বাক্যবোৰক সঁচা বা মিছা বুলি অভিহিত কৰা নহয়।

   (iv) বাক্যৰ কোনো নিৰ্দিষ্ট আকাৰ নাই। কিন্তু বচন সদায় তৰ্কবিজ্ঞানসন্মত নিৰ্দিষ্ট (A,E,I,O) যিকোনো এটা ৰুপত থাকিবই লাগিব।

    (v) বচন যিকোনো কালত থাকিব নোৱাৰে। কেৱল বৰ্তমান কালতহে থাকিব লাগে। বাক্য কিন্তু অতীত, বৰ্তমান, ভৱিষ্যৎ যিকোনো কালত থাকিব পাৰে।

(c) সকল্পক বচন আৰু বিকল্পক বচন।

উত্তৰঃ সকল্পক বচন আৰু বিকল্পক বচনৰ মাজত থকা পাৰ্থক্যবোৰ হল-

    (i) যি সাপেক্ষে বচনত চৰ্তটো যদি বা ইয়াৰ সমাৰ্থক কোনো শব্দৰ দ্বাৰা উল্লেখিত হয়, তেনেকুৱা বচনক সকল্পক বচন বোলে। উদাহৰণস্বৰুপে- যদি মা আহে মই বজাৰলৈ যাম, যদি লৰাজন পঢ়া- শুনাত ভাল হয় তেন্তে সি নিশ্চয় পাছ কৰিব। সংকল্পক বছনত দুটা অংশ থাকে। প্ৰথম অংশটোক পূৰ্বৱতী আৰু পিছৰ অংশটোক পৰৱৰ্তী বা অনুৱৰ্তী অংশ বোলে।

    (ii) যি সাপেক্ষে বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ কৰা নহয়, কিন্তু হয়-নহয়, নাইবা আদি শব্দ প্ৰয়োগ কৰিলে বচনটোত বিকল্প চৰ্তকেইটাৰ কোনো এটা নিহিত থকাৰ ইংগিত পোৱা যায়, তেনেকুৱা বচনক বিকল্পক বচন বোলে। যেনে- হয় মানুহজন এজন সৰবজান নহয় এজন ঠগ।

(d) সদৰ্থক বচন আৰু নঞৰ্থক বচন।

উত্তৰঃ (i) যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ কৰা হয় তাকে সদৰ্থক বচন বোলে। যেনে- সকলো কাউৰী হয় কলা। ইয়াত কলা ক সকলো কাউৰীৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। কিছুমান মানুহ হয় সাহসী। ইয়াতো সাহসী এই বিধেয় পদটোক কিছুমান মানুহৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। গতিকে ই সদৰ্থক বচন।

   (ii) যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাকে নঞৰ্থক বচন বোলে। যেনে- কোনো কাউৰী নহয় বগা। ইয়াত বগা এই বিধেয় পদটোক সকলো কাউৰীৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে ই নঞৰ্থক বচন।

5. সংজ্ঞা লিখা। 

(a) সদৰ্থক বচন।

উত্তৰঃ যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ কৰা হয় তাকে সদৰ্থক বচন বোলে।

(b) সামান্য় বচন।

উত্তৰঃ যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে সাৰ্বিক বা সামান্য বচন বুলি কোৱা হয়।

(c) উদ্দেশ্য়।

উত্তৰঃ বচনৰ যিটো অংশয়ে কাৰোবাৰ বিষয়ে কোৱা কথাৰ নিৰ্দেশ কৰে তাকে উদ্দেশ্য বোলে।

(d) বিধেয়।

উত্তৰঃ বচনৰ যি অংশটোৱে উদ্দেশ্য সম্পৰ্কে নিৰ্দেশ কৰে তাকে বিধেয় বোলে।

(e) সংযোজক।

উত্তৰঃ যি শব্দই বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো স্থাপন কৰে তাক সংযোজক বোলে।

(f) বৰ্ণনামূলক বচন।

উত্তৰঃ যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হয়, তেনেকুৱা বচনক বিৱৰণাত্মক বচন বোলে।

(g) নঞৰ্থক বচন।

উত্তৰঃ যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাকে নঞৰ্থক বচন বোলে।

6. চমুটোকা লিখা।

(a) বচন।

উত্তৰঃ আমি সচৰাচৰ যিবোৰ বাক্য ব্যৱহাৰ কৰো তাক স্পষ্ট আৰু প্ৰমাণযোগ্য কৰিবৰ বাবে তৰ্কবিজ্ঞানত এটি বিশেষ ৰুপ দি লও যাক বচন বুলি কোৱা হয়। যদিও বাক্য আৰু বচন দেখাত একেই যেন লাগে, তথাপিও কিন্তু সিহঁতৰ মাজত কিছুমান বিষয়ত পাৰ্থক্য থকা পৰিলক্ষিত হয়।

    (১) বচনত তিনিটা অংশ থাকে। উদ্দেশ্য, সংযোজক আৰু বিধেয়। আনহাতে, বাক্যৰ ভাগ দুটা- উদ্দেশ্য আৰু বিধেয়।

    (২) সকলোবোৰ বচনেই বাক্য হব পাকে কিন্তু সকলোবোৰ বাক্যই বচন হব নোৱাৰে। ব্যাকৰণৰ বাক্য বৰ্ণনামূলক, ভাববোধক, ইচ্ছাবোধক, আদেশসূচক, প্ৰশ্নবোধক হব পাৰে। বচনত কিন্তু অকল বৰ্ণনামূলক বাক্যহে ব্যৱহৃত হয়। যদিও কিছুমান বাক্যক বচনৰ সৰলীকৰণ নিয়মেৰে তৰ্কবিজ্ঞানসন্মত বচনলৈ ৰুপান্তৰিত কৰা হয়। তথাপিও কিন্তু সকলো বাক্যই বচন হব নোৱাৰে।

    (৩) বচন সদায় সঁচা বা মিছা হব পাৰে। সত্যতা আৰু মিথ্যাত্বই হৈছে বচনৰ ধৰ্ম। বাক্যৰ ক্ষেত্ৰত কিন্তু সঁচা-মিছাৰ প্ৰশ্ন নাহে, কিয়নো প্ৰশ্নবোধক, আদেশসূচক, ভাববোধক আদি বাক্যবোৰক সঁচা বা মিছা বুলি অভিহিত কৰা।

(b) বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাগ।

উত্তৰঃ

(c) সাপেক্ষ বচন।

উত্তৰঃ যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে তেনেকুৱা বচনক সাপেক্ষ বচন বোলে। অৰ্থাৎ সাপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয়। ই চৰ্তসাপেক্ষ বচন। উদাহৰণ স্বৰুপে- যদি মানুহজন দয়ালু হয় নিশ্চয় ইয়ালৈ আহিব আহিব। হয় তেওঁ আমিষভোজী নহয় নিৰামিষভোজী।

    দুয়োটা উদাহৰণতে দেখা গৈছে যে উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ চৰ্তৰ ওপৰত নিৰ্ভৰ কৰিছে। পিছৰ অংশৰ সত্যতা আগৰ অংশৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰিছে। সাপেক্ষ বচনক দুটা ভাগত ভগোৱা হৈছে- (a) সকল্পক বচন আৰু  (b) বিকল্পক বচন।

7. উদাহৰণ দিয়াঃ

(i) সদৰ্থক বচন।

উত্তৰঃ সকলো মানুহ হয় মৰণশীল।

(ii) বিশেষ বচন।

উত্তৰঃ কিছুমান মানুহ হয় সাধু।

(iii) বিকল্পক বচন।

উত্তৰঃ হয় মানুহজন এজন সৰবজান নহয় ঠগ।

(iv) সম্ভাৱ্য় বচন।

উত্তৰঃ লৰাজন বদমাচ হব পাৰে।

(v) অনিবাৰ্যমূলক বচন।

উত্তৰঃ ‘পাঁচে পাঁচে মিলি দহ হবই’।

8. সত্য় হ’লে ‘T’ আৰু অসত্য় হ’লে ‘F’ লিখাঃ

(a) সংযোজকটো বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ সুচক চিন।

উত্তৰঃ T

(b) সম্বন্ধ অনুযায়ী বচনক সকল্পক আৰু বিকল্পক এই দুটা ভাগত ভগোৱা হৈছে।

উত্তৰঃ T

(c) নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো চৰ্ত সাপেক্ষ নহয়।

উত্তৰঃ T

(d) ‘O’ বচনটো বিশেষ নঞৰ্থক।

উত্তৰঃ T

(e) ‘হৰি হয় এজন ভাল ল’ৰা’- বচনটো সামান্য় বচন।

উত্তৰঃ F

(f) ‘সূৰ্য পূবপিনে উদয় হয়’- বচনটো সামান্য় বচন।

উত্তৰঃ F

9. অৱধাৰণ আৰু বচনৰ মাজৰ সম্পৰ্ক বিতংভাৱে আলোচনা কৰা।

উত্তৰঃ

10. বচন বুলিলে কি বুজা? বচনৰ বিভিন্ন অংশবোৰ আলোচনা কৰা।

উত্তৰঃ আমি সচৰাচৰ যিবোৰ বাক্য ব্যৱহাৰ কৰো তাক স্পষ্ট আৰু প্ৰমাণযোগ্য কৰিবৰ বাবে তৰ্কবিজ্ঞানত এটি বিশেষ ৰুপ দি লও যাক বচন বুলি কোৱা হয়। যদিও বাক্য আৰু বচন দেখাত একেই যেন লাগে, তথাপিও কিন্তু সিহঁতৰ মাজত কিছুমান বিষয়ত পাৰ্থক্য থকা পৰিলক্ষিত হয়।

    (১) বচনত তিনিটা অংশ থাকে। উদ্দেশ্য, সংযোজক আৰু বিধেয়। আনহাতে, বাক্যৰ ভাগ দুটা- উদ্দেশ্য আৰু বিধেয়।

    (২) সকলোবোৰ বচনেই বাক্য হব পাকে কিন্তু সকলোবোৰ বাক্যই বচন হব নোৱাৰে। ব্যাকৰণৰ বাক্য বৰ্ণনামূলক, ভাববোধক, ইচ্ছাবোধক, আদেশসূচক, প্ৰশ্নবোধক হব পাৰে। বচনত কিন্তু অকল বৰ্ণনামূলক বাক্যহে ব্যৱহৃত হয়। যদিও কিছুমান বাক্যক বচনৰ সৰলীকৰণ নিয়মেৰে তৰ্কবিজ্ঞানসন্মত বচনলৈ ৰুপান্তৰিত কৰা হয়। তথাপিও কিন্তু সকলো বাক্যই বচন হব নোৱাৰে।

    (৩) বচন সদায় সঁচা বা মিছা হব পাৰে। সত্যতা আৰু মিথ্যাত্বই হৈছে বচনৰ ধৰ্ম। বাক্যৰ ক্ষেত্ৰত কিন্তু সঁচা-মিছাৰ প্ৰশ্ন নাহে, কিয়নো প্ৰশ্নবোধক, আদেশসূচক, ভাববোধক আদি বাক্যবোৰক সঁচা বা মিছা বুলি অভিহিত কৰা।

    (৪) বাক্যৰ কোনো নিৰ্দিষ্ট আকাৰ নাই। কিন্তু বচন সদায় তৰ্কবিজ্ঞানসন্মত নিৰ্দ্দিষ্ট (A, E, I, O) যিকোনো এটা ৰুপত থাকিবই লাগিব।

    (৫) বচন যিকোনো কালত থাকিব নোৱাৰে। কেৱল বৰ্তমান কালতহে থাকিব লাগে। বাক্য কিন্তু অতীত, বৰ্তমান, ভৱিষ্যৎ যিকোনো কালত থাকিব পাৰে।

    (৬) বচনৰ সংযোজক সদায় ভূ-ধাতুৰ নিত্য বৰ্তমান কালতহে থাকিব লাগে। বাক্য কিন্তু যিকোনো ধাতুৰ হব পাৰে। তৰ্ক বিজ্ঞানত ঘাইকৈ বচন শব্দটোৰহে ব্যৱহাৰ হয় বাক্য শব্দটোৰ ব্যৱহাৰ নহয়।

11. বচন কি? ইয়াৰ বিভিন্ন অংশবোৰ কি কি? সংযোজকৰ প্ৰকৃতি আলোচনা কৰা।

সংযোজকৰ প্ৰকৃতিঃ সংযোজক বচনৰ উদ্দেশ্য বা বিধেয়কৰুপে ব্যৱহাৰ হব নোৱাৰে বাবে পদ হব নোৱাৰে। ই উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধৰ প্ৰকাশ চিন মাত্ৰ। সংযোজক সদায় ধাতুৰ বৰ্তমান কাল ৰুপত থাকে। সংযোজক সমৰ্থক বা নঞৰ্থক হব পাৰে।

12. তৰ্কবিজ্ঞানসন্মত বচনৰ বিভিন্ন অংশবোৰ উদাহৰণেৰে সৈতে বাখ্যা কৰা।

উত্তৰঃ দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তি বা উল্লেখক বচন বোলে। প্ৰত্যেক বচনত দুটা পদ থাকে। এই দুটা পদৰ মাজৰ সম্বন্ধ নিৰ্দেশ কৰাই হল বচনৰ কাম।

প্ৰত্যেক বচনত তিনিটা অংশ থাকে। এই তিনিটা অংশ ক্ৰমে উদ্দেশ্য, সংযোজক আৰু বিধেয়।

বচনত যি পদ সম্পৰ্কে কিবা কোৱা হয়। অৰ্থাৎ যি পদ সম্পৰ্কে কিবা স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে উদ্দেশ্য বোলে।

উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ যি পদক উদ্দেশ্য সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেোয় বোলে।

উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে। যেনে- মানুহ মৰণশীল।

13. গুণ আৰু পৰিমাণ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা। প্ৰত্য়েককে উদাহৰণসহ বাখ্যা কৰা।

উত্তৰঃ গুণ আৰু পৰিমাণৰ মিশ্ৰনীতি অনুসৰি অৰ্থাৎ গুণগত আৰু পৰিমাণগত দিশৰ পৰা বচনক চাৰি ভাগত ভগোৱা হৈছে। যেনে-

(1) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰ ক্ষেত্ৰতেই স্বীকাৰ কৰা হয় তাক সামান্য সদৰ্থক বচন বোলে। যেনে- সকলো মানুহ হয় মৰণশীল।

(2) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰ ক্ষেত্ৰটেই অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে।

(3) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে। যেনে- কিছুমান মানুহ হয় জ্ঞানী।

(৪) বিশেষ নঞৰ্থক (O) যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে অস্বীকাৰ কৰা হয় তাক বিশেষ নঞৰ্থক বচন বোলে। যেনে- কিছুমান মানুহ নহয় সাধু।

বচনৰ এনে চাৰিপ্ৰকাৰৰ বিভাজনকে বচনৰ চতুবৰ্গীয় বিভাজন বোলে।

14. বচন কাক বোলে? বচনত চতুবৰ্গীয় বিভাজন বাখ্যা কৰা।

উত্তৰঃ আমি সচৰাচৰ যিবোৰ বাক্য ব্যৱহাৰ কৰো তাক স্পষ্ট আৰু প্ৰমাণযোগ্য কৰিবৰ বাবে তৰ্কবিজ্ঞানত এটি বিশেষ ৰুপ দি লও যাক বচন বুলি কোৱা হয়।

(1) সামান্য সদৰ্থক বচন (A) যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰ ক্ষেত্ৰতেই স্বীকাৰ কৰা হয় তাক সামান্য সদৰ্থক বচন বোলে। যেনে- সকলো মানুহ হয় মৰণশীল।

(2) সামান্য নঞৰ্থক বচন (E) যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰ ক্ষেত্ৰটেই অস্বীকাৰ কৰা হয় তাক সামান্য নঞৰ্থক বচন বোলে।

(3) বিশেষ সদৰ্থক বচন (I) যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে। যেনে- কিছুমান মানুহ হয় জ্ঞানী।

(৪) বিশেষ নঞৰ্থক (O) যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে অস্বীকাৰ কৰা হয় তাক বিশেষ নঞৰ্থক বচন বোলে। যেনে- কিছুমান মানুহ নহয় সাধু।

15. নিশ্চয়তা অনুসৰি বচনৰ শ্ৰেণীবিভাজন কৰা আৰু উপযুক্ত উদাহৰণসহ সিহঁতৰ যিকোনো এটাৰ সংজ্ঞা দিয়া।

উত্তৰঃ নিশ্চয়তা অনুসৰি বচনক তিনি ভাগত ভগোৱা হৈছে। ভাগকেইটা হল- 

    (i) অনিবাৰ্য,

    (ii) বিৱৰণাত্মক

    (iii) সম্ভাব্য।

যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ নিশ্চিতভাৱে জোৰ দি বুজোৱা হয়, তেনেকুৱা বচনক অনিবাৰ্য বচন বোলে। উদাহৰণস্বৰুপে- ‘চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি চাৰি সমকোণৰ সমাণ’।

16. সম্বন্ধ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা। উদাহৰণসহ সাপেক্ষ বচনৰ বিভিন্ন ভাগ বাখ্যা কৰা।

উত্তৰঃ সম্বন্ধ অনুসৰি বচনক প্ৰধানত দুটা ভাগত ভাগ কৰা হৈছে- (i) নিৰপেক্ষ বচন আৰু  (ii) সাপেক্ষ বচন।

(1) নিৰপেক্ষ বচনঃ যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, তেনেকুৱা বচনক নিৰপেক্ষ বচন বোলে। অৰ্থাৎ নিৰপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ চৰ্ত সাপেক্ষ নহয়। উদাহৰণস্বৰুপে- কিছুমান ফুল নহয় ৰঙা ইত্যাদি। উপৰোক্ত উদাহৰণ কেইটাত দেখা গৈছে যে বচন কেইটাত থকা উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াত, বিধেয় পদক উদ্দেশ্য পদ সম্পৰ্কে চৰ্তহীনভাৱে স্বীকাৰ বা অস্বীকাৰ কৰা হৈছে। গতিকে আটাইকেইটা নিৰপেক্ষ বচন।

(2) সাপেক্ষ বচনঃ যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে তেনেকুৱা বচনক সাপেক্ষ বচন বোলে। যেনে- ‘যদি মানুহজন দয়ালু হয় নিশ্চয়  ইয়ালৈ আহিব আহিব’। সাপেক্ষ বচনক আকৌ দুটা ভাগত ভগোৱা হৈছে- সকল্পক বচন আৰু বিকল্পক বচন।