বৰষুণ, মেঘ, কুঁৱলী আৰু নিয়ৰ
Chapter-17
১। বৰষুণ ক’ৰ পৰা আহে ?
ক) আকাশৰ পৰা
খ) মেঘৰ পৰা
গ) এটাও নহয়
উত্তৰঃ খ) মেঘৰ পৰা।
২। কেনেধৰণৰ মেঘ জমা হ’লে বৰষুণৰ সৃষ্টি হয় ?
ক) ক’লা মেঘ
খ) নীলা মেঘ
গ) এটাও নহয়
উত্তৰঃ ক) ক’লা মেঘ।
৩। কোনো বস্তু কিমান গৰম বা কিমান ঠাণ্ডা তাক কোনে বুজায় ?
ক) থাৰ্ম’মিটাৰ
খ) উষ্ণতাই
গ) এটাও নহয়
উত্তৰঃ খ) উষ্ণতাই।
৪। কি যন্ত্ৰৰে উষ্ণতা জুখিব পাৰি ?
ক) থাৰ্ম’মিটাৰ
খ) বেৰ’মিটাৰ
গ) এটাও নহয়
উত্তৰঃ ক) থাৰ্ম’মিটাৰ।
৫। তাপ পালে বস্তুৰ কি হয় ?
ক) উষ্ণতা কমে
খ) উষ্ণতা বাঢ়ে
গ) এটাও নহয়
উত্তৰঃ খ) উষ্ণতা বাঢ়ে।
৬। পানীৰ কঠিন অৱস্থাতো কি ?
ক) বৰফ
খ) বৰষুণ
গ) এটাও নহয়
উত্তৰঃ ক) বৰফ।
৭। পানীৰ গেছীয় অৱস্থাতো কি ?
ক) ভূ-জল
খ) জলীয় বাষ্প
গ) এটাও নহয়
উত্তৰঃ খ) জলীয় বাষ্প।
৮। কি কালত বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ বেছি ?
ক) শৰৎ কালত
খ) বাৰিষা কালত
গ) এটাও নহয়
উত্তৰ) খ) বাৰিষা কালত।
৯। প্ৰাকৃতিকভাৱে পানী বাষ্পত পৰিণত হোৱাকে কি বুলি কোৱা হয় ?
ক) বাষ্পীভৱন
খ) বাষ্পীকৰণ
গ) এটাও নহয়
উত্তৰঃ ক) বাষ্পীভৱন।
১০। পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰ লগ লাগি কি সৃষ্টি হয় ?
ক) টোপালৰ
খ) মেঘৰ
গ) এটাও নহয়
উত্তৰঃ ক) টোপালৰ।
১১। কেতিয়া শিলাবৃষ্টি হোৱা বুলি কোৱা হয় ?
ক) যেতিয়া আকাশত নীলা মেঘ জমা হয়
খ) যেতিয়া আকাশত পানীৰ টোপাল গোট মাৰি বৰফ হয়
গ) এটাও নহয়
উত্তৰঃ খ) যেতিয়া আকাশত পানীৰ টোপাল গোট মাৰি বৰফ হয়।
১২। ভূ-পৃষ্ঠৰ ভিতৰত সোমাই থকা পানী ভাগক কি বোলে ?
ক) ভূ-জল
খ) অধঃক্ষেপণ
গ) এটাও নহয়
উত্তৰঃ ক) ভূ-জল।
১৩। আমাৰ ব্ৰহ্মপুত্ৰ নদীখন কোনখন সাগৰত মিলিছে ?
ক) আৰৱ সাগৰত
খ) বংগোপসাগৰত
গ) এটাও নহয়
উত্তৰঃ খ) বংগোপসাগৰত।
১৪। জলচক্ৰৰ মূলত কেইটা প্ৰক্ৰিয়া সংঘটিত হয় ?
ক) চাৰিটা
খ) তিনিটা
গ) এটাও নহয়
উত্তৰঃ ক) চাৰিটা।
১৫। বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি ?
ক) বেৰ’মিটাৰ
খ) বৰষুণ জোখা সঁজুলি
গ) এটাও নহয়
উত্তৰঃ খ) বৰষুণ জোখা সঁজুলি।
১৬। তাপ গ্ৰহণ কৰি বৰফ আৰু পানী কিহলৈ ৰূপান্তৰিত হয় ?
ক) বৰফ পানীলৈ আৰু পানী জলীয় বাষ্পলৈ
খ) বৰফ জলীয় বাষ্পলৈ আৰু পানী বৰফলৈ
গ) এটাও নহয়
উত্তৰঃ ক) বৰফ পানীলৈ আৰু পানী জলীয় বাষ্পলৈ।
১৭। কুঁৱলীৰ স্থান ক’ত ?
ক) ধৰাপৃষ্ঠত
খ) আকাশত
গ) এটাও নহয়
উত্তৰঃ ক) ধৰাপৃষ্ঠত।
১৮। বৰষুণ বা বৰফ হিচাপে পৃথিৱীলৈ অহা প্ৰক্ৰিয়াক কি বোলে ?
ক) বৰষুণ
খ) অধঃক্ষেপণ
গ) এটাও নহয়
উত্তৰঃ খ) অধঃক্ষেপণ।
১৯। বাষ্পীকৰণ বুলিলে কি বুজা ?
ক) পানীক কম সময়ত জলীয় বাষ্পত পৰিণত কৰা
খ) প্ৰাকৃতিৰভাৱে বৰফ হোৱা
গ) এটাও নহয়
উত্তৰঃ ক) পানীক কম সময়ত জলীয় বাষ্পত পৰিণত কৰা।
২০। আমাৰ দেহত থকা পানীও __________ হৈ থাকে ।
ক) বাষ্পীকৰণ
খ) বাষ্পীভূত
গ) এটাও নহয়
উত্তৰঃ খ) বাষ্পীভূত