Chapter- 1
খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ
১) ‘জীৱন-ধাৰন’ মানে কি ?
(ক) নিয়ম
(খ) জীয়াই থকা
(গ) উপায়
উত্তৰ- (খ) জীয়াই থকা ।
২) আদিম মানুহৰ প্ৰথম বাসভূমি কি আছিল?
(ক) শিলৰ গুহা
(খ) গৃহ
(গ) অৰণ্য
উত্তৰ- (গ) অৰণ্য ।
৩) আদিম মানুহে দল বান্ধি ঘূৰি ফুৰোঁতে প্ৰথমে কি খাদ্য খাবলৈ লৈছিল ।
(ক) ফল-মূল
(খ) মাছ-মাংস
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (ক) ফল-মূল ।
৪) জুই আৱিস্কাৰ হোৱাৰ পাছতেই আদিম মানুহ বোৰে প্ৰথমে কেনেদৰে মাংস খাবলৈ লৈছিল?
(ক) পুৰি খাইছিল
(খ) সিজাই খাইছিল
(গ) ভাজি খাইছিল
উত্তৰ- (ক) পুৰি খাইছিল ।
৫) পোন প্ৰথমে পৃথিৱীৰ কোন কোন ঠাইত মানুহৰ বসতি আৰম্ভ হৈছিল?
(ক) আফ্ৰিকা মহাদেশৰ কোনো কোনো ঠাইত
(খ) ভাৰতৰ দক্ষিন অংশত
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।
৬) পৃথিৱীত প্ৰায় কিমান নিযুত বছৰৰ আগেয়ে মানুহৰ সৃষ্টি হৈছিল।
(ক) প্ৰায় ১ নিযুত বছৰৰ আগত
(খ) প্ৰায় ২ নিযুত বছৰৰ আগত
(গ) প্ৰায় ৩ নিযুত বছৰৰ আগত
উত্তৰ- (খ) প্ৰায় ২ নিযুত বছৰৰ আগত ।
৭) আদিম মানুহে কেনেদৰে জুই জ্ৱলোৱাৰ কৌশল আয়ত্ত কৰিছিল ।
(ক) শিলে শিলে ঘঁহনি খুৱাই
(খ) শুকান কাঠ ঘহঁনি খুৱাই
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।
৮) আদিম মানুহে সজুঁলি বা হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা প্ৰথম বস্তুটো কি ।
(ক) শিল
(খ) হাতুৰি
(গ) বটালি
উত্তৰ- (ক) শিল ।
৯) যীশু খ্ৰীষ্টৰ জন্মৰ দহ হাজাৰ বছৰ আগৰ সময়খিনিক কি যুগ বুলি কোৱা হয়।
(ক) মধ্য প্ৰস্তৰ যুগ
(খ) নৱপ্ৰস্তৰ যুগ
(গ) প্ৰত্ন প্ৰস্তৰ যুগ
উত্তৰ- (ক) মধ্য প্ৰস্তৰ যুগ ।
১০) যীশু খ্ৰীষ্টৰ জন্মৰ পাচঁ হাজাৰ বছৰ আগলৈকে মানুহৰ সকলো সজুলিঁ কিহৰ দ্বাৰা নিৰ্মিত হৈছিল।
(ক) জন্তুৰ হাড়
(খ) কাঠ
(গ) শিল
উত্তৰ- (গ) শিল ।
১১) প্ৰত্ন প্ৰস্তৰ যুগক কি যুগ বুলি কোৱা হয়।
(ক) মধ্য প্ৰস্তৰ যুগ
(খ) নৱপ্ৰস্তৰ যুগ
(গ) শিলৰ যুগ
উত্তৰ- (গ) শিলৰ যুগ ।
১২) আদিম মানুহে সাদ্য সংগ্ৰহ আৰু চিকাৰ কেনেদৰে কৰিছিল ।
(ক) দল বান্ধি
(খ) অকলে
(গ) দুজন মানুহ লগ হৈ
উত্তৰ- (ক) দল বান্ধি ।
১৩) আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল
(ক) লজ্বা নিবাৰণ কৰা
(খ) বাসগৃহ স্থাপন কৰা
(গ) পেটৰ ভোক নিবাৰণ কৰা
উত্তৰ- (গ) পেটৰ ভোক নিবাৰণ কৰা ।
১৪) যীশু খ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাচঁ হাজাৰ বছৰ আগৰ সময়খিনিক কি যুগ বুলি কোৱা হয়।
(ক) মধ্য প্ৰস্তৰ যুগ
(খ) নৱপ্ৰস্তৰ যুগ
(গ) প্ৰত্ন প্ৰস্তৰ যুগ
উত্তৰ- (খ) নৱপ্ৰস্তৰ যুগ ।
১৫) আদিম মানুহে কোনবোৰ বস্তুক অলঙ্কাৰ হিচাপে ব্যৱহাৰ কৰিছিল।
(ক) জন্তুৰ হাড়
(খ) জন্তুৰ দাত
(গ) ওপৰৰ দুযোটাই
উত্তৰ- (গ) ওপৰৰ দুযোটাই ।
১৬। প্ৰণালী মানে কি ?
(ক) জীয়াই থকা
(খ) নিয়ম আৰু উপায়
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (খ) নিয়ম আৰু উপায় ।
১৭। কোন ঠাইত পোনপ্ৰথমে মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায় ?
(ক) আফ্ৰিকাত
(খ) আমাৰ দেশ ভাৰতৰ দক্ষিণ অংশত
(গ) এটাও নহয়
উত্তৰ- (খ) আমাৰ দেশ ভাৰতৰ দক্ষিণ অংশত ।
১৮। এই পৃথিৱীৰ প্ৰায় কিমান বছৰৰ আগতে মানুহৰ সৃষ্টি হৈছিল ?
(ক) ২ নিযুত
(খ) ২ হাজাৰ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) ২ নিযুত ।
১৯। আদিম মানুহে সকলোবোৰ খাদ্য কেনেকৈ খাইছিল ?
(ক) সিজাই খাইছিল
(খ) পুৰি খাইছিল
(গ) কেঁচাই খাইছিল
উত্তৰ- (গ) কেঁচাই খাইছিল ।
২০। সেই সময়ত মানুহৰ সংখ্যা কিমান আছিল ?
(ক) অধিক
(খ) নিচেই তাকৰ
(গ) এটাও নহয়
উত্তৰ- (খ) নিচেই তাকৰ ।
Type by- Bikul Mandal