১। কোন আহিলে ঘৰ-বাৰী ধ্বংস হ’ব পাৰে ?
ক) ভূঁইকঁপ
খ) বতাহ
গ) বৰষুণ
উত্তৰঃ ক) ভূঁইকঁপ।
২। পৃথিৱীখনৰ ভিতৰভাগ অত্য়ন্ত কি হয় ?
ক) শীত
খ) গৰম
গ) শুকান
উত্তৰঃ খ) গৰম।
৩। ‘ৰিখ্টাৰ স্কেল’ কোনে আৱিস্কাৰ কৰিছিল ?
ক) এন্টনি ভন লিউৱেনহুক
খ) আইনষ্টাইন
গ) চাৰ্লচ ফ্ৰান্সিচ ৰিখ্তাৰে
উত্তৰঃ গ) চাৰ্লচ ফ্ৰান্সিচ ৰিখ্তাৰে।
৪। কিমান চনত ‘ ৰিখ্তাৰ স্কেল ‘ আৱিস্কাৰ হৈছিল ?
ক) ১৯৩৫ চনত
খ) ১৯৪০ চনত
গ) ১৯৩০ চনত
উত্তৰঃ ক) ১৯৩৫ চনত।
৫। ভাৰতীয় শাস্ত্ৰমতে পৃথিৱীখন ক’ত অৱস্থিত ?
ক) বাহিৰৰভাগত
খ) ভিতৰভাগত
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ খ) ভিতৰভাগত
৬। ভূগৰ্ভৰ পৰা মানুহে কি কি আহৰণ কৰে ?
ক) তাম, ধাতু
খ) মুদ্ৰা, মুকুট
গ) সোণ, ৰূপ
উত্তৰঃ গ) সোণ, ৰূপ।
৭। পাঠটিত কিহে দিশ সলায় বুলি কৈছে ?
ক) নদীয়ে
খ) পুখুৰীয়ে
গ) জুৰিয়ে
উত্তৰঃ ক) নদীয়ে।
৮। গৱেষণাৰ শব্দৰ অৰ্থ কি ?
ক) কিংবদন্তি
খ) অনুসন্ধান
গ) জাননি
উত্তৰঃ খ) অনুসন্ধান।
৯। চিপৰাং শব্দৰ অৰ্থ কি ?
ক) খনিত্ৰ
খ) কোৰ
গ) লোহাৰ খন্তি
উত্তৰঃ গ) লোহাৰ খন্তি।
১০। কোনটো বাহিনীৰ কাৰ্য্য়ালয়ৰ পৰা ফোন নম্বৰ সংগ্ৰহ কৰি লিখি লোৱাৰ কথা কৈছে ?
ক) অগ্নি নিৰ্বাপক বাহিনী
খ) বায়ু সেনা বাহিনী
গ) জল সেনা বাহিনী
উত্তৰঃ ক) অগ্নি নিৰ্বাপক বাহিনী।