Chapter 4
সামাজিক নৃতত্ব
1. জি. পি. মাৰ্ডকে লিখা পুথিখনৰ নাম কি ?
(ক) “Social Structure”
(খ) “Elementary”
(গ) “Decent of Man”
উত্তৰঃ (ক) “Social Structure”
2. কৰ্তৃত্বৰ ভিত্তিত প্ৰাথমিক পৰিয়ালক কেইটা ভাগত ভাগ কৰে ?
(ক) তিনিটা
(খ) দুটা
(গ) সাতটা
উত্তৰঃ (খ) দুটা
3. এজন পুৰুষ, তেওঁৰ একাধিক পত্নী আৰু ল’ৰা-ছোৱালীৰে গঠিত পৰিয়ালক কি পৰিয়াল বোলে ?
(ক) একক পৰিয়াল
(খ) যুগ্ম পৰিয়াল
(গ) সংযুক্ত পৰিয়াল
উত্তৰঃ (খ) যুগ্ম পৰিয়াল
4. যুগ্ম পৰিয়াল কেই প্ৰকাৰৰ হ’ব পাৰে ?
(ক) এক প্ৰকাৰৰ
(খ) দুই প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ
উত্তৰঃ (গ) তিনি প্ৰকাৰৰ
5. বহুপতিৰ পৰিয়ালৰ উদাহৰণ হ’ল ?
(ক) হেহে সমাজ
(খ) মাৰকুৱেছাঁ সমাজ
(গ) টোডা সমাজ
উত্তৰঃ (গ) টোডা সমাজ
6. এজন লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল লগ লাগি গঠিত হোৱা পৰিয়ালক কি পৰিয়াল বোলে ?
(ক) সংযুক্ত পৰিয়াল
(খ) যৌগিক পৰিয়াল
(গ) বিস্তৃত পৰিয়াল
উত্তৰঃ (ক) সংযুক্ত পৰিয়াল
7. পৰিয়ালৰ আন এটা উল্লেখযোগ্য প্ৰকাৰ্য কি ?
(ক) সম্প্ৰীতি
(খ) গোত্ৰ
(গ) প্ৰজনন
উত্তৰঃ (গ) প্ৰজনন
8. ছোটনাগপুৰ অঞ্চলৰ জনজাতি সকলৰ মাজত প্ৰত্যেক পৰিয়ালতে এখন কি থাকে ?
(ক) আদিং
(খ) নামঘৰ
(গ) মন্দিৰ
উত্তৰঃ (ক) আদিং
৯. বিবাহৰ ভিত্তিত পৰিয়াল সমূহক কেইটা ভাগত ভগাব পাৰি ?
(ক) চাৰিটা
(খ) এটা
(গ) ছয়টা
উত্তৰঃ (ক) চাৰিটা
10. বিয়াৰ পিছত নৱ-দম্পতিয়ে দৰাৰ ঘৰত থাকিলে তাক কি নিৱাস বোলে ?
(ক) মাতৃস্থানিক নিৱাস
(খ) পিতৃস্থানিক নিৱাস
(গ) মাতৃ-পিতৃস্থানিক নিৱাস
উত্তৰঃ (খ) পিতৃস্থানিক নিৱাস