Chapter 5
মনিক আৰু শিলা
১। গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ?
(ক) চিলিকা আৰু এলুমিনিয়াম
(খ) লৌহ আৰু নিকেল
(গ) লৌহ আৰু অয়স্কআৰু প’টাছিয়াম
উত্তৰঃ (ক) চিলিকা আৰু এলুমিনিয়াম
২। সৃষ্টিৰ তাৰতম্য অনুসৰি আগ্নেয়শিলা কেইপ্ৰকাৰৰ ?
(ক) দুই প্ৰকাৰৰ
(খ) তিনি প্ৰকাৰৰ
(গ) চাৰি প্ৰকাৰৰ
উত্তৰঃ (ক) দুই প্ৰকাৰৰ
৩। তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয় ?
(ক) ব্ৰেচিয়া
(খ) টিলাইট
(গ) মাৰ্বল
(ঘ) বোৰাক্স
উত্তৰঃ (গ) মাৰ্বল
৪। কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ?
(ক) সোণ
(খ) খনিজ ক’লা মাটি
(গ) ৰূপ
(ঘ) অভ্ৰ
উত্তৰঃ (ঘ) অভ্ৰ
৫। আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ?
(ক) ট’পাজ
(খ) কোৱাৰ্জ
(গ) হীৰা
(ঘ) ফেলছপাৰ
উত্তৰঃ (গ) হীৰা
৬। তলত উল্লেখ কৰা কোনটো ৰপান্তৰিত স্পষ্ট বৈশিষ্ট্য ?
(ক) পৰিৱৰ্তনশীল
(খ) স্ফটিকযুক্ত
(গ) ফ’লিয়েচন
(ঘ) স্থিৰতা
উত্তৰঃ (গ) ফ’লিয়েচন
৭। গঠন আৰু দানাৰ আকৃতি অনুযায়ী গেদীয় শিলাক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?
(ক) চাৰিটা
(খ) পাঁচটা
(গ) ছয়টা
উত্তৰঃ (খ) পাঁচটা
৮। আগ্নেয়শিলাৰ মাজত সোণ,ৰূপ,তাম,সীহ,দস্তা আদি ধাতৱ পদাৰ্থ পোৱা যায়, সচাঁ নে মিছা ?
(ক) সচাঁ
(খ) মিছা
উত্তৰঃ (ক) সচাঁ
৯। গঠনৰ ধৰণ অনুযায়ী গেদীয় শিলাক কেইটা ভাগত বিভক্ত কৰিব পাৰি ?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰঃ (খ) তিনিটা
১০। খনিজ দ্ৰব্যবোৰত ধাতু মিশ্ৰিত হৈ থাকেনে ?
(ক) থাকে
(খ) নাথাকে
উত্তৰঃ (খ) নাথাকে
১১। ধাতৱ পদাৰ্থ মিশ্ৰিত খনিজ দ্ৰব্যসমূহক কেইটা ভাগত ভগাব পাৰি ?
(ক) দুটা ভাগত
(খ) তিনিটা ভাগত
(গ) চাৰিটা ভাগত
উত্তৰঃ (খ) তিনিটা ভাগত
১২। ভূত্বক গঠনত এমফিবলৰ বৰঙনি কিমান শতাংশ-
(ক) ৪ শতাংশ
(খ) ৫ শতাংশ
(গ) ৭ শতাংশ
উত্তৰঃ (গ) ৭ শতাংশ
১৩। বৰ্তমানলৈ পৃথিৱীৰ খোলাটোত কিমানবিধ মণিক চিনাক্ত কৰা হৈছে ?
(ক) 15,000
(খ) 20,000
(গ) 25,000
উত্তৰঃ (খ) 20,000
১৪। কোৱাৰ্জ কিহেৰে গঠিত ?
(ক) চিলিকাৰে
(খ) পাইৰক্সিনেৰে
(গ) ফছফেটেৰে
উত্তৰঃ (ক) চিলিকাৰে
১৫। পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো হল ভূত্বক, শুদ্ধ নে অশুদ্ধ-
(ক) শুদ্ধ
(খ) অশুদ্ধ
উত্তৰঃ (ক) শুদ্ধ
১৬। আগ্নেয়শিলা হল প্ৰাথমিক শিলা, সচাঁ নে মিছা ?
(ক) সচাঁ
(খ) মিছা
উত্তৰঃ (ক) সচাঁ
১৭। ৰূপান্তৰিত শব্দৰ অৰ্থ কি ?
(ক) ৰূপ সংযোগ
(খ) ৰূপান্তৰ
(গ) ৰূপৰ পৰিৱৰ্তন
উত্তৰঃ (গ) ৰূপৰ পৰিৱৰ্তন
১৮। উৎপত্তিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি শিলাক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিব পাৰি-
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰঃ (খ) তিনিটা
১৯। এমফিবলৰ ৰং হল-
(ক) ৰঙা
(খ) হালধীয়া
(গ) সেউজীয়া
উত্তৰঃ (গ) সেউজীয়া
২০। কয়লা আৰু চূণশিল কি-
(ক) জৈৱশিলা
(খ) আগ্নেয় শিলা
(গ) শীতল শিলা
উত্তৰঃ (ক) জৈৱশিলা