Chapter- 8
সমাজ আৰু সামাজিক জীৱন প্ৰণালী
১) আমাৰ সমাজ খনৰ নাম কি ?
(ক) জীৱ সমাজ
(খ) মানৱ সমাজ
(গ) প্ৰাণী সমাজ
উত্তৰ- (খ) মানৱ সমাজ ।
২) যিবোৰ পৰিস্থিতিৰ সৈতে সহাৱস্থান অৰ্থাৎ খাপ-খুৱাই জীৱন-নিৰ্বাহ কৰিব লগীয়া হয়, সামগ্ৰীকভাৱে সেয়াই হল-
(ক) সামাজিক জীৱন
(খ) সাংস্কৃতিক জীৱন
(গ) অৰ্থনৈতিক জীৱন
উত্তৰ- (ক) সামাজিক জীৱন ।
৩) মানুহে সমাজৰ প্ৰতি পালন কৰা দায়িত্ব আৰু কৰ্তব্য বোৰক কি কৰ্তব্য বুলি কোৱা হয় ?
(ক) সাংস্কৃতিক কৰ্তব্য
(খ) সামাজিক কৰ্তব্য
(গ) বৃত্তিমুখী কৰ্তব্য
উত্তৰ- (ক) সাংস্কৃতিক কৰ্তব্য ।
৪) গাৱঁৰ অঞ্চলৰ মানুহৰ সামাজিক জীৱন কেনেধৰনৰ ?
(ক) সহজ-সৰল
(খ) মুকলিমূৰীয়া
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
৫) বিচিত্ৰতা বা বিভিন্নতা থকাৰ বাবে মানুহৰ সামাজিক জীৱনটো কেনেধৰনৰ হয় ?
(ক) বিচিত্ৰ পূৰ্ণ
(খ) বৈচিত্ৰ পূৰ্ণ
(গ) বিশিষ্টময়
উত্তৰ- (খ) বৈচিত্ৰ পূৰ্ণ ।
৬) সামাজিক জীৱনে আমাক কি প্ৰদান কৰে ?
(ক) সুৰক্ষা
(খ) নিৰাপত্তা
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
৭) আমাৰ ভাৱ অনুভূতি প্ৰকাশ কৰা বহল ক্ষেত্ৰখন কি বোলে ?
(ক) ঘৰ
(খ) পাহাৰ
(গ) সমাজ
উত্তৰ- (গ) সমাজ ।
৮) সুস্থ সমাজ এখনত বসবাস কৰা লোকসকল কি হয় ?
(ক) প্ৰগতি
(খ) কল্যাণমুখী
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
৯) সামাজিক জীৱন হল-
(ক) পৰিৱৰ্তনশীল
(খ) অপৰিৱৰ্তনশীল
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) পৰিৱৰ্তনশীল ।
১০) আজিৰ পৰা কিমান বছৰ আগৰ সামাজিক জীৱন আৰু আজিৰ সামাজিক জীৱনৰ মাজত পাৰ্থক্য আছে ?
(ক) ১৪ বছৰৰ আগৰ
(খ) ২৫ বছৰৰ আগৰ
(গ) ২ বছৰৰ আগৰ
উত্তৰ- (খ) ২৫ বছৰৰ আগৰ ।
১১) মানুহ কি প্ৰাণী ?
(ক) সামাজিক প্ৰাণী
(খ) ঘৰুৱা প্ৰাণী
(গ) বছৰেকীয়া প্ৰাণী
উত্তৰ- (ক) সামাজিক প্ৰাণী ।
১২) সমাজৰ ধাৰণা কেনেকুৱা ?
(ক) বৰ টান
(খ) কঠিন বা সহজ
(গ) স্পষ্ট আৰু সহজ
উত্তৰ- (গ) স্পষ্ট আৰু সহজ ।
১৩) কেনেধৰণৰ পৰিবেশে সামাজিক জীৱনৰ সূচনা কৰিছে ?
(ক) হুলস্থুলীয়া পৰিবেশ
(খ) সামাজিক পৰিবেশ
(গ) ধৰ্মভিত্তিত পৰিবেশ
উত্তৰ- (খ) সামাজিক পৰিবেশ ।
১৪) ইছলাম ধৰ্মীসকলে কি পঢ়ে ?
(ক) নামাজ
(খ) হিন্দী পাঠ্যপুথি
(গ) ভক্তিমূলক পুথি
উত্তৰ- (ক) নামাজ ।
১৫) সমাজত বাস কৰা প্ৰত্যেকজন মানুহেই সমাজৰ প্ৰতি __________ ।
(ক) দায়িত্বশীল
(খ) সহনশীল
(গ) দায়বদ্ধ
উত্তৰ- (গ) দায়বদ্ধ ।
১৬) পৰিয়াল সমাজৰ কি গোট ?
(ক) যৌথ গোট
(খ) প্ৰাথমিক গোট
(গ) এটাও নহয়
উত্তৰ- (খ) প্ৰাথমিক গোট ।
১৭) তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?
(ক) নগৰ-মহানগৰৰ
(খ) গাঁৱৰ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) নগৰ-মহানগৰৰ ।
১৮) কি প্ৰিয় হোৱা বাবে মানুহ সামাজিক প্ৰাণী ?
(ক) খাদ্যপ্ৰিয়
(খ) প্ৰেমিকপ্ৰিয়
(গ) সংগপ্ৰিয়
উত্তৰ- (গ) সংগপ্ৰিয় ।
১৯)______ পৰিবেশেই সামাজিক জীৱনৰ সূচনা কৰে।
(ক) সামাজিক
(খ) ৰাজনৈতিক
(গ) অৰ্থনৈতিক
উত্তৰ- (ক) সামাজিক ।
২০) সমাজত ________ থাকে ।
(ক) হিংসা
(খ) বিচিত্ৰতা
(গ) ভেদভাব
উত্তৰ- (খ) বিচিত্ৰতা ।
Type by- Bikul Mandal