দেওবাৰ দেওবাৰ
Chapter-17
১। দেওবাৰ দেওবাৰ কবিতাটেৰ কবিজনৰ নাম কি ?
ক) কৰবী ডেকা হাজৰিকা
খ) নৱকান্ত বৰুৱা
গ) আনন্দ চন্দ্ৰ আগৰৱালা
উত্তৰঃ ক) কৰবী ডেকা হাজৰিকা।
২। কৰবী ডেকা হাজৰিকাক কি কবি বুলি কয় ?
ক) ভাঙনি-কোৱৰ কবি
খ) কবি-কাহিনীকাৰ
গ) কবি-গাতিকাৰ
উত্তৰঃ খ) কবি-কাহিনীকাৰ।
৩। কবিতাটোত কি কি বস্তু সিহঁতে বিচাৰি ফুৰে ?
ক) কমলা, কল
খ) জামুক, মধুৰিআম
গ) আমলখি, জলফাই
উত্তৰঃ গ) আমলখি, জলফাই।
৪। দেওবাৰ দিনটোত সিহঁতে কি কি খেলে বুলি কৈছে ?
ক) ফুটবল, মাৰবল, ক্ৰিকেট
খ) ভলীবল, কাবাদী, দীঘল জাপ
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) ফুটবল, মাৰবল, ক্ৰিকেট।
৫। দেওবাৰ দিনটোত কাৰ খং নাই বুলি কৈছে ?
ক) মাৰ
খ) দেউতাৰ
গ) ককাৰ
উত্তৰঃ খ) দেউতাৰ।
৬। সিহঁতে কোনটো বাৰ ভাল বুলি কৈছে ?
ক) দেওবাৰ
খ) সোমবাৰ
গ) বুধবাৰ
উত্তৰঃ ক) দেওবাৰ।
৭। বেজাৰ শব্দটোৰ অৰ্থ কি ?
ক) সুখ
খ) লাজ
গ) দুখ
উত্তৰঃ গ) দুখ।
৮। লাহে-ধীৰে শব্দৰ অৰ্থ কি ?
ক) খৰধৰ নকৰাকৈ
খ) অসন্তোষ
গ) সুখ
উত্তৰঃ ক) খৰধৰ নকৰাকৈ।
৯। লৰা-লৰি শব্দৰ অৰ্থ কি ?
ক) ধীৰে-শাঁতে
খ) খৰ-খেদা
গ) দুখ
উত্তৰঃ খ) খৰ-খেদা।
১০। দেওবাৰৰ দিনত কিয় বেজাৰৰ চিন নাথাকে ?
ক) স্কুল যাব নালাগে
খ) মাৰ-দেউতাৰ গালি খাব নালাগে
গ) ঘৰতে লগৰ লগত খেলিব পাওঁ
উত্তৰঃ গ) ঘৰতে লগৰ লগত খেলিব পাওঁ।