Chapter- 19
ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ
(১) ‘ভূ’ মানে কি ?
(ক) পৃথিৱী
(খ) গোলাকাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পৃথিৱী ।
(২) মানুহৰ জ্ঞান-বুদ্ধি যিমানেই বাঢ়িছে সিমানেই ভূগোল বিষয়ৰ অধ্যয়নৰ বহল হৈছে ।
(ক) সীমা
(খ) পৰিমাণ
(গ) পৰিসৰ
উত্তৰ- (গ) পৰিসৰ ।
(৩) ভূগোলক কেইটা ভাগত ভগাব পাৰি ?
(ক) ৪টা
(খ) ২টা
(গ) ৩টা
উত্তৰ- (খ) ২টা ।
(৪) ভূগোলৰ প্ৰধান ভাগ কেইটা কি কি ?
(ক) প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল
(খ) অৰ্থনৈতিক ভূগোল আৰু ৰাজনৈতিক ভূগোল
(গ) উদ্ভিদ ভূগোল আৰু জীৱ ভূগোল
উত্তৰ- (ক) প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল ।
(৫) ‘ভূগোল’ মানে কি ?
(ক) পৃথিৱী
(খ) গোলাকাৰ
(গ) গোলাকাৰ পৃথিৱী
উত্তৰ- (গ) গোলাকাৰ পৃথিৱী ।
(৬) ‘গোল’ মানে কি ?
(ক) গোলাকাৰ
(খ) পৃথিৱী
(গ) এটাও নহয়
উত্তৰ- (ক) গোলাকাৰ ।
(৭) মানুহ আৰু অন্য জীৱৰ সৃষ্টিৰ আগতে পৃথিৱীৰ বুকুত কিহৰ গঠন হৈছিল ?
(ক) পৰ্বত-পাহাৰ
(খ) নদ-নদী
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
(৮) গোলাকাৰ পৃথিৱীখনৰ বিষয়ে খৰচি মাৰি বিজ্ঞানসন্মতভাৱে আলোচনা কৰা বিষয়টোক কি বুলি কোৱা হয় ?
(ক) পৰিসৰ
(খ) ভূগোল
(গ) প্ৰত্নতত্ত্ব
উত্তৰ- (খ) ভূগোল ।
(৯) পৰিৱেশৰ লগত________ আৰু _______ আদিৰ সম্পৰ্ক অতি গভীৰ ।
(ক) খোৱা-বোৱা, সাজ-পোছাক আৰু থকা ঘৰ
(খ) মানুহ, জীৱ-জন্তু আৰু থকা ঘৰ
(গ) এটাও নহয়
উত্তৰ- (ক) খোৱা-বোৱা, সাজ-পোছাক আৰু থকা ঘৰ ।
(১০) কিহৰ সহায়ত গ্ৰহ-নক্ষত্ৰ আদিবোৰৰ ফটো পোৱা যায় ?
(ক) ৰকেটৰ সহায়ত
(খ) মানৱ ভূগোলৰ সহায়ত
(গ) কৃত্ৰিম উপগ্ৰহৰ সহায়ত
উত্তৰ- (গ) কৃত্ৰিম উপগ্ৰহৰ সহায়ত ।
(১১) পৃথিৱীখনত থকা সকলো বস্তুকে কি কি ভাগত ভাগ কৰিব পাৰি ?
(ক) জীৱ আৰু জড়
(খ) প্ৰাকৃতিক আৰু মানৱ
(গ) ৰাজনীতি আৰু সমাজনীতি
উত্তৰ- (ক) জীৱ আৰু জড় ।
(১২) পৃথিৱীৰ ভিতৰত জীৱ শ্ৰেষ্ঠ প্ৰাণী কি ?
(ক) কুকুৰ
(খ) মানুহ
(গ) গৰু
উত্তৰ- (খ) মানুহ ।
(১৩) প্ৰাকৃতিক ভূগোলত কিহৰ বিষয়ে আলোচনা কৰা হয় ?
(ক) পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ বিষয়ে
(খ) মানুহৰ সামাজিক, ৰাজনৈতিক আদিৰ বিষয়ে
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ বিষয়ে ।
(১৪) _______ আৰু _________ পৰস্পৰে পৰস্পৰৰ ওপৰত প্ৰভাৱ পেলায় ।
(ক) প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশে
(খ) সামাজিক আৰু ৰাজনৈতিক পৰিৱেশে
(গ) জীৱজগত আৰু জড়জগতে
উত্তৰ- (গ) জীৱজগত আৰু জড়জগতে ।
(১৫) পৃথিৱীৰ বিভিন্ন অঞ্চলত__________ বিভিন্ন হয় ।
(ক) নদ-নদীৰ আকৃতি
(খ) পৰিৱেশ
(গ) এটাও নহয়
উত্তৰ- (খ) পৰিৱেশ ।
(১৬) আগতে চন্দ্ৰৰ গাত থকা ক’লা দাগবোৰক মানুহে কি বুলি ভাবিছিল ?
(ক) তুলসী গছ
(খ) পৰ্বত-পাহাৰ
(গ) সৰু সৰু ঘাঁহ-বন
উত্তৰ- (ক) তুলসী গছ ।
(১৭) পৰিৱেশৰ লগত জীৱ-জন্তু আৰু উদ্ভিদৰো সম্পৰ্ক আছে বাবেই সকলো ঠাইৰে আৰু _______ একে নহয় ।
(ক) পৰিৱেশ আৰু জলবায়ু
(খ) জীৱ আৰু উদ্ভিদ
(গ) প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশ
উত্তৰ- (খ) জীৱ আৰু উদ্ভিদ ।
(১৮) পৃথিৱীত কোন জীৱৰ সৃষ্টি সদৌ শেষত হৈছিল ?
(ক) জীৱ-জন্তু
(খ) চৰাই-চিৰিকতি
(গ) মানুহ
উত্তৰ- (গ) মানুহ ।
(১৯) মানৱ ভূগোলত কিহৰ বিষয়ে অধ্যয়ন কৰা হয় ?
(ক) কৃত্ৰিম উপগ্ৰহৰ সহায়ত ফটো তোলা হয়
(খ) মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত হোৱা নানান পৰিৱৰ্তন
(গ) পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ বিষয়ে
উত্তৰ- (খ) মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত হোৱা নানান পৰিৱৰ্তন ।
(২০) কি ব্যৱহাৰৰ বাবে মানুহ জীৱ শ্ৰেষ্ঠ বুলি পৰিগণিত হ’ল ?
(ক) মগজুৰ
(খ) নিজৰ দেহ
(গ) এটাও নহয়
উত্তৰ- (ক) মগজুৰ ।
Type by- Bikul Mandal