ঠেঙ্গাল কছাৰীসকল অসমত বসবাস কৰি অহা এটি প্রাচীন জাতি হ’ল কছাৰী জাতি। প্রাচীন কালত কছাৰীসকলক কিৰাত বুলি অভিহিত কৰিছিল। নৃতত্ত্ববিদসকলে এই কিৰাতসকলক মঙ্গোলীয় বা মঙ্গোলয়ড বুলিছিল। এসময়ত অসমত আনকি সমগ্ৰ উত্তৰ ভাৰততে কিৰাতসকলৰ অখণ্ড আধিপত্য আছিল। মঙ্গোলীয় (কিৰাত) গোষ্ঠীৰ আবয়বিক বৈশিষ্ট্য হ’ল—‘গাৰ বৰণ পীত বা পীত পিংগল, কেশ ক’লা, ডাঢ়ি-গোফ তাকৰ, শৰীৰৰ নোম কম, মুখমণ্ডল বহল আৰু নাক চেপেটা। কপালস্থি বা হনু বৰ স্পষ্ট, নেত্র ঠেক বা নেত্ৰ বক্র, নেত্ৰচ্ছেদৰ ভাজ মঙ্গোলীয়ৰ এটি বিশেষ লক্ষণ।’ এই কিৰাতাসকলক সাধাৰণতে ডাঙৰ নদী বা পৰ্বতৰ দাঁতিকাষৰীয়া ঠাইত বসবাস কৰাৰ কাৰণে সংস্কৃত ভাষাত তেওঁলোকক কক্ষৱাট বোলে। কক্ষৱাটৰ পৰা কক্ষত > কচ্ছৰ লগত অৰি যোগ হৈ কচ্ছ + অৰি- কছাৰী নামৰ উৎপত্তি হয়। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা মঙ্গোলীয় গোষ্ঠীৰ এই কিৰাত বা কছাৰী লোকে নিজকে বড়ো বুলি অভিহিত কৰিব বিচাৰে। মঙ্গোলীয় গোষ্ঠীৰ এই বড়োসকলক ভাৰতীয় আন আন হিন্দুসকলে বিভিন্ন সময়ত কিৰাত, ম্লেচ্ছ, কছাৰী নামেৰে অভিহিত কৰি আহিছে যদিও কছাৰীহে তেওঁলোকৰ প্ৰচলিত নাম। ড° ভূৱন মোহন দাসে উত্তৰ পূৱ ভাৰতৰ মঙ্গোলীয়সকলক এনেদৰে ভাগ কৰিছে। ১) খাছী ২) বড়ো ৩) লুচাই কুকী ৪) নগা ৫) অৰুণাচলৰ জনজাতি ৬) অন্যান্য। অন্যান্য জাতিসকলৰ ভিতৰত মিছিং, দেউৰী, হাজং আদিক অন্তৰ্ভুক্ত কৰিছে। বড়োগোষ্ঠীৰ ভিতৰত গাৰো, ৰাভা, মেচ, তিৱা, ডিমাছা, ঠেঙ্গাল, সোণোৱাল, ঝাৰুৱা আদিক অন্তৰ্ভুক্ত কৰা হৈছে। এতেকে ঠেঙ্গাল কছাৰীসকলক মঙ্গোলীয় প্ৰজাতিৰ বড়ো গোষ্ঠীৰ পূৱ শাখাত ধৰিব পাৰি । ঠেঙ্গালসকল, বিশেষকৈ পাণ্ডৱ বীৰ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশোদ্ভৱ বুলি পৰিচয় আছে। হিড়িম্বা নামৰ ৰাক্ষসী এগৰাকী কন্যাৰ লগত ভীমৰ বৈবাহিক সম্পর্ক ঘটাৰ বাবেই ঘটোৎকচৰ জন্ম হয়। হিড়িম্বাৰ নাম অনুসৰি কছাৰীসকলৰ ৰাজ্যখনক ‘হিড়িম্বা’ৰাজ্য বা ‘হেড়েম্বা’ৰাজ্য আৰু ৰাজধানীক ‘হিড়িম্বাপুৰ’ বুলিছিল আৰু ৰজাসকলেও নিজকে হিড়িম্বাপতি বুলি পৰিচয় দিছিল। ঠেঙ্গাল কছাৰীৰ উৎপত্তি : সমৰ, সংঘাট আৰু জয় পৰাজয়ৰ মাজেৰে হেড়েম্বিয়াল কছাৰী ফৈদৰ দুৰ্দান্ত- ধনুর্বিদ্যাত পাৰ্গত জঙ বাহাদুৰ আৰু চক্ৰধ্বজ নামৰ দুজন যুৱকে কিছুমান কছাৰী পৰিয়াল লগত লৈ দৈয়াং উপত্যকাৰ কাছমাৰী পথাৰত এখন ৰাজ্য প্ৰতিষ্ঠা কৰি জঙ বাহাদুৰ তাৰ ৰজা হয়। তেওঁৰ সৈন্যবিলাকক ঠেঙা (Patloons) পিন্ধি যুদ্ধ কৰিবলৈ দিছিল। যুদ্ধত পিন্ধা ঠেঙা শান্তিৰ পৰিবেশতো পিন্ধি ফুৰাচকা কৰাৰ কাৰণে তেওঁলোকৰ প্ৰজাক আৰু জঙ বাহাদুৰক ঠেঙাল কছাৰী বুলিছিল।
ঠেঙ্গাল কছাৰীৰ অৱস্থান ঃ ঐতিহাসিক বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে অসমৰ উজনি অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং, ধনশিৰি উপত্যকা আৰু নগাঁও পর্যন্ত ঠেঙ্গাল কছাৰীৰ বংশসমূহৰ অৱস্থান আছিল। কালক্ৰমত ঐতিহাসিক পাকচক্ৰত আৰু অৰ্থনৈতিক কাৰণত তেওঁলোক অসমৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত বিভক্ত হৈ পৰে। দক্ষিণ পাৰে বৰ্তমান যোৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগাপাহাৰ পৰ্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চল ঠেঙাল কছাৰী লোকেৰে ভৰপূৰ। গোলাঘাট জিলাৰ ধনশিৰি পাৰৰ ঠেঙ্গাল গাও পঙ্কা, মৰঙি, বুঢ়াগোহাই খাট, সৰুপথাৰ, বৰ পথাৰ, চাউদাং পথাৰ, গমাৰি, চিচু পানী, মেৰাপানী, কাছমাৰী, দৈয়াং, কাৰ্বি আংলং জিলাৰ কালিয়নী, শিৱসাগৰ জিলাৰ সোনাৰি অঞ্চল, নাজিৰা, ডিব্ৰুগড় জিলাৰ নাহৰণী ঠেঙ্গাল গাও, চাচনী, উত্তৰ পাৰৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া, কাৱৈমাৰী বাগিছা, বঙালমৰা, নাহৰণী, পকাদৌল, খোলাগুৰি, বৰাইখনা, নাওবৈছাৰ সোনাপুৰ লোকামপুৰ, ঢেকীয়াজুলি, দল পাপথাৰ, বালিগাও, দক্ষিণ লালুক, হাৰমোতী, বান্দৰদেৱা, উত্তৰলালুক, ফুলবাৰী, কদম, ধেমাজি, গোগামুখ, কৃষ্ণপুৰ, গঢ়পাৰা, নাহৰবাৰী, পানীগাঁও, দঙ্গীবিল, জকাই পেলোৱা, জোনাই আদি ঠাইত ঘন বসতিপূর্ণ ঠেঙ্গাল কছাৰীৰ গাও আছে। ঠেঙ্গাল কছাৰীসকলে ঠেঙ্গাল নামেৰে জনাজাত হোৱাৰ পিছৰে পৰা ‘ঠেঙ্গাল’ উপাধি লিখি আহিছে যদিও তেওঁলোকৰ কোনো কোনোৱে ‘কছাৰী’ উপাধিও সমানে ব্যৱহাৰ কৰি আহিছে। ঠেঙ্গাল কছাৰী মানুহখিনিয়ে ৰজাঘৰীয়া বিষয়বাব খাইছিল, তাৰ প্ৰমাণ তেওঁলোকে লিখা উপাধিসমূহৰ পৰাই বুজিব পাৰি। এই উপাধিসমূহ শইকীয়া, হাজৰিকা, বৰা, নেওগ, বৰুৱা, ৰাজখোৱা, দাস, বৰ শইকীয়া, বৰুৱা, বৰবৰুৱা, হাতীবৰুৱা, ঘোঁৰা বৰুৱা, ভঁৰালী, চাংমাই ইত্যাদি। ঠেঙ্গাল কছাৰীৰ সমাজ-সংস্কৃতিৰ চমু পৰিচয় : ঠেঙ্গাল কছাৰীসকলে অতীতৰ পৰাই সমাজ পাতি বসবাস কৰি আহিছে আৰু বৰ্তমান অসমীয়া সামাজিক জীৱনৰ লগত সাঙোৰ খাই আছে। ঠেঙ্গাল কছাৰী সমাজ পুৰুষ প্ৰধান হিচাপে যৌথ পৰিয়ালভুক্ত। পিতৃয়েই পৰিয়ালৰ মুখ্য লোক । সমাজ-গাথনিঃ প্রাচীন কালত ঠেঙ্গালসকলৰ সমাজ ‘কৈৰাতজ’ ধৰ্মীয় গাঁঠনিৰে পৰিচালিত আছিল। কিন্তু পঞ্চদশ শতিকাত মহাপুৰুষ শঙ্কৰদেৱে নৱ-বৈষ্ণৱ একশৰণ নামধৰ্ম প্ৰচাৰ কৰি অসমৰ চুকে-কোণে যি সামাজিক আদৰ্শ দাঙি ধৰিছিল সেই আদৰ্শত ঠেঙ্গাল কছাৰীসকলো অনুপ্ৰাণিত হয়। তাৰ ফলস্বৰূপে সমাজত একোখন গাঁৱৰ সমাজ গঠনৰ আহিলা হিচাপে নামঘৰ প্ৰতিষ্ঠা হ’ল। ধৰ্মীয় সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত নামঘৰে তেওঁলোকৰ সমাজতো এক অভূতপূর্ব ভূমিকা গ্ৰহণ কৰিলে। সত্ৰৰ পদ্ধতি অনুসৰি ঠেঙ্গাল কছাৰীৰ মাজত এটা বৃহৎ এলেকাৰ ভিতৰত বৰমেধি, কুৰিয়া মেধি, চুক মেধি, বৰ টেকেলা, টেকেলা আদি বিষয়া আৰু একোখন গাৱত বা একোটা খেলত নামঘৰ থকাৰ লগতে নামঘৰীয়া, ভড়ালী, পাঠক, বায়ন, দেউৰী, ঢুলীয়া-ওজা আদি বিষয়বাবৰ লোক থাকে আৰু সত্ৰৰ সত্ৰাধিকাৰে ৰাজমেধি, পাচনি আৰু বৰমেধিৰ যোগেদি ঠেঙ্গাল কছাৰী সমাজৰ লগত যোগসূত্ৰ ৰাখি সমাজখনৰ ধৰ্ম ৰীতি পৰিচালনা কৰি থকা দেখা যায়। অন্যহাতে ঠেঙ্গাল কছাৰীৰ সমাজ-ব্যৱস্থা বা সামাজিক জীৱনত নাৰীৰ স্থানো পুৰুষৰ সমানেই।
অর্থনৈতিক জীৱন ঃ ঠেঙ্গাল কছাৰী অধিকাংশ লোক গাঁৱত বসবাস কৰি কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰে। ধান তেওঁলোকৰ প্ৰধান খেতি। গৰু, ম’হ, হাহ-পাৰ, কুকুৰা, ছাগলী আদি পহি সেইবোৰ বিক্ৰী কৰিও জীৱিকা উলিয়ায়। বাৰীত তামোল-পাণ, জাতিগত বৈশিষ্ট্য বাঁহ খেতি, আলু-কচু, বি শস্যৰ খেতি কৰি আৰ্থিক সমস্যা সমাধান কৰে।
সামূহিক জীৱন-পদ্ধতি ঃ মঙ্গোলীয় জনগোষ্ঠীৰ সবাতোকৈ ডাঙৰ বৈশিষ্ট্য হ’ল সামূহিক জীৱন পদ্ধতি । কছাৰীসকলে একোখন গাৱত দ’ল বান্ধি বাস কৰে। খেতি-বাতি, ঘৰ সজা, মাছমৰা, উৎসৱ-পাৰ্বণ, বিপদ-আপদ, ৰং-আনন্দ সকলোতে মাৰ বান্ধি একগোট হৈ থিয় দিয়ে। ঠেঙ্গাল কছাৰীৰ মাজত ‘হাৰিয়া মতা’ অৰ্থাৎ ‘হাউৰি’ প্ৰথা আজিও প্রচলিত। বিয়া-সবাহত ৰভা-পৰলা দিয়া, ঘৰ সজা, পথাৰৰ ধান চপোৱা মাছ ধৰা কাৰ্যত দল বান্ধি ওলাই যায়।
উৎসৱ-পাৰ্বণ : ঠেঙ্গাল কছাৰীসকলে তেওঁলোকৰ নিজা সামাজিক উৎসৱ, পূজা-পাতলসমূহ যথা নিয়মে পালন কৰাৰ দৰে অসমৰ জাতীয় উৎসৱ বিহুকো পৰম্পৰাগতভাৱে পালন কৰে। ঠেঙ্গাল কছাৰী গাভৰুসকলে চ’ত মাহ সোমোৱাৰ দিনৰ পৰাই ৰাতি বিহু’ মাৰিছিল। আঁহত গছ বা বৰ গছৰ তলত বিহুৰ খোলাবোৰ পতা হয়। ৰাতি বিহু চ’তৰ সংক্ৰান্তিলৈকে অর্থাৎ ব’হাগ বিহুৰ উৰুকাৰ দিনালৈকে মাৰিছিল । ঠেঙ্গাল কছাৰীসকলৰ মাজত ‘তৰাছিৰা’ বিহু বা ‘বালি-হুচৰি’, ‘বোকা বিহু’ আৰু ‘নৰাছিঙা বিহু’ প্ৰচলিত । অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত প্ৰথা অনুসৰি কাতি বিহু আৰু মাঘৰ বিহু যথা ৰীতিমতে পালন কৰি আহিছে।
খাদ্যসম্ভাৰ ঃ ঠেঙ্গাল কছাৰীসকলৰ প্ৰধান খাদ্য হ’ল ভাত। শাক-পাচলি খোৱাৰ লগতে মাছ-মাংস ঠেঙ্গালসকলৰ প্ৰিয় খাদ্য। কাছ, কুচিয়া, কেঁকোৰা, জিপাঙ্কৰী, আমৰলি, নিংকৰি, এৰী, লেতা, মুগা পলু, চাকচন, কঁদো-বৰল আদি ঠেঙ্গালসকলৰ প্ৰিয় খাদ্য। শুকান মাছ, শুকান মাংস জনজাতিসকলৰ সুষম খাদ্য । ঠেঙ্গালসকলে এটা বিশেষ পদ্ধতিৰে শুকান মাছ খুন্দি গুৰি কৰি চুঙা বা মাটিৰ টেকেলীত ৰাখি থয়। ইয়াকে শুকতি মাছ বোলে। শুকান মাছ, শুকতি মাছ, শুকান মাংস, খৰিচা, কাহুদি, খাৰলি, পানীটেঙা, শোকোতা আদি ঠেঙ্গালৰ সঞ্চিত খাদ্য।
সাজ-পোচাকঃ ঠেঙ্গাল কছাৰী পুৰুষসকলে অসমীয়া মানুহৰ স্বাভাৱিক সাজ-পাৰ পৰিধান কৰে। তিৰোতাসকলে অসমৰ জনজাতীয় সমাজত প্ৰচলিত বুকুত মেখেলা আৰু মেঠনি মাৰিছিল। মহিলাই ব্লাউজ ব্যৱহাৰ নকৰে। তিৰোতাসকল হস্তশিল্পত অতি নিপুণ। বোৱাৰীসকলে বিহা-মেখেলা আৰু চাদৰ পৰিধান কৰে। ঠেঙ্গাল কছাৰীসকলৰ মাজত সোণ-ৰূপৰ অলংকাৰ অতীজৰ পৰাই ব্যৱহাৰ হৈ আহিছে। তেওঁলোকে ব্যৱহাৰ কৰা অলংকাৰ বিলাকৰ ভিতৰত জোন-বিৰি, দুগ-দুগী, মাদলি, বিৰি, বেনা, পোৱালমণি, থুৰীয়া, কেৰু, কাণফুল, খাৰু, উকা আৰু বাখৰুৱা আঙঠি, নাকফুলি আদিয়েই প্রধান। অতীজতে কছাৰী সমাজত পুৰুষেও বিভিন্ন অলংকাৰ হাত, কাণ আৰু ডিঙিত পিন্ধিছিল। আধুনিক সভ্যতাৰ বিকাশৰ ফলত ঠেঙ্গালসকলৰ সামাজিক জীৱনধাৰালৈ বহুত পৰিবৰ্তন আহিছে।
ভাষা আৰু সাহিত্য : অসমৰ উজনি খণ্ডত বসবাস কৰা ঠেঙ্গাল কছাৰীসকলৰ ভাষা অসমীয়া। ঠেঙ্গালসকল লোক সাহিত্যত চহকী। তেওঁলোকৰ অনেক লোক-বিশ্বাস আৰু আখ্যানে ভাষা-সাহিত্য সমৃদ্ধ কৰি ৰাখিছে। তেজীমলা, পানচৈ, কাঞ্চনমতী, ফুলৰা-চতলা, লিতিকাই, লখাই তৰা আদি কৰি বহু সাধুকথা তেওঁলোকৰ মাজত প্ৰচলিত হৈ আহিছে। তদুপৰি ফকৰা-যোজনা, প্রবচন, খণ্ড বাক্য, লোকবাক্য, লোককথা, বিহুগীত, হুঁচৰি গীত, নিচুকনি গীত, ধাইনাম, আইনাম, লখিমী সবাহৰ গীত, অপেশ্বৰী সবাহৰ গীত, পানীতোলা সবাহৰ গীত, বিয়ানাম, তোলনি বিয়াৰ নাম, ভেকুলী বিয়াৰ নাম, দৈয়ন দিয়াত গোৱা গীত, আয়ুসতোলা গীত, গোপিনী সবাহৰ গীত, ধাননি ৰখা গীত, চোমনি ৰখা গীত, ঢুলীয়া ওজা হাত চলনা গীত তেওঁলোকৰ মাজত আজিও বহুলভাৱে প্ৰচলিত হৈ আছে। ঠেঙ্গাল কছাৰীসকলৰ মাজত প্ৰচলিত মৌখিক বা লোক- সাহিত্যই অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে।
ধৰ্ম-বিশ্বাস আৰু পূজা-পাতল : ঠেঙ্গাল কছাৰীসকলৰ ধৰ্ম মূলতঃ কৈৰাতজ। এই ধৰ্মৰ মূল উপাস্য দেৱতা শিৱ। ঠেঙ্গাল কছাৰীসকলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা, বাসুদেৱ গোসাইৰ দিনৰে পৰা বৈষ্ণৱ ভক্ত হিচাপে প্ৰাণহৰি গোসাঁইলৈ আউনীআটী সত্ৰৰ শিষ্য। সেই মতে তেওঁলোক ব্ৰহ্ম সংহতিৰ লোক। তেওঁলোকে বৈদিক আচাৰ-নীতি পালন কৰে। ইয়াৰ লগতে ঠেঙ্গালসকলে দুর্গা পূজা, নির্দিষ্ট ঠাইত বাইথ পূজা বা দেও পূজা, নদীত চুৱা উঁটুওৱা পূজা, চাপৰিত গৰখীয়া ভোজ, নৈৰ ওচৰত চাউলখোৱা আদি পূজা-পাতল কৰে। সেইবোৰৰ উপৰিও ঘৰুৱা অপায়-অমঙ্গল দূৰ কৰিবলৈ বিহুৱে সংক্রান্তিয়ে মৃতকক দিয়া আৰু পিৰ দিয়া পূজা পাতে, শনি, ৰাহু কেতুৰ চাউল খুওৱা, গুৰু পৰমাণ খুওৱা, আই চাউল খোৱা, অপেশ্বৰী সবাহ, গোপিনী সবাহ, লখিমী সবাহ, হাটুৱালী-বাটুৱালী সবাহ, ভড়ালত লখিমী সোমোৱা সবাহ, আয়ুস তোলা সবাহ আদি অনেক পূজা-পাতল, সকাম-নিকাম ঠেঙ্গাল কছাৰীসকলে পালন কৰে। দেৱ-দেৱী, ভূত-প্ৰেতলৈ যথা ৰীতিৰে পূজা আগবঢ়ায় । বিবাহ কাৰ্য ঃ বিবাহ মানৱ সমাজৰ এক প্ৰাণময় উৎসৱ। ঠেঙ্গাল কছাৰীসকলৰ মাজত বিশেষকৈ চাৰি প্ৰকাৰৰ বিয়াৰ প্ৰচলন, যেনে –
১। পলাই যোৱা বা পলুৱাই নিয়া বিয়া
২। আবিয়ে বিয়া
৩। বৰ বিয়া
৪ । তোলনি বিয়া
ঠেঙ্গাল কছাৰীসকলৰ মাজত প্ৰচলিত বৰ বিয়া আৰু আবিয়ৈ বিয়াৰ বৈশিষ্ট্য সুকীয়া। ব্ৰাহ্ম অনুসাৰে বৈদিক প্ৰথাৰে হোমাগ্নি কৰি পতা বিয়াক বৰ বিয়া আখ্যা দিয়ে আৰু সাধাৰণভাৱে ৰাইজৰ আশীৰ্বাদ গ্রহণ কৰি, তেল-শলিতা জ্বলাই পতা বিয়া আবিয়ৈ বিয়া বা জোৰোণ বিয়া বুলি কয়। দৰা-কন্যা উভয় পক্ষৰ বিয়া বন্দৱস্তকাৰীক বাওৰা বোলে। ছোৱালী খুজিবলৈ গৈ কন্যাৰ ঘৰত প্ৰথম তামোল-পাণ পেলোৱাক বাট চন্দা ভোজা দিয়া বোলে।
শিল্প-সংস্কৃতি ঃ ঠেঙ্গাল কছাৰীসকল সোণ, ৰূপ, তাম, লো, তীখা আদি ধাতুশিল্পৰ লগত বিশেষভাৱে জড়িত। ৰূপ সংগ্ৰহৰ বাবেই ৰূপোৱাল কছাৰী হিচাপে জনাজাত। তেওঁলোক কুটীৰ শিল্পত যথেষ্ট নিপুণ। ঠেঙ্গালসকলে ঘৰুৱা জীৱনত লাগতীয়াল সকলো সামগ্ৰী কাঠ, বাঁহ, পাটীদৈ আদিৰে তৈয়াৰ কৰি লয়। বয়ন শিল্পৰ সঁজুলিসমূহ আৰু খেতিৰ সঁজুলি – নাঙল, যুঁৱলি, মৈ, শ’লমাৰি, ডিলামাৰি, ওখোন, ৰইনা আদি তৈয়াৰ কৰাত পাকৈত। নাহৰ কাঠৰ ঢেকী, শিলিখা-গমাৰী কাঠৰ হেতা, কৰচলি, ঠগা, শৰাই, আসন, পীৰা ধৰা, চকী-মেজ, ঢাৰি-পাটী, বিহুত ব্যৱহৃত বাদ্যযন্ত্র— পেঁপা, গগনা, বাঁহী, টকা, টোকাৰী, বীণ, সুতুলি আদি ঠেঙ্গাল কছাৰীসকলে প্ৰস্তুত কৰিব জানে। কছাৰীসকলৰ পূৰ্বপুৰুষৰ পৰা ৰেচম শিল্প চলি আহিছে। মঙ্গোলীয় কিৰাতসকলেই অসমত পাট, মুগা, ৰেচম শিল্পৰ জন্ম দিছিল। কছাৰীসকলেই হাবিৰ মুগা ঘৰচীয়া কৰিছিল। এৰী পোহা ঠেঙ্গাল কছাৰীসকলৰ জাতীয় পৰম্পৰা। এৰি, মুগা পুহি তাৰ পৰা সূতা কাটি বিভিন্ন পোচাক তৈয়াৰ কৰি লয় । মৃতকৰ সৎকাৰ : ঠেঙ্গাল কছাৰীসকলৰ মাজত মৰা শ দাহ কৰা বা পুতি থোৱা দুয়োটা প্রথাই আছে। ব্যক্তি এজনৰ মৃত্যুৰ পিছত বহুতো নিয়ম-নীতি পালন কৰা হয়। গুৰুৰ ওচৰত শৰণ লোৱাটো ঠেঙ্গাল কছাৰী সমাজত বাধ্যতামূলক। মৃতকৰ প্ৰেতকাৰ্য ব্ৰাহ্ম হিন্দু ৰীতিমতে সমাপন কৰে। ঠেঙ্গাল কছাৰীসকল অসমৰ এটা সুপ্রাচীন খিলঞ্জীয়া জনগোষ্ঠী। স্বকীয় ৰীতি-নীতি, ধৰ্মীয় পৰম্পৰা, সামাজিক লোকাচাৰ আৰু আধুনিক ধ্যান-ধাৰণাৰে এটা পৃথক জনগোষ্ঠী হ’লেও ঠেঙ্গাল কছাৰীসকলে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ঠেঙ্গাল কছাৰীসকলৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল— লৌহপ্ৰাণ গিৰিধৰ ঠেঙ্গাল অসমৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনত খিলঞ্জীয়া জনগোষ্ঠীৰ যিসকল ব্যক্তিয়ে ইতিমধ্যে উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত গিৰিধৰ ঠেঙ্গাল অন্যতম। যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেঙ্গাল মৌজাৰ উলুতলী গাঁৱৰ এটা অতি দুখীয়া কৃষক পৰিয়ালত ১৯২১ চনৰ ১২ জানুৱাৰীত গিৰিধৰ ঠেঙ্গালৰ জন্ম হয়। তেওঁৰ পিতাকৰ -নাম আছিল জিলিৰাম ঠেঙ্গাল আৰু মাকৰ নাম আছিল কান্দুৰী ঠেঙ্গাল। কেঁচুৱা অৱস্থাতে মাকৰ বিয়োগ ঘটাত বৰ্মাকে তুলি-তালি গিৰিধৰক ডাঙৰ-দীঘল কৰে। ১৯২৯ চনত গিৰিধৰক দেউতাকে বজালবাৰী প্রাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। এই বিদ্যালয়ৰ পৰা ১৯৩৪ চনত প্ৰাথমিক বৃত্তি পৰীক্ষাত যোৰহাট মহকুমাৰ ভিতৰত তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈ তিতাবৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰে। দুৰ্ভাগ্যজনক যে মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থকা কালতে ১৯৩৬ চনত দেউতাকৰ অকাল মৃত্যু হয়। মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰি শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৩৮ চনত যোৰহাট চৰকাৰী হাইস্কুলত নাম ভৰ্তি কৰে। তাৰ পৰা ১৯৪২ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ পৰা ১৯৪৪ চনত আই. এ. পৰীক্ষা আৰু ১৯৪৬ চনত বি.এ. পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি.এল. ডিগ্ৰী লাভ কৰে। গিৰিধৰ ঠেঙ্গালে শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। ১৯৫২ চনৰ পৰা ১৯৫৩ চনলৈ যোৰহাট জিলাৰ ন-আলি তিতাৰাম বৰদলৈ হাইস্কুলত শিক্ষকতা কৰে। ১৯৫৩ চনত শিক্ষা জগতৰ পৰা আঁতৰি তেওঁ ৰাজনৈতিক জগতত প্রবেশ কৰে আৰু বিভিন্ন সামাজিক উন্নয়নমূলক কামত জড়িত হয়। তেওঁ যোৰহাট ক’ৰ্টতো ওকালতি আৰম্ভ কৰে। লাহে লাহে তেওঁৰ ওকালতিত কৈ ৰাজনৈতিক জীৱনৰ সক্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে। তাৰ মাজতে বিভিন্ন অঞ্চলৰ শিক্ষা, সামাজিক উন্নয়ন, সামাজিক ন্যায় আদি বিষয়ত নিজকে জড়িত কৰিবলৈ ধৰিলে। জালুকনিবাৰী হাইস্কুল, তিতাবৰ নন্দনাথ শইকীয়া কলেজ প্রতিষ্ঠা ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য আছিল। তেওঁৰ নেতৃত্বত কমিউনিষ্ট পাৰ্টিৰ আন্দোলনৰ হেঁচাত কেইবাখনো শ্রমিক-কৃষকৰ সপক্ষে লোৱা আইন প্ৰৱৰ্তন কৰা আৰু কিছু সংখ্যক ভূমিহীন কৃষকৰ মাজত মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিল। ১৯৭৮ চনত তেওঁ তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক নির্বাচিত হয়। যোৰহাটৰ পৰা বৰহোলালৈ প্ৰথম সর্ববৃহৎ দীর্ঘ ন-আলি পকীকৰণৰ কাম তেখেতৰ উদ্যোগতে সম্পন্ন হয়। ১৯৮৪ চনত সেই সময়ৰ চোভিয়েট ৰাছিয়াত হোৱা মাৰ্কীয় অৰ্থনীতিৰ তিনিমহীয়া চেমিনাৰত অংশ গ্ৰহণ কৰিছিল।
কবি, গীতিকাৰ, ভাস্কর্য-চিত্রশিল্পী কমল কছাৰী
‘ইস্তাহাৰ কবি’ নামেৰে জনাজাত কবি-শিল্পী কমল কছাৰী ১৯৩৯ চনত যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ ঠেঙ্গাল মৌজাৰ মৰধলি কছাৰী গাঁৱৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে। দেউতাকৰ নাম উনিৰাম কছাৰী আৰু মাকৰ নাম সৰু আইতী কছাৰী। জীৱিকাৰ কৰ্মসূত্ৰে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰা স্থিত মাদুৰীত বসবাস কৰি চিকিৎসা ক্ষেত্ৰত ফাৰ্মাচিষ্ট হিচাপে স্বাস্থ্যসেৱাত ব্ৰতী হয়। ভাস্কর্য শিল্পী, চিত্রশিল্পী, অনাতাঁৰ গীতিকাৰ, কবি কমল কছাৰীৰ লেখনি অসমৰ আগশাৰীৰ কাকত-আলোচনী ‘প্রতিধ্বনি’, ‘অসমবাণী’, নীলাচল’, ‘অগ্রদূত’, ‘সাদিন-প্রতিদিন’ৰ উপৰিও বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল। শিৱসাগৰ জিলা সাহিত্য সভাৰ তেওঁ সভাপতি আছিল। কমল কছাৰীয়ে গীত, কবিতা, নাটক লিখাৰ উপৰিও বেনাৰ, ফেষ্টুন, কিতাপ-আলোচনীৰ বেটুপাত অংকন, স্থাপত্য ভাস্কর্য নিজ হাতেৰে খোদিত কৰাত সিদ্ধহস্ত আছিল। কমল কছাৰীক সাহিত্য সভাই ‘বিষ্ণু প্ৰসাদ ৰাভা বঁটা’ প্ৰদান কৰিছিল আৰু শিৱসাগৰ সাহিত্য সভাই কবিগৰাকীৰ নামেৰেও ‘কবি শিল্পী কমল কছাৰী সাহিত্য বঁটা’ প্ৰদান কৰি আহিছে। অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায়। দৰদী কবি কমল কছাৰীৰ তিনিকুৰি পোন্ধৰ বছৰত ২০১৩ চনত জীৱনৰ অৱসান ঘটে।
প্রশ্নাবলী
১। মঙ্গোলীয় কিৰাতসকলৰ আৱয়বিক বৈশিষ্ট্য কি?
২। মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল ?
৩। কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল ?
৪। ড° ভূৱন মোহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে?
৫। ঠেঙ্গাল কছাৰীসকল পৌৰাণিক কোন গোষ্ঠীৰ পৰা অহা ?
৬। ঠেঙ্গাল কছাৰীসকলক বৰ্তমানৰ অৱস্থান সম্পৰ্কে উল্লেখ কৰা ।
৭। চমুটোকা লিখা :
(ক) লৌহপ্ৰাণ গিৰিধৰ ঠেঙ্গাল
(খ) কমল কছাৰী।