ক. অতি চমু প্রশ্নোত্তৰ ঃ
১। প্ৰকল্পৰ স্তৰ কেইটা ?
উত্তৰ : চাৰিটা ।
২। পৰিশেষ প্রণালী নিগমনাত্মক নে ?
উত্তৰ : নহয়।
৩। ব্যতিৰেকী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ ন প্রয়োজন ?
উত্তৰ : দুটা।
৪। ব্যতিৰেকী প্ৰণালী আৱিষ্কাৰৰ নে প্ৰমাণৰ প্ৰণালী ?
উত্তৰ : প্ৰমাণৰ।
৫। অন্বয়ী প্রণালীক নিষ্ফল কৰি তোলা প্রধান দোষটো কি ?
উত্তৰঃ বহুকাৰণ সম্ভৱনা।
৬। মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ বাৰে কিমান দৃষ্টান্তৰ আৱশ্যক ?
উত্তৰ : দুটা।
৭। কি বিশেষ ক্ষেত্ৰত সহ-পৰিৱৰ্তন প্ৰণালীৰ প্ৰয়োগ অপৰিহাৰ হৈ পৰে ?
উত্তৰ : পৰিমাণগত হ্রাস-বৃদ্ধিৰ ক্ষেত্ৰত ৷
৮। ‘সহ-পৰিৱৰ্তম প্ৰণালী স্থায়ী কৰণৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য’ – কথাযাৰ সঁচানে?
উত্তৰ : সঁচা।
৯। সহ-পৰিৱৰ্তন প্রণালী নিৰীক্ষ পলক নে পৰীক্ষামূলক ?
উত্তৰ : উভয়ে।
১০। নিৰীক্ষণ প্ৰণালীৰাপে ব্যতিৰেকী প্ৰণালী প্রয়োগ কৰিলে যি দোষেৰে দুখিত হয় তাৰ নাম কি ?
উত্তৰ ঃ বহুকাণ সম্ভাৱনা দোষ।
১১। উত্তাপ ৰাঢ়িলে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠে আৰু উত্তাপ কমিলে থার্মোমিটাৰৰ পৰা তললৈ নামি আহে। গতিকে উত্তাপৰ হ্রাস-বৃদ্ধিয়ে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠা বা তল লৈ নমাৰ কাৰণ।’ — উক্ত উদাহৰণ কোনটো পৰীক্ষণ প্রণালীৰ অন্তৰ্গত ?
উত্তৰ : সহ-পৰিৱৰ্তন প্রণালী।
১২। পৰিশেষ প্ৰণালীৰ এটা উদাহৰণ দিয়া।
উত্তৰ : পেট্ৰ’লিয়ামেৰে পূৰ্ণ গেলেন এটাৰ ওজন ৩০ কিঃ গ্রাম। আমি জানো যে গেলেনটোত ২৫ কিঃ গ্রাম পেট্রল আছে। গতিকে পৰিশেষ পদ্ধতি প্রয়োগ কৰি সিদ্ধান্ত কৰা হ’ল যে গেলেনটোৰ ওজন ৫ কিঃ গ্রাম ।
১৩। সহ-পৰিৱৰ্তন প্ৰণালীৰ সূত্ৰ দিয়া ।
উত্তৰ ঃ কোনো এটা ঘটনাৰ কোনো ধৰণৰ পৰিৱৰ্তন হ’লে যদি অন্য এটা ঘটনাৰো কোনো বিশেষ ধৰণৰ পৰিৱৰ্তন হয়, তেনেহ’লে সেই ঘটনাটো আন ঘটনাটোৰ কাৰণ বা কাৰ্য অথবা কোনো ধৰণে কার্যকারণ সম্ব সম্বন্ধিত হ’ব।
১৪। পরিশেষ প্ৰণালীৰ সংজ্ঞা দিয়া।
উত্তৰ : যদি কোনো ঘটনাৰ কোনো অংশক পূর্বত আগমনৰ পৰা কোনো বিশেষ পূৰ্বৱৰ্তী অংশৰ কাৰ্য বুলি জনা যায়, তেনেহ’লে সমগ্ৰ ঘটনাৰ পৰা সেই অংশক বাদ দিলে যি অংশ অৱশিষ্ট থাকে, সেই অংশটো পূৰ্বৱর্তী অৱশিষ্ট অংশৰ কাৰণ হ’ব।
১৫। প্রকল্পৰ বিষয় বস্তু এটা বাস্তৱ কাৰণ বা হ’ব লাগিব । (খালী ঠাই পূৰণ কৰা)।
উত্তৰ : অস্তিত্বশীল কাৰণ।
১৬। । ‘বিজুলী এক প্ৰকাৰৰ তৰল পদাৰ্থ’– ই কোন প্ৰকাৰৰ প্ৰকল্পৰ উদাহৰণ ?
উত্তৰ : কাৰ্যকৰী প্ৰকল্প।
১৭। কোনজন চিন্তাবিদ মতে প্রকল্প তিনি প্ৰকাৰৰ ?
উত্তৰ : ষ্টেবিঙৰ মতে।
১৮। ভৱিষ্যত বাণী কৰাৰ ক্ষমতা বৈধ প্রকল্পৰ এটা চর্ত হয়নে ?
উত্তৰ : হয়।
১৯। অস্তিত্বশীল কাৰণৰ অৰ্থ কি ?
উত্তৰ : অস্তিত্বশীল কাৰণৰ অৰ্থ হ’ল – যাৰ অস্তিত্ব স্বীকাৰ কৰাটো যুক্তিসংগত আৰু যাৰ অস্তিত্বৰ স্বীকৃতি আত্মৰিৰোধী নহয় ।
২০। ‘প্রকল্প সঙ্গায় এটা প্ৰাথমিক ধাৰণাহে’ 1 কথাষাৰ সঁচানে?
উত্তৰ : সঁচা।
খ. চমু প্রশ্নোত্তৰ ঃ
১। কাৰ্যকৰী প্রকল্প বুলিলে কি বুজা ?
উত্তৰ : কোনো ঘটনাৰ ব্যাখ্যাৰ উদ্দেশ্যে নিৰীক্ষণৰ সঠিক উপায়ৰ অভাৱত নিৰীক্ষণৰ দ্বাৰা সামান্য আহিলাৰ ওপৰত নিৰ্ভৰ কৰি যি সাময়িক প্রকল্প গঠন কৰা হয় তাকে ‘কাৰ্যকৰী প্রকল্প’ বোলে ।
২। ‘নিৰীক্ষণ হ’ল প্ৰকল্পৰ প্ৰথম স্তৰ’ঃ কিয় ?
উত্তৰ : নিৰীক্ষণ হ’ল প্ৰকল্পৰ প্ৰথম স্তৰ কাৰণ নিৰীক্ষণৰ জৰিয়তে প্রাকৃতিক ঘটনাসমূহৰ লগত আমাৰ পৰিচয় ঘটে। এই পৰিচয়ৰ বাবেই আমাৰ মনত ঘটনাসমূহ সম্পর্কে প্রশ্ন জাগে আৰু প্ৰশ্নসমূহৰ উত্তৰ বা সামাধান পাবৰ বাবে অনুসন্ধানৰ প্ৰয়োজনীয়তাও উপলব্ধি হয়। সেয়ে নিৰীক্ষণ হ’ল প্ৰকল্পৰ প্ৰথম স্তৰ।
৩। ‘প্রকল্প পূর্ব প্রতিষ্ঠিত সত্য বিৰোধী হ’ব নোৱাৰে’ – কিয় ?
উত্তৰ : ‘প্রকল্প পূর্ব প্রতিষ্ঠিত সত্য-বিৰোধী হ’ব মোৱাৰে’ কাৰণ নতুনকৈ গঠন কৰা প্ৰকল্প যদি পূর্ব আর্থিক জ্ঞানৰাজিৰ লগত সম্ব । সভ্যতা সম্পর্কে আমাৰ ফলত সন্দেহৰ সৃষ্টি হ’ব।
১। প্রকল্প সম্পর্কে জন টুৱাৰ্ট মিলে আগবঢ়োৱা সংজ্ঞাটো লিখা।
উত্তৰ : তর্কশাস্ত্রবিদ জন স্টুৱাৰ্ড মিলে প্ৰকল্পৰ সংজ্ঞা দিছে এইদৰে, প্রকল্প হৈছে বাস্তব তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপর্যাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা এক আনুমানিক ধাৰণা আৰু যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ’লে সেই ধাৰণা সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব।”
গ. মজলীয়া দৈৰ্ঘৰ প্ৰশ্নোত্তৰ :
১। উদ্দেশ্য অনুসৰি প্ৰকল্পৰ বিভিন্ন প্ৰকাৰবোৰ আলোচনা কৰা ।
উত্তৰ : কোনো ঘটনাৰ বিষয়ে সুস্পষ্ট জ্ঞান লাভ কৰিবৰ উদ্দেশ্যে যি প্ৰাথমিক ধাৰণাৰ আশ্ৰয় লৈ ঘটনাটোক বিজ্ঞানসন্মত উপায়েৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়, তাকে ‘প্রকল্প’ বোলে। উদ্দেশ্য অনুসৰি প্ৰকল্প তিনি প্ৰকাৰৰ। যেনে : ব্যাখ্যামূলক প্রকল্প, বর্ণনামূলক প্রকল্প আৰু সাদৃশ্যমূলক প্রকল্প। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।
(ৰ) ব্যাখ্যামূলক প্রকল্প : যি প্ৰকল্পই কোনো কর্তা বা কাৰণৰ ধাৰণা কৰি তাৰ সহায়ত ঘটনাৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰে, তাকে ‘ব্যাখ্যামূলক প্রকল্প’ বোলে।
(খ) বর্ণনামূলক প্রকল্প : যি প্রকল্পই কোনো নিয়মৰ ধাৰণা কৰি তাৰ সহায়ত ঘটনা এটি কেনেকৈ ঘটিছে তাৰ বৰ্ণনা দিবলৈ চেষ্টা কৰে তাকে ‘বর্ণনামূলক প্রকল্প’ ৰোলে।
(গ) সাদৃশ্যমূলক প্রকল্প : সাদৃশ্যমূলক প্রকল্প হৈছে এনে এক প্ৰকল্প য’ত ধাৰণা কৰা হয় যে কোনো এক শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য হয় আন এক ঘটনাৰ ক্ষেত্ৰতো সেইটো সত্য হ’ব যদিয়ে দুয়োটা শ্ৰেণীৰে কিছুমান নিৰ্দিষ্ট সাধাৰণ আৰু আকাৰত ধৰ্ম থাকে। এনে অৱস্থা প্ৰমাণ কৰিবলৈ যি প্ৰকল্প গঠন কৰা হয় তাকে ‘সাদৃশ্যমূলক প্রকল্প’ বোলে। –
২। প্ৰকল্পৰ চাৰিটা প্ৰয়োজনীয়তা উল্লেখ কৰা
উত্তৰ : কোনো ঘটনাৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ পৰীক্ষা-নিৰীক্ষাৰ প্ৰায়োজন হয় আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে প্রথমে এক সুনির্দিষ্ট প্ৰকল্পৰ প্ৰয়োজন হয়। তলত প্ৰকল্পৰ প্রয়োজনীয়তা উল্লেখ কৰা হ’ল
(১) প্রকল্প যিকোনো বৈজ্ঞানিক অনুসন্ধানৰ প্ৰাথমিক স্তৰ। বিজ্ঞানৰ সকলো সুপ্রতিষ্ঠিত নিয়ম, সূত্র আদি প্রকল্প ৰূপেই আৰম্ভ হয়।
(২) প্ৰকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভৱ কৰি তোলে। নিৰীক্ষণৰ ফালো
(৩) প্রকল্পই নিগমন ‘ক্ষেত্ৰতো সহায় কৰে। নিগমনৰ সিদ্ধান্ত প্ৰতিষ্ঠাৰ বাবে যিবোৰ সামান্য আশ্ৰয় বাক্যৰ প্রয়োজন হয় সেইবোৰ প্ৰকল্পৰ ধাৰণা যোগে পাব পাৰি ।
(৪) দৈনন্দিন জীৱনতো প্ৰকল্পৰ প্ৰয়োজন আৰু ব্যৱস্থাৰ হয়। য’ত পৰীক্ষণ সম্ভৱ নহয়, সম্ভাৱনামূলক তেনে ক্ষেত্ৰত প্ৰকল্পই ঘটনা এটিৰ ব্যাখ্যাৰ একমাত্র উপায়।
৩। ব্যাখ্যামূলক প্রকল্প আৰু বৰ্ণনামূলক ক মাজত পাৰ্থক্য লিখা ।
উত্তৰ : ব্যাখ্যামূলক প্রকল্প আৰু বৰ্ণনামূলক প্রকল্প হৈছে উদ্দেশ্য অনুসৰি কৰা প্ৰকল্পৰ দুটা ভাগ । তলত দুয়োৰে · মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা হ’ল :- যি প্রকল্পই কোনো কৰ্তা বা কাৰণৰ ধাৰণা কৰি তাৰ সহায়ত ঘটনাৰ ব্যাখ্যা দিললৈ চেষ্টা কৰে, তাকে ব্যাখ্যামূলক প্রকল্প বোলে। আনহাতে, যি প্রকল্পই কোনো নিয়মৰ ধাৰণা কৰি তাৰ সহায়ত ঘটনা এটি কেনেকৈ ঘটিছে তাৰ বৰ্ণনা দিবলৈ চেষ্টা কৰে তাকে বৰ্ণনামূলক প্রকল্প বোলে। ব্যাখ্যামূলক প্রকল্পই ঘটনাৰ কাৰণে অনুসন্ধান কৰি ঘটনাৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰে। আনহাতে বর্ণনামূলক প্রকল্পই সেই কাৰণৰ ক্ৰিয়া প্ৰণালী অৰ্থাৎ কর্তাই কি নিয়ম অনুপৰি ক্ৰিয়া সম্পাদন কৰিলে তাৰ বৰ্ণনা দিয়ে। ব্যাখ্যামূলক প্রকল্প আটাইতকৈ সৰল প্ৰকল্প। কোনো এটা ঘটনা ঘটিলে আন ঘটনাৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰাৰ যাবে ব্যাখ্যামূলক প্রকল্প গঠন কৰা হয়। আনহাতে বর্ণনামূলক প্রকল্প সাধাৰণতে অন্বেষণীয় জটিল ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নিৰ্ণয় কৰিবলৈ সংকেত প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয় ।
ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ :
১। প্ৰকল্পৰ সংজ্ঞা দিয়া। বৈধ প্রকল্পৰ চৰ্তসমূহ আলোচনা কৰা ।
উত্তৰ : কোনো ঘটনাৰ বিষয়ে সুস্পষ্ট জ্ঞান লাভ কৰিবৰ উদ্দেশ্যে যি প্ৰাথমিক ধাৰণাৰ আশ্ৰয় লৈ ঘটনাটোক বিজ্ঞানসন্মত উপায়েৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়, তাকে ‘প্রকল্প’ বোলে। বৈধ প্ৰকল্পৰ কেইবাটাও চৰ্ত আছে, যথা :
(ক) কোনো ধাৰণা ব্যাখ্যা কৰিবলৈ প্ৰকল্প গ্ৰহণ কৰা হয় সেয়ে ইয়াৰ প্ৰথম চৰ্তটো হৈছে প্ৰকল্প সুস্পষ্ট হ’ব লাগিব। অস্পষ্ট ধাৰণাৰ ওপৰত কোনো অনুসন্ধান আৰম্ভ -কৰিব নোৱাৰি।
(খ) প্রকল্প প্ৰকৃতিৰ নীতি-নিমৰ বিৰোধী হ’ব নোৱাৰে।
(গ) প্রকল্প বাস্তুর ঘটনা বা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। ই কেতিয়াও অৱাস্তৱ বা কাল্পনিক হ’ব নালাগে ৷
(ঘ) প্ৰকল্পৰ বিষয়বস্তু অস্তিত্বশীল কাৰণ হ’ব লাগিব। অস্তিত্বশীল কাৰণ বুলিলে সেইবোৰ কাৰণক বুজায় যিবোৰ কাৰণৰ অস্তিত্বক স্বীকাৰ কৰাটো যুক্তিসংগত।
(৬) বৈধ প্রকল্প মৰল আৰু প্ৰমাণযোগ্য হ’ব লাগিব। প্ৰমাণ কৰিব নোৱাৰা বা অসম্ভাৱ্য ধাৰণা এটি প্রকল্প হ’ব নোৱাৰে।
২। প্ৰকল্পৰ স্তৰ কেইটা চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰ : কোনো ঘটনাৰ বিষয়ে সুস্পষ্ট জ্ঞান লাভ কৰিবৰ উদ্দেশ্যে যি প্ৰাথমিক ধাৰণাৰ আশ্ৰয় লৈ ঘটনাটোক বিজ্ঞানসন্মত উপায়েৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়, তাকে ‘প্রকল্প’ বোলে। প্ৰকল্পৰ চাৰিটা স্তৰ আছে, যথা :
(১) প্ৰকল্পৰ প্ৰথম স্তৰ হৈছে প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ। নিৰীক্ষণৰ জৰিয়তে ব্যাখ্যা কৰিবলগীয়া বিষয়ৰ সৈতে পৰিচয় ঘটে। এই পৰিচয়ৰ ফলত ঘটনা সম্পর্কে মনত প্ৰশ্ন জাগে আৰু ঘটনা ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি হয়।
(২) প্ৰকল্পৰ দ্বিতীয় স্তৰ হৈছে প্ৰকল্প গঠন। নিৰীক্ষণৰ পৰা পোৱা ধাৰণাৰ সমৰ্থনত যদি কাৰ্য-কাৰণ সম্পৰ্কে সঠিক প্ৰমাণ পোৱা নাযায়, তেন্তে কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰিব নোৱাৰি। তথাপিও নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰিয়েই ঘটনা এটিৰ ব্যাখ্যাৰ বাবে এটি আনুমানিক ধাৰণা কৰিব লগা হয় ।
(৩) প্ৰকল্পৰ তৃতীয় স্তৰ হৈছে আনুমানিক ধাৰণাৰ পৰা শিদ্ধান্ত নিঃসৰণ কৰা ৷
(৪) প্ৰকল্পৰ চতুৰ্থ স্তৰত নিঃসৰণ কৰা সিদ্ধান্তটো প্ৰমাণ কৰিব লাগে । এই স্তৰত পৰীক্ষা-নিৰীক্ষা বা গৱেষণা আৰম্ভ হয়। পৰীক্ষা বা গৱেষণাৰ পিছত যদিহে সিদ্ধান্ত সমূহ বাস্তৱ ঘটনাসমূহৰ লগত মিল থাকে তেন্তে ধাৰণাটো সত্য হোৱাৰ সম্ভাৱনা থাকিব যদিয়ে মিল নাথাকে তেন্তে অসত্য বুলি প্ৰমাণিত হ’ব।
৩। ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্পৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা ।
উত্তৰ : প্ৰকল্প হৈছে কোনো ঘটনাৰ বৈজ্ঞানিক ব্যাখ্যা দিবলৈ গ্ৰহণ কৰা এক প্ৰাৰম্ভিক অনুমান । ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্প তিনি প্ৰকাৰৰ। যেনেঃ কৰ্তা সম্পৰ্কীয় প্রকল্প, নিয়ম সম্পর্কীয় প্রকল্প, পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল ৷
(১) কর্তা সম্পৰ্কীয় প্রকল্প : কেতিয়াবা কেতিয়াবা ঘটনা এটি কিভাৱে ঘটিল সেয়া জনা থাকে কিন্তু ঘটনাটো কোনে ঘটালে সেয়া জনা নাথাকে। তেনে ক্ষেত্ৰত কৰ্তাক জানিবলৈ যি প্ৰকল্প গঠন কৰা হয় তাকে ‘কর্তা সম্পৰ্কীয় প্রকল্প’ বোলে। উদাহৰণ স্বৰূপে এজন ব্যৱসায়ীক এজন অজ্ঞাত আততায়ীয়ে হত্যা কৰিলে। সেই অজ্ঞাত আততায়ীৰ, বিষয়ে জানিবলৈ বা বিচাৰি উলিয়াবলৈ যি প্রকল্প গঠ কৰা হয় সেয়াই কৰ্তা সম্পৰ্কীয় প্রকল্প ।
(২) নিয়ম সম্পৰ্কীয় প্রকল্প : যেতিয়া কোনো ঘটনাৰ কৰ্তা আৰু ঘটনাটো উদ্ভৱ হোৱাৰ পৰিবেশৰ বিষয়ে জলা থাকে কিন্তু ঘটনাটো কি নিয়ম অনুসৰি ঘটিল সেয়া জনা নাথাকে, তেনে ক্ষেত্ৰত ঘটনাটো সংঘটিত হোৱাৰ নিয়ম জানিবলৈ যি প্ৰকল্প গঠন কৰা হয় তাকে ‘নিয়ম সম্পৰ্কীয় প্রকল্প’ বোলে।
(৩) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প : কোনো এটা ঘটনা বা কার্য বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ মাজত ঘটে। যিবোৰ পৰিস্থিতিৰ মাজত ঘটনা এটি ঘটে তাকে ‘সংস্থিতি’ বোলে।
যেতিয়া কোনো এটা ঘটনাৰ কৰ্তা আৰু নিয়ম দুয়োটাই জনা থাকে কিন্তু কি পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাবেশত ঘটনাটো ঘটিছে সেয়া জনা নাথাকে, তেনে অৱস্থাত পাৰিপাৰ্শ্বিক অৱস্থাৰ বিষয়ে জানিবলৈ যি প্ৰকল্প গঠন কৰা হয় তাকে ‘পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প’ বোলে ।
Type By Suman Bora