ক. অতি চমু প্রশ্নোত্তৰ :
১। প্রকল্পই বৈজ্ঞানিক অনুসন্ধানত প্ৰথম স্তৰ’ – কাথাষাৰ সঁচানে ?
উত্তৰ : সঁচা।
২। প্রকল্প এক কাল্পনিক ধাৰণা’: সঁচানে ?
উত্তৰ : সঁচা।
৩। ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্প কেইপ্ৰকাৰৰ ?
উত্তৰ : তিনি প্ৰকাৰৰ ।
৪। অনিৰ্দিষ্ট ধাৰণা প্রকল্প হ’ব পাৰেনে ?
উত্তৰ : পাৰে।
৫। শুদ্ধ উত্তৰটো লিখা : প্রকল্প উদ্দেশ্যবিহীন /উদ্দেশ্য প্ৰয়াসী ধাৰণা ৷
উত্তৰ : উদ্দেশ্য প্ৰয়াসী।
৬। প্রকল্পই পর্যবেক্ষণক নিয়ন্ত্ৰণ কৰে : উক্তিটো সত্যনে ?
উত্তৰ : সত্য।
৭। প্রকল্পই নিগমক সহায় কৰে । নকৰে – সঁচাটো লিখা।
উত্তৰ : কৰে।
৮। ‘প্ৰকল্পৰ বিষয়বস্তু অস্তিত্বশীল কাৰণ হ’ব লাগিব।’ – সঁচানে?
উত্তৰ : সঁচা ।
৯। কোনো এটা সমস্যাই প্রকল্প ৰচনাৰ বাট মুকলি কৰি দিয়ে।’ উক্তিটো সঁচানে ?
উত্তৰঃ সঁচা।
১০। মিলৰ মতে আগমনৰ মূল প্রতিপাদ্য বিষয় কি ?
উত্তৰ: আৱিষ্কাৰ ।
১১। প্রকল্প এটা প্ৰমাণৰ প্ৰথম উপায় কি?
উত্তৰ : সত্যাপনীয়তা।
১২। প্ৰকল্পৰ প্ৰথম স্তৰ কি ?
উত্তৰ : প্ৰাকৃতিক ঘটনাৰ নিৰীক্ষণ।
১৩। উদ্দেশ্যমূলক দিশ অনুযায়ী প্ৰকল্প কেইপ্ৰকাৰৰ ?
উত্তৰ ঃ তিনি প্ৰকাৰৰ ।
১৪। প্ৰকল্পৰ ভৱিষ্যত বাণী কৰাৰ ক্ষমতা থাকিব লাগে নে নালাগে ।
উত্তৰ : লাগে ।
১৬। মিলে কেইটা পৰীক্ষামূলক পদ্ধতি স্বীকাৰ কৰিছে?
উত্তৰঃ পাঁচটা।
১৭। মিলৰ মতে আগমনৰ মৌলিক পদ্ধতিবোৰ কি কি ?
উত্তৰ : মিলৰ মতে আগমনৰ মৌলিক পদ্ধতি দুটা, যেনে = অন্বয়ী প্ৰণালী আৰু ব্যতিৰেকী প্ৰণালী।
১৮। মিলৰ আগমন পদ্ধতিবোৰৰ লক্ষ্য বা উদ্দেশ্য কি ?
উত্তৰ : ঘটনাৰ মাজৰ কাৰ্যকাৰণ সম্বন্ধ আৱিষ্কাৰ আৰু প্ৰমাণ কৰাই হৈছে মিলৰ আগমন পদ্ধতিবোৰৰ লক্ষ্য।
১৯। অন্বয়ী প্রণালী প্রয়োগৰ বাবে কিমান দৃষ্টান্তৰ আৱশ্যক ?
উত্তৰ : দুই বা ততোধিক ।
২০। ‘অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত’ – কথাষাৰ সঁচান ?
। উত্তৰ : সঁচা।
খ. চমু প্রশ্নোত্তৰ :
১। সহ-পৰিবৰ্তন প্ৰণালীৰ বিশেষ বৈশিষ্ট্য কি ?
উত্তৰ : সহ-পৰিৱৰ্তন প্ৰণালীৰ দুটা দৃষ্টান্তৰ মাজত মাথোন এটা বিষয়ৰ বাহিৰে আন সকলো বিষয়তে মিল- থাকিব লাগিব। অমিল থকা একমাত্র বিষয়টো এটা দৃষ্টান্তত উপস্থিত থাকিব লাগিব। আনটো দৃষ্টান্তৰ পৰা সম্পূৰ্ণ অপসাৰিত হ’ব।
২। সহ-পৰিৱৰ্তন প্ৰণালীৰ এটা উদাহৰণ দিয়া ।
উত্তৰ ঃ সহ-পৰিৱৰ্তন প্ৰণালীৰ এটা উদাহৰণ হ’ল – কোনো বস্তুৰ যোগান বাঢ়িলে তাৰ মূল্য হ্ৰাস পায়। সেইদৰে বস্তুটোৰ যোগান হ্রাস পালে মূল্য বৃদ্ধি পায়। গতিকে বস্তুৰ যোগানৰ পৰিমাণেই মূল্য হ্রাস-বৃদ্ধিৰ কাৰণ ।
৩। অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নহয় কিয় ?
উত্তৰ : অন্বয়ী প্ৰণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী, ই পৰীক্ষণীয় প্ৰণালী নহয়। অন্বয়ী প্রণালীয়ে কাৰ্যকাৰণ সম্বন্ধৰ বিষয়ে ইংগিতহে মাত্র দিয়ে। নিশ্চিতভাৱে কাৰণ- সম্বন্ধ প্ৰমাণ কৰিব নোৱাৰে। সেয়ে এই প্ৰণালীৰ প্ৰয়োগৰ দ্বাৰা যি ফলাফল বা সিদ্ধান্ত পোৱা যায় সি সদায় সম্ভাৱনামূলকহে, নিশ্চিত নহয় ।
গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ :
১। সহ-পৰিবৰ্তন প্ৰণালীৰ তিনিটা সুবিধা উল্লেখ কৰা ।
উত্তৰ : সহ-পৰিৱৰ্তন প্ৰণালী এক ব্যৱহাৰিক প্ৰণালী। সেয়ে ইয়াৰ বহুত সুৰিধা আছে, যেনেঃ
(ক) সহপৰিৱৰ্তন প্ৰণালী বায়ু চাপ, মধ্যাকর্ষণ শক্তি, উত্তাপ আদি কিছুমান স্থায়ী উপাদানৰ ক্ষেত্ৰত প্ৰয়োগ কৰি কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা হয় ।
(খ) সহ-পৰিৱৰ্তন প্ৰণালী নিৰীক্ষণমূলক আৰু পৰীক্ষামূলক হোৱা বাৰে এই প্ৰণালীৰ জৰিয়তে কাৰ্যকাৰণ সম্বন্ধ নিশ্চিত ভাৱে নিৰ্ণয় কৰিব পাৰি।
(গ) সহ-পৰিৱৰ্তন প্ৰণালীয়ে কাৰ্যকাৰণ সম্বন্ধ নির্ণয় কৰাৰ উপৰিও ঘটনা দুটাৰ মাজত থকা কাৰ্যকাৰণ সম্বন্ধৰ পৰিমাণগত স্বভাৱ বিচাৰ কৰে ।
২। ঘটনাৰ ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্প কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰ : ঘটনাৰ ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্প তিনি প্রকাশ :
(১) কৰ্তা সম্পৰ্কীয় প্রকল্প।
(২) নিয়ম সম্পৰ্কীয় প্রকল্প আৰু
(৩) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্রকল্প।
৩। ‘অন্বয়ী প্ৰণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী’ – কিয় ?
উত্তৰ : অন্বয়ী প্ৰণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী। কাৰণ অন্বয়ী প্ৰণালী প্রয়োগ কৰিবলৈ হ’লে অন্বেষণীর ঘটনা সম্পৰ্কীয় দুটা বা ততোধিক দৃষ্টান্ত সংগ্ৰহ কৰিব লাগে আৰু সেইবোৰৰ মাজত এটা বিষয়ত সকলোতে মিল থাকিব লাগে আৰু আনবোৰ বিষয়ত অমিল থাকিব লাগে ৷ দৃষ্টান্ত কেইটাৰ নিৰীক্ষণৰ অন্তৰালত অন্যান্য মিল লুকাই আছেনে নাই সেয়া নিশ্চিত হ’ব নোৱাৰি। ই কেৱল কাৰ্য- কাৰণ সম্বন্ধ থাকিব পাৰে বুলি ইংগিতহে দিব পাৰে। গতিকে অন্বয়ী প্ৰণালী মূলত নিৰীক্ষণৰ প্ৰণালী, পৰীক্ষণ প্ৰণালী নহয়।
ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ :
১। উদাহৰণসহ অন্বয়ী প্ৰণালীৰ ব্যাখ্যা দিয়া ।
উত্তৰ : অন্বয়ী প্ৰণালীৰ ব্যাখ্যা দাঙি ধৰি মিলে কৈছে যে, অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য সংস্থিতি থাকে আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোৱেই মাত্র মিল থাকে, তেনেহ’লে সেইটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কাৰ্য হ’ব।
মিলৰ সূত্ৰ অনুসৰি অন্বয়ী প্ৰণালী প্ৰয়োগৰ কাৰণে—
প্রথমে, অন্বয়ী উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্ত নিৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰিব লাগিব।
দ্বিতীয়তে, সংগ্ৰহ কৰা দৃষ্টান্তবিলাক নিৰীক্ষণৰ দ্বাৰা বেলেগ বেলেগ সংস্থিতি বা বিষয়ত বিশ্লেষণ কৰিব লাগিব। লগতে দৃষ্টান্ত বিলাক পৰস্পৰৰ লগত তুলনা কৰিৰ লাগিৰ ।
তৃতীয়তে, অনিয়মিতভাৱে উপস্থিত থকা সংস্থিতিবোৰক অপসৰণ বা বৰ্জন কৰিব লাগিব ।
চতুৰ্থতে, নিয়মিতভাৱে আটইবোৰ দৃষ্টান্তত উপস্থিত থকা সংস্থিতিটোৱেই অন্বেষণীয় ঘটনাৰ কাৰ্য বা কাৰণ হ’ব।
উদাহৰণ ঃ বায়ুপূৰ্ণ কাঁচৰ পাত্ৰ এটিৰ ভিতৰত বৈদ্যুতিক ঘন্টা ৰাখি বিদ্যুৎ সংযোগ কৰি ঘন্টাটো বজালে শব্দ শুনা যায়। সেই একে পৰিস্থিতিত পাত্ৰটো বায়ু শূণ্য কৰি ঘন্টাটো বজালে শব্দ শুনা নাযায়। এতেকে সিদ্ধান্তলৈ আহিব পাৰো যে বায়ুৰ উপস্থিতিয়েই শব্দ শুনাৰ কাৰণ ৷
২। অন্বয়ী প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা। এই অসুবিধাৰোৰ কেনেকৈ দূৰ কৰিবা ?
উত্তৰ : অন্বয়ী প্ৰণালীৰ দুটা সুবিধা হ’ল :
(ক) নিৰীক্ষণমূলক হোৱা বাবে অন্বয়ী প্ৰণালীৰ প্ৰয়োগ ক্ষেত্র অতি ব্যাপক।
(খ) অন্বয়ী প্ৰণালীৰ সহায়ত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিৰ পাৰি। অন্বয়ী প্ৰণালী নিৰীক্ষণমূলক প্ৰণালী। সেইবাবে ইয়াৰ বহুত সীমাবদ্ধতা আৰু প্ৰকৃতিগত দোষ আছে। অন্বয়ী প্ৰণালীৰ প্ৰকৃতিগত দোষৰ পৰিমাণ তলত দিয়া ধৰণে হ্ৰাস কৰিৰ পাৰি –
প্ৰথমতে, ইয়াৰ অসুবিধা দূৰ কৰিবৰ কাৰণে দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। যিমানেই বেছি সংখ্যক দৃষ্টান্তৰ মিল থাকিব, সিমানেই নানাৰাৰ সম্ভাৱনাৰ দোষ কমি যাব ।
দ্বিতীয়তে, অন্বয়ী ব্যতিৰেকী প্ৰয়োগ কৰিও নানাকাৰণৰ সম্ভাৱনা দূৰ কৰিব পাৰি। কিয়নো অন্বয়ী ব্যতিৰেকী প্ৰণালীটো অন্বয়ী প্ৰণালীতকৈ উন্নত ।
৩। উদাহৰণসহ ব্যতিৰেকী প্ৰণালী ব্যাখ্যা কৰা ।
উত্তৰ : মিলে ব্যতিৰেকী প্ৰণালীৰ ব্যাখ্যা তলত দিয়া ধৰণে দাঙি ধৰিছেঃ
“যদি এটা উদাহৰণ বা দৃষ্টান্তত আলোচ্য ঘটনাটো ঘটে আৰু আন এটা উদাহৰণত আলোচ্য ঘটনাটো নঘটে আৰু উদাহৰণ দুটা কেৱল এটা বিষয়ৰ বাহিৰে অন্য সকলোবোৰ সংস্থিতিতে সকলো প্ৰকাৰে মিল থাকে আৰু উদাহৰণ দুটাত মিল নথকা সংস্থিতিটো প্ৰথম উদাহৰণত থাকে, তেনেহ’লে উদাহৰণ দুটাৰ মিলনথকা একমাত্র সংস্থিতিটোৱেই আলোচ্য ঘটনাৰ কাৰ্যনাইবা কাৰণৰ অনিবাৰ্য অংগ হ’ব।”
ব্যতিৰেকী প্ৰণালীটো অপসৰণ নীতিৰ দ্বিতীয় সূত্ৰটোৰ ওপৰত প্ৰতিষ্ঠিত । এই প্ৰণালীটো ব্যাখ্যা কৰিলে দুটা বিশেষ লক্ষণ পোৱা যায়। যেনে –
(ক) ব্যতিৰেকী প্ৰণালীত দুটা দৃষ্টান্ত সংগ্ৰহ কৰিব লাগে। এই দৃষ্টান্ত দুটাৰ এটাত অন্বেষণীয় ঘটনাটো উপস্থিত থাকিব লাগে আৰু আনটোত অন্বেষণীয় ঘটনাটো অনুপস্থিত থাকিব লাগে। অর্থাৎ এটা সদর্থক আৰু এটা নঞর্থক দৃষ্টান্ত থাকিব লাগে।
(খ) দৃষ্টান্ত দুটাৰ এটা বিষয়ক বাদ দি আন সকলো বিষয়তে মিল থাকিব লাগে। এই বাদ দিয়া বিষয়টোৱে। ব্যতিৰেক বা অমিল হোৱা বিষয়। ব্যতিৰেকী প্ৰণালীৰ উদাহৰণ স্বৰূপে ক’ব পাৰি যে মালৰ সৈতে এখন ট্ৰাক গাড়ীৰ ওজন দুই টন। মালৰ ওজন দেৰ টন । গতিকে গাড়ীখনৰ ওজন আধা টন।
৪। ব্যতিৰেকী প্ৰণালীৰ তিনিটা সুবিধা আৰু তিনিটা অসুবিধা উল্লেখ কৰা ।
উত্তরঃ ব্যতিৰেকী প্ৰণালীৰ তিনিটা সুবিধা হ’ল :
(ক) এই প্ৰণালীত দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা নাই। কাৰণ মাথো দুটা দৃষ্টান্তৰ জৰিয়তে পৰীক্ষণ কার্য চলাব পাৰি ।
(খ) ব্যতিৰেকী প্ৰণালী পৰীক্ষামূলক হোৱা বাৰে ইয়াৰ পা সঠিক প্ৰয়োগৰ দ্বাৰা কাৰ্যকাৰণ সম্বন্ধ সুনিশ্চিতভাৱে প্রমাণ কৰিব পাৰি।
(গ) অন্বয়ী প্রণালী প্রয়োগৰ জৰিয়তে কার্য-কাৰণ সম্বন্ধৰ বিষয়ে পোৱা সন্ধান বা ধাৰণা ব্যতিৰেকী প্রণালী । প্রয়োগ কৰি নিশ্চিতভাৱে প্ৰমাণ কৰিৰ পাৰি।
ব্যতিৰেকী প্ৰণালীৰ অসুবিধা তিনিটা হ’ল ঃ
(ৰ) ব্যতিৰেকী প্ৰণালী পৰীক্ষামূলক হোৱা বাবে ইয়াৰ ক্ষেত্র অতি সীমতি।
(খ) পৰীক্ষণৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য নিৰ্ণয় কৰিব পাৰি, কিন্তু কাৰ্থৰ পৰা কাৰণ নিৰ্ণয় কৰিব নোৱাৰি।
(গ) ৰুতিৰেকী প্ৰণালী নানাৰাৰণ সম্ভৱনাৰ পৰা সম্পূৰ্ণভাৱে মুক্ত নহয় ।000
Type By Suman Bora