ক. অতি চমু প্রশ্নোত্তৰ :
১। আগমনৰ মূল বৈশিষ্ট্য কি ?
উত্তৰ : আগমনাত্মক জাঁপ।
২। পূৰ্ণ আগমনত জাঁপ থাকেনে ?
উত্তৰ ঃ নাথাকে ।
৩। বৈজ্ঞানিক আগমনে কেনে ধৰণৰ বচন প্রতিষ্ঠা কৰে?
উত্তৰ : সার্বিক যথার্থ বচন ।
৪। আগমনৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ কম ব্যাপক – উক্তিটো সচা নে মিছা ?
উত্তৰ : মিছা ।
৫। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাব্য স্বভাৱৰ’ : উক্তিটো সঁচানে মিছা ?
উত্তৰ : মিছা ।
৬। ঘটনা সংযোজন প্ৰকৃত আগমনৰ এটা প্ৰকাৰ হয়নে ?
উত্তৰ ঃ নহয় ।
৭। ‘অবৈজ্ঞানিক আগমনে বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰে’ -কথাষাৰ সঁচানে ?
উত্তৰ : সঁচা ।
৮। ‘আগমন আৰু নিগমন এটা আনটোৰ পৰিপূৰক – সঁচানে ?
উত্তৰ : সঁচা।
৯। সাদৃশ্যানুমানৰ মূল ভিত্তিকি ?
উত্তৰ ঃ সাদৃশ্য থকা বিষয়ৰ সংখ্যা ।
১০। আগমন আৰু নিগমনৰ পাৰ্থক্য মূলগত’ কথাষাৰ সঁচানে?
উত্তৰ ঃ সঁচা নহয় ।
১১। ‘প্ৰকৃতিৰ একৰূপতা নীতি অবৈজ্ঞানিক আগমনৰ ভিত্তি’ – সঁচানে ?
উত্তৰ : সঁচা ।
১২। ‘পাচিটোত থকা সকলোবোৰ আম মিঠা’ — ই কোন প্ৰকাৰৰ আগমনৰ উদাহৰণ ?
উত্তৰ : পূৰ্ণ আগমনৰ
১৩। ‘আগমন জাঁপ’ নাথাকিলে সেই আগমনক কি বোলে ?
উত্তৰ ঃ তথাকথিত আগমন ।
১৪। সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ নে ?
উত্তৰ ঃ নহয় ।
১৫। সাদৃশ্যমূলক অনুমানত জনাৰ পৰা নজনালৈ যোৱা হয় নে ?
উত্তৰঃ হয়।
১৬। শুদ্ধ উত্তৰটো নিৰ্ণয় কৰা ঃ আগমন অনুমানত সামান্যৰ পৰা বিশেষলৈ । বিশেষৰ পৰা সামান্যলৈ গতি কৰা হয় ।
উত্তৰ : বিশেষৰ পৰা সামান্যলৈ ।
১৭। শুদ্ধটো বাছি উলিওৱা : আগমনৰ অনুমান আকাৰগত সত্যতা। বস্তুগত সত্যতা / উভয় সত্যতাত লগত জড়িত৷
উত্তৰ : উভয় সত্যতাৰ লগত জড়িত ৷
১৮। যথার্থ আগমন কেই প্ৰকাৰৰ ?
উত্তৰ : তিনি প্ৰকাৰৰ ।
১৯। ঘটনা সংযোজন আৰু পূৰ্ণ গণনাভিত্তিক আগমনৰ মাজত পাৰ্থক্য আছে নে ?
উত্তৰ : আছে।
২০। বৈজ্ঞানিক আগমন কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰশীল হয়নে ?
উত্তৰ ঃ হয়।
২১। ‘সকলো কাউৰী ক’লা’ : ই কোন প্ৰকাৰৰ আগমনৰ উদাহৰণ ?
উত্তৰ : অবৈজ্ঞানিক।
২২। আগমন অনুমান কেই প্ৰকাৰৰ ?
উত্তৰ ঃ দুই প্ৰকাৰৰ ।
২৩। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত’ – কিয় ?
উত্তৰ ঃ বৈজ্ঞানিক আগমনে কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত বচন প্ৰতিষ্ঠা কৰে বাবে ইয়াৰ সিদ্ধান্ত বচন নিশ্চিত।
খ. চমু প্রশ্নোত্তৰ ঃ
১। আগমন কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ : আগমন প্রধানতঃ দুই প্ৰকাৰৰ, যেনে –
(ক) প্ৰকৃত আগমন আৰু
(খ) তথাকথিত আগমন বা আগমনাভাস।
প্রকৃত আগমন আকৌ তিনি প্ৰকাৰৰ, যেনে ঃ
(ক) বৈজ্ঞানিক আগমন
(খ) অবৈজ্ঞানিক আগমন আৰু
(গ) সাদৃশ্যানুমান।
তথাকথিত আগমন আকৌ তিনি প্ৰকাৰৰ, যেনে
(ক) পূর্ণ আগমন,
(খ) যুক্তি সাদৃশ্যানুমান আৰু
(গ) ঘটনা সংযোজন।
5 বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া।
উত্তৰ : যি আগমন অনুমানত বিশেষ বিশেষ ঘটনা নিৰীক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ সম্বন্ধৰ ভিত্তিত সেই জাতীয় সকলো ঘটনা সম্পর্কে এটা যথার্থ বচন সিদ্ধান্ত হিচাপে প্ৰতিষ্ঠা কৰা হয়, তাকে “বৈজ্ঞানিক আগমন’ বোলে।
৩। অবৈজ্ঞানিক আগমন কি ?
উত্তৰ : প্ৰকৃতিৰ বিশেষ বিশেষ ঘটনাৰাজিক নিৰীক্ষণ কৰি কাৰ্যকাৰণ নিয়ম প্রতিষ্ঠা নকৰি কেৱল অপ্রতিরুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি যি সামান্য সিদ্ধান্ত বচন প্রতিষ্ঠা কৰা হয়, তাকে ‘অবৈজ্ঞানিক আগমন’ বোলে।
৪। তথাকথিত আগমন বা আগমনাভাসৰ সংজ্ঞা দিয়া।
উত্তৰ : যি আগমনত আগমনৰ মূল লক্ষণ ‘আগমনাত্মক জাঁপ’টো নাথাকে অর্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক “তথাকথিত আগমন’ বা ‘আগমনাভাস’ বোলে।
৫। নিগমন অনুমান কাক বোলে ?
উত্তৰ : যি অনুমান প্ৰক্ৰিয়াত সার্বিক সম্বন্ধৰ জ্ঞানৰ ভিত্তিত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাকে ‘নিগমন অনুমান’ বোলে।
৬। প্রকৃত আগমন কাক বোলে ?
উত্তৰ : যি আগমনত আগমনৰ মূল লক্ষণ ‘আগমনাত্মক জাঁপ’ থাকে অর্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকে ‘প্রকৃত আগমন’ বোলে।
৭। যুক্তি’কাক বোলে ?
উত্তৰ : অনুমানক যেতিয়া ভাষাত প্ৰকাশ কৰা হয়, তেতিয়া তাক ‘যুক্তি’ বুলি কোৱা হয়। এটা যুক্তি দুটা বা ততোধিক বচনৰ দ্বাৰা গঠিত হয় ।
৮। আধাৰবাক্য বা আশ্রয়বাক্য বুলিলে কি বুজা ?
উত্তৰ : যি বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি আন এটা বচনৰ সত্যতাত উপনীত হোৱা যায় তাক ‘আধাৰবাক্য’ বা ‘আশ্ৰয়বাক্য’ বুলি কোৱা হয় ৷
১০। সিদ্ধান্ত কাক বোলে ?
উত্তৰ : যি যি বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি বাসান এটা বচনৰ সত্যতাত উপনীত হোৱা যায় তাক ‘আধাৰবাক্য’বা আশ্ৰয়বাক্য’ বুলি কোৱা হয় আৰু আশ্ৰয় বাক্যৰ পৰা যিটো বচন নিঃসৃত কৰা হয়, তাকে ‘সিদ্ধান্ত’ বোলে।
১১। সাদৃশ্যানুমান কি ?
উত্তৰ : দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাক ‘সাদৃশ্যানুমান’ বোলে।
১২। আগমনাত্মক জাঁপ কি ?
উত্তৰ : আগমন অনুমান প্ৰক্ৰিয়াত বিশেষ বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ভিত্তিত সার্বিক সম্বন্ধৰ জ্ঞানত উপনীত হওঁতে যি জাঁপ বা সংকট সৃষ্টি হয়, সেই জাঁপকে ‘আগমন জাঁপ’বা ‘আগমন সংকট’ বুলি কোৱা হয়।
১৩। পূর্ণ আগমন কি ?
উত্তৰ : যি আগমনত সন্নিবিষ্ট প্ৰত্যেকটো বিশেষ সিদ্ধান্তকেই পৃথক পৃথকভাৱে পৰীক্ষা কৰি সামান্য বচন প্রতিষ্ঠা কৰা হয়, তাকে ‘পূর্ণ আগমন’ বোলে।
১৪।. সু-সাদৃশ্যানুমান কাক কয় ?
উত্তৰ : যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য হয়, সেই সাদৃশ্যানুমানক সু-সাদৃশ্যানুমান’ বোলে।
১৫। দু-সাদৃশ্যানুমান বা কু-সাদৃশ্যানুমান কি ?
উত্তৰ : যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য মাত্ৰ, সেই সাদৃশ্যানুমানক ‘দু-সাদৃশ্যানুমান’বা ‘কুসাদৃশ্যানুমান’ বোলে।
গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ :
১। আগমনৰ পদ্ধতিৰ স্তৰ কেইটাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
উত্তৰ ঃ আগমনৰ পদ্ধতিৰ স্তৰ চাৰিটা, যথা :
(ক) নিৰীক্ষণ
(খ) প্রকল্প গঠন
(গ) সামান্যীকৰণ আৰু
(ঘ) সত্যাপন।
তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা ‘হ’ল:
(ক) নিৰীক্ষণ ঃ আগমন অনুমানত বিশেষৰ পৰা সামন্যলৈ যোৱা হয়। এই পদ্ধতিৰ প্ৰথম স্তৰটো হ’ল নিৰীক্ষণ। ঘটনাৰ মাজত কি প্ৰকাৰৰ একৰূপী আৰু -কাৰ্যকাৰণ সম্বন্ধ আছে তাক পোনতে নিৰীক্ষণ কৰা হয় ৷
(খ) প্রকল্প গঠন : আগমনৰ দ্বিতীয় স্তৰ হ’ল প্ৰকল্প গঠন। এই স্তৰত জটিল ঘটনাৰ বিশ্লেষণ, অপসৰণ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিৱৰ্তনৰ দ্বাৰা যেতিয়া স্থিৰ কৰা হয় যে কোনো দুটা ঘটনাৰ মাজৰ সম্বন্ধ নিয়ত বা অপৰিৱৰ্তনীয়, তেতিয়া সেই ঘটনাৰ মাজত কাৰ্যকাৰণ সম্বন্ধৰ অস্তিত্বৰ বিষয়ে এটা প্ৰকল্প গঠন কৰা হয় ৷
(গ) সামানীকৰণঃ সামানীকৰণ হ’ল আগমনৰ তৃতীয় তৰ। এই ভৰত বিশেষ বিশেষ ঘটনাৰ জ্ঞানৰ ভেটিত সেই ঘটনাৰ লগত মিল থকা সকলো ঘটনাৰ বিষয়ে এটা সামান্য বাক্য স্থাপন কৰা হয়। যেতিয়া পৰীক্ষামূলক প্ৰণালী প্ৰয়োগৰ দ্বাৰা কাৰ্যকাৰণ সম্বন্ধৰ অস্তিত্ব প্রমাণিত হয়, তেতিয়া সামান্য বাক্য স্থাপন সম্ভব হয়।
(ঘ) সত্যাপন : আগমনৰ শেষ স্তৰ হ’ল সত্যাপন। যি ঘটনাৰ সম্বন্ধে সামান্য বাক্য স্বপন কৰা হয়, সেই বাক্য সেই ঘটনাৰ অনুৰূপ আন আন ঘটনাৰ ক্ষেত্ৰতো সত্য হয় নে নহয় সেই বিষয়ে অনুসন্ধান চলোৱা হয় ৷ অনুৰূপ আন ঘটনাৰ ক্ষেত্ৰতো সামান্য বাক্যটো সত্য হ’লে সি নিয়ম বুলি গণ্য কৰা হয়।
২। বৈজ্ঞানিক আগমন কি? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ : যি আগমন অনুমানত বিশেষ বিশেষ ঘটনা নিৰীক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ সম্বন্ধৰ ভিত্তিত সেই জাতীয় সকলো ঘটনা সম্পর্কে এটা যথার্থ বচন সিদ্ধান্ত হিচাপে প্ৰতিষ্ঠা কৰা হয়, তাকে বৈজ্ঞানিক আগমন’ বোলে। বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ হ’ল ঃ
(ক) বৈজ্ঞানিক আগমনত একোটা বচন প্রতিষ্ঠা কৰা হয়। এই বচন কোনো ধাৰণা বা প্রত্যয় নহয়। বচন হ’ল দুটা পদৰ সম্বন্ধ। দুটা পদৰ ধাৰণাৰ মাজত সম্পৰ্ক স্থাপন কৰি এটা সার্বিক বচন গঠন কৰা বৈজ্ঞানিক আগমনৰ কাম ।
(খ) বৈজ্ঞানিক আগমনত সার্বিক বচন সিদ্ধান্ত হিচাপে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ দ্বাৰাই বিধেয় পদে উদ্দেশ্য পদ সম্বদ্ধে নতুন জ্ঞান প্ৰদান কৰে । (গ) ইয়াৰ সিদ্ধান্তটো নিৰীক্ষণ আৰু পৰীক্ষণৰ ওপৰত প্রতিষ্ঠিত। সেয়ে ইয়াৰ সিদ্ধান্তটো বস্তুগতভাৱে সত্য।
(ঘ) ইয়াৰ সিদ্ধান্ত বচনটো সার্বিক। ইয়াত বিশেষ বচনেৰে আৰম্ভ কৰি সামান্য সিদ্ধান্তত উপনীত হ’ব পাৰি ৷
(ঙ) বৈজ্ঞানিক আগমনত জ্ঞাত কথাৰ পৰা অজ্ঞাত কথাকৈ যোৱা হয়। ইয়াত সদায় আগমন জাঁপ’ বিদ্যমান ।
(চ) বৈজ্ঞানিক আগমনত বস্তুগত ভিত্তিৰ উপৰিও প্ৰকৃতিৰ একৰূপতা নীতি আৰু কাৰ্যকাৰণ নিয়মো মানি চলা হয়। সেয়ে ই বস্তুগতভাৱে সত্য হোৱাৰ উপৰিও আকাৰতভাৱেও সত্য হ’বলৈ বাধ্য।
২। অবৈজ্ঞানিক আগমন কি? ইয়্যাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ : প্ৰকৃতিৰ বিশেষ বিশেষ ঘটনাৰাজিক নিৰীক্ষণ কৰি কাৰ্য-কাৰণ নিয়ম প্রতিষ্ঠা নকৰি কেৱল অপ্ৰতিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি যি সামান্য সিদ্ধান্ত বচন প্ৰতিষ্ঠা কৰা হয়, তাকে অবৈজ্ঞানিক আগমন’ বোলে। অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ হ’ল
(ক) অবৈজ্ঞানিক আগমনত এটা যথাৰ্থ বচন প্রতিষ্ঠা কৰা হয়।
(খ) ইয়াৰ সার্বিক বচনটো বিশেষ বিশেষ বহু দৃষ্টান্তৰ পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
(গ) ইয়াৰ সিদ্ধান্ত বচনটো পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ’লেও কেৱল পৰ্যবেক্ষণৰ জৰিয়তে সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰিব নোৱাৰি ।
(ঘ) অবৈজ্ঞানিক আগমন অবিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। কোনো বস্তু বা ঘটনাৰ বহুতো দৃষ্টান্ত পর্যবেক্ষণ কৰি কোনো ক্ষেত্ৰত বিৰোধী দৃষ্টাস্ত নেদেখি ইয়াৰ ভিত্তিত সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় ৷
(ঙ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সত্যতা নিশ্চিত স্বভাৱৰ নহয়, ই সম্ভাৱনামূলকহে।
৩। ‘আগমনাত্মক জাঁপ’ বিষয়ে এটি টোকা লিখা ।
উত্তৰ : আগমন অনুমান হ’ল বিশেষ বিশেষ কেইটামান দৃষ্টান্ত নিৰীক্ষণ কৰি সেইজাতীয় সকলো জ্ঞাত আৰু অজ্ঞাত ঘটনা সম্বন্ধে এটা সার্বিক সিদ্ধান্ত প্ৰতিষ্ঠা কৰা হয়। এনে প্ৰক্ৰিয়াত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা হয়। এনে প্ৰক্ৰিয়াত এটা জাঁপৰ সৃষ্টি হয়। এনে জাঁপৰ অনিশ্চয়তা থাকে। অর্থাৎ পর্যবেক্ষিত বিশেষ বিশেষ ঘটনাৰ পৰা সেই জাতীয় ঘটনাৰ এটা সার্বিক বচনলৈ যাব লগা হ’লে এটা আশংকা আহি পৰে। উদাহৰণ স্বৰূপে ৰাম, ৰহিম, হৰিৰ মৃত্যু হোৱা ঘটনা চাই সকলো মানুহ মৰণশীল বুলি সিদ্ধান্তত উপনীত হওঁতেও এটা আশংকা আহি পৰে। আগমনৰ জাঁপৰ এনে অনিশ্চয়তাক তর্কবিদ বেইনে “আগমন সংকট’ বুলি অভিহিত কৰিছে। তথাপি এনে সংকটৰ মাজেদিয়েই আগবাঢ়ে বাবে বেইনে ইয়াক আগমনৰ মূল লক্ষণ বুলি কৈছে।
৪। সাদৃশ্যানুমান কি ? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰ : দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাক ‘সাদৃশ্যানুমান’ বোলে। সাদৃশ্যানুমাৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল ঃ
(ক) সাদৃশ্যমূলক অনুমান হ’ল দুটা বস্তুৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্ৰতিষ্ঠিত অনুমান ।
(খ) এনে অনুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায় ৷
(গ) সাদৃশ্যানুমান কাৰ্যকাৰণ জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত নহয়। সেয়ে ইয়াৰ সিদ্ধান্তৰ সত্যতা সম্ভাৱনামূলকহে।
(ঘ) প্ৰকৃত অনুমানৰ অন্যান্য প্ৰকাৰৰ দৰে সাদৃশ্যমূলক অনুমানতো জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা হয় ৷ সেয়ে আগমনৰ মূল লক্ষণ ‘আগমন জাঁপ’ সাদৃশ্যমূলক অনুমানতো বিদ্যমান।
৫। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা তিনিটা সাদৃশ্য লিখা ।
উত্তৰ : বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা সাদৃশ্যবোৰ হ’ল
(ক) দুয়ো প্ৰকাৰৰ আগমনতেই একো একোটা যথার্থ বচন প্রতিষ্ঠা কৰা হয়।
(খ) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন উভয়েই পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
(গ) দুয়ো প্ৰকাৰৰ অনুমানতেই ‘আগমনাত্মক জাঁপ’ বিদ্যমান ।
ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ :
১। বৈজ্ঞানিক অনুমান আৰু অবৈজ্ঞানিক অনুমানৰ মাজত থকা পাথৰ্কসমূহ আলোচনা কৰা ।
উত্তৰঃ বৈজ্ঞানিক অনুমান আৰু অবৈজ্ঞানিক অনুমানৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল ঃ
(ক) যি আগমন অনুমানত বিশেষ বিশেষ ঘটনা নিৰীক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ সম্বন্ধৰ ভিত্তিত সেই জাতীয় সকলো ঘটনা সম্পর্কে এটা যথার্থ বচন সিদ্ধান্ত হিচাপে প্ৰতিষ্ঠা কৰা হয়, তাকে “বৈজ্ঞানিক আগমন’ বোলে। আনহাতে প্ৰকৃতিৰ বিশেষ বিশেষ ঘটনাৰাজিক নিৰীক্ষণ কৰি কাৰ্য-কাৰণ নিয়ম প্রতিষ্ঠা নকৰি কেৱল অপ্ৰতিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি যি সামান্য সিদ্ধান্ত বচন প্রতিষ্ঠা কৰা হয়, তাকে ‘অবৈজ্ঞানিক আগমন’ বোলে।
(খ) বৈজ্ঞানিক অনুমানৰ সিদ্ধান্তটো নিৰীক্ষণ আৰু পৰীক্ষণৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে ইয়াৰ সিদ্ধান্তটো বস্তুগতভাৱে সত্য। আনহাতে, অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সত্যতা নিশ্চিত স্বভাৱৰ নহয়, ই সম্ভাৱনামূলকহে।
(গ) ইয়াৰ সিদ্ধান্ত বচনটো সার্বিক। ইয়াত বিশেষ বচনেৰে আৰম্ভ কৰি সামান্য সিদ্ধান্তত উপনীত হ’ব পাৰি । আনহাতে, অবৈজ্ঞানিক অনুমানত সিদ্ধান্ত বচনটো পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ’লেও কেৱল পৰ্যবেক্ষণৰ জৰিয়তে সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰিব নোৱাৰি ।
(ঘ) বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া বুলি ক’ব পাৰি । কাৰণ বৈজ্ঞানিক আগমণত চাৰিটা স্তৰ আছে, যেনে- পর্যবেক্ষণ, প্রকল্প গঠন, প্রমাণীকৰণ, সত্যাপন আদি ।
আনহাতে অবৈজ্ঞানিক আগমন অতি সৰল। ইয়াত একৰূপতা অভিজ্ঞাতাৰ ভিত্তিত সিদ্ধান্ত বচন প্রতিষ্ঠা কৰা হয়। 000
Type By Suman Bora
: