ক. অতি চমু উত্তৰৰ প্ৰশ্ন ঃ
১। মুক্ত অৰ্থনীতিৰ সংজ্ঞা দিয়া ।
উত্তৰ ঃ যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক আর্থিক ব্যৱস্থাৰ সৈতে দুখন বা ততোধিক দেশৰ অৰ্থনৈতিক সংযোগ স্থাপন হয় তাকে মুক্ত অর্থনীতি বোলে।
২। যেতিয়া প্ৰদত্ত আমদানি কার্য : M= 50 + 0.4Y হয়, তেতিয়া আমদানিৰ প্ৰতি প্রান্তিক আসক্তি কি হ’ব ?
উত্তৰ : প্ৰান্তিক আমদানিৰ আসক্তি (প্ৰৱণতা ) হ’ব 0.41
৩। দেশ এখনত একে সময়তে বাণিজ্য ঘাটি আৰু চলিত হিচাপ একেলগে হোৱাটো সম্ভৱনে?
উত্তৰঃ হয়।
৪। বৈদেশিক লেনদেনৰ বিবৃতিত দেখা দিয়া মূল হিচাপ দুটা কি কি ?
উত্তৰ : বৈদেশিক লেনদেনৰ বিবৃতিত দেখা দিয়া মূল হিচাপ দুটা হ’ল ঃ চলিত হিচাপ আৰু মূলধনী হিচাপ ।
৫। বৈদেশিক লেনদেনৰ হিচাপ বুলিলে কি বুজা ?
উত্তৰ : যেতিয়া এখন ৰাষ্ট্ৰই একোটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বিভিন্ন ৰাষ্ট্ৰৰ লগত অর্থনৈতিক লেনদেনৰ প্রণালীবদ্ধ সম্পাদন কৰিব বিচাৰে, তেনে লেনদেনক “বৈদেশিক লেনদেনৰ হিচাপ’ বুলি কোৱা হয় ৷
৬। বিভিন্ন দেশত একে ধৰণৰ দ্ৰব্যৰ দাম একেই হয় বোলা আন্তঃৰাষ্ট্ৰীয় বিনিয়ম সূত্ৰটো কি ?
উত্তৰ ঃ ক্রয় ক্ষমতাৰ চৰ্ত তত্ত্ব ।
৭।Y=C+I+G+ Nx – এই সমীকৰণটোত Nx এ কি সূচাইছে?
উত্তৰ : Nx এ বৈদেশিক বাণিজ্যত প্রকৃত তথা নিগুটি ৰপ্তানিক নিৰ্দেশ কৰিছে।
৮। প্রকৃত বিনিময় হাৰ কি ?
উত্তৰ : মুদ্ৰাৰ দ্বাৰা যেতিয়া বৈদেশিক মুদ্ৰা আৰু ঘৰুৱা মূল্যবোৰৰ অনুপাত জোখা হয় তেতিয়া তাক প্ৰকৃত বিনিময় হাৰ বুলি আখ্যা দিয়া হয় ।
৯। পৰিশোধৰ সমতা কি ?
উত্তৰ: এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশৰ লগত বিশ্বৰ আনবোৰ দেশৰ আৰ্থিক লেনদেনৰ পুংখানুপুংখ খতিয়ানকে ‘পৰিশোধৰ সমতা’ বোলা হয়।
১০। অদৃশ্য বাণিজ্য কি ?
উত্তৰ : স্পর্শ অযোগ্য আৰু হস্তান্তৰ অযোগ্য সামগ্রী লেনদেনক অদৃশ্য বাণিজ্য’ বুলি কোৱা হয় ।
১১। ক্রয় ক্ষমতা সাদৃশ্য কি ?
উত্তৰ : মুদ্রাগত বিনিময়ৰ হাৰৰ ক্ৰয় ক্ষমতাৰ সমতাই দুখন দেশৰ মাজত হোৱা বিনিময় হাৰ এক হোৱাটোকে বুজায়। অর্থাৎ মুদ্ৰাৰ বিনিময়ত দুখন দেশৰ সামগ্ৰীসমূহ যেতিয়া পৰিমাপ কৰা হয় তেতিয়া দুয়োখন দেশৰ মুদ্ৰাগত বায় সামগ্ৰীৰ তুলনাত একে হ’ব লাগিব ।
১২। হস্তান্তৰ পৰিশোধ কি ?
উত্তৰ : এখন দেশৰ জনসাধাৰণে যিবোৰ আয় মুক্তভাৱে লাভ কৰে আৰু যাৰ বিনিময়ত বৰ্তমান আৰু ভবিষ্যতেও কোনো মূল্য প্ৰদান কৰা নহয়, তাকে হস্তান্তৰ পৰিশোধ বুলি কোৱা হয়। যেনেঃ দান, উপহাৰ আদি ।
১৩। টকা-ডলাৰৰ বিনিময় হাৰ হ’ল ৫৫ টকা’ ঃ এই তথ্যই কি সূচায় ?
উত্তৰ ঃ টকা-ডলাৰৰ বিনিময় হাৰ ৫৫ টকা’ – এই তথ্যটোৱে সূচায় যে এক ডলাৰ ক্ৰয়ৰ বাবে প্ৰয়োজনীয় ব্যয় ৫৫ টকা।
১৪। বৈদেশিক বিনিময়ৰ হাৰৰ সংজ্ঞা দিয়া ।
উত্তৰ : দুখন দেশৰ মাজত হোৱা মুদ্ৰাগত বিনিময়কে ‘বৈদেশিক বিনিময় হাৰ’ বুলি কোৱা হয় ।
১৫। বৈদেশিক বিনিময় বজাৰৰ যিকোনো এটা প্ৰধান অংশগ্ৰহণকাৰী উল্লেখ কৰা ৷
উত্তৰ : বাণিজ্যিক বেংকসমূহ।
১৬। বৈদেশিক বিনিময় বজাৰ কি ?
উত্তৰ : বৈদেশিক বিনিময় বজাৰ হ’ল এনে এক বজাৰ য’ত বিভিন্ন দেশৰ কাৰেন্সীৰ বিনিময় হয়।
১৭। BOP ৰ ভাৰসাম্যহীনতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ : (ক) বাণিজ্য চক্ৰৰ উত্থান-পতন আৰু
(খ) ৰাজনৈতিক অস্থিৰতা ৷
১৮। BOP ভাৰসাম্যহীনতা বুলিলে কি বুজা ?
উত্তৰ : যেতিয়া এখন দেশৰ বৈদেশিক লেনদেন পৰিশোধৰ হিচাপত দেনা আৰু পাওনা সমান নহয়, তেতিয়া BOP ৰ ভাৰসাম্যহীনতাৰ উদ্ভৱ হয় ৷
১৯। BOP ৰ ভাৰসাম্যতা আঁতৰ কৰাৰ দুটা উপায়
উত্তৰ : BOP ৰ ভাৰসাম্যহীনতা আঁতৰ কৰাৰ দুটা উল্লেখ কৰা । কাৰণ হ’ল :
(ক) ৰপ্তানি উন্নয়ন আৰু
(খ) দেশীয় মুদ্ৰাৰ অমূল্যায়ন ।
২০। বৈদেশিক লেনদেন পৰিশোধৰ সমতাত দৃশ্যমান হিচাপ কি ?
উত্তৰ : বৈদেশিক লেনদেনৰ পৰিশোধৰ সমতাত দৃশ্যমান হিচাপত যন্ত্রপাতি, কাপোৰ-কানি আদি আমদানিকৃত আৰু ৰপ্তানিকৃত সামগ্ৰী অন্তৰ্ভূক্ত কৰা হয়।
২১। বৈদেশিক বাণিজ্যৰ ভাৰসমতাত কেতিয়া ঘাটিৰ উদ্ভব হয় ?
উত্তৰ : ৰপ্তানিৰ মূল্য আমদানিৰ মূল্যতকৈ কম হ’লে।
২২। বৈদেশিক লেনদেনত চলিত হিচাপৰ এটি উদাহৰণ দিয়া ।
উত্তৰ : ৰপ্তানিকৃত আৰু আমদানিকৃত দ্ৰব্য ৷
২৩। ৰুদ্ধ অৰ্থনীতিৰ সংজ্ঞা দিয়া।
উত্তৰ : যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক আর্থিক ব্যৱস্থাৰ লগত কোনো সম্পর্ক নাথাকে সেই আর্থিক ব্যৱস্থাকেই ‘ৰুদ্ধ অৰ্থনীতি’ বুলি কোৱা হয়।
২৪। বৈদেশিক বাণিজ্য লেনদেন পৰিশোধৰ মূলধন হিচাপত সন্নিবিষ্ট এটা বিষয় উল্লেখ কৰা ।
উত্তৰ : চৰকাৰী ঋণ আৰু পুঁজি ।
২৫। মুদ্ৰাৰ অৱমূল্যায়নৰ অৰ্থ লিখা ।
উত্তৰ : দেশ এখনৰ প্ৰচলিত মুদ্ৰাৰ বৈদেশিক মূল্য হ্ৰাস হ’লে আৰু সেই মূল্যই চৰকাৰী স্বীকৃতি লাভ কৰিলে তাক ‘অৱমূল্যায়ন’ বুলি কোৱা হয় ৷
২৬। PPP ৰ সম্পূৰ্ণ ৰূপ কি ?
উত্তৰ : Purchasing Power Parity.
27। REER কিহৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয় ?
উত্তৰ : প্ৰকৃত বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি।
২৮। REER ৰ সম্পূৰ্ণ ৰূপ কি ?
উত্তৰ : Real Effective Exchange Rate ..
২৯। NEER ৰ সম্পূৰ্ণ ৰূপ কি ?
উত্তৰ : Nominal Effective Exchange Rate.
৩০। WTO ৰ সম্পূৰ্ণ ৰূপ কি ?
উত্তৰ : World Trade Organization.
৩১। আন্তঃৰাষ্ট্ৰীয় তাৰল্য বুলিলে কি বুজা ?
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় তাৰল্যই আন্তঃৰাষ্ট্ৰীয় বিনিময় মাধ্যমক বুজায়।
৩২। শুদ্ধনে অশুদ্ধ লিখা :
(ক) GDP ৰ অনুপাত হিচাপে মুঠ বৈদেশিক বাণিজ্য হ’ল এটা অৰ্থনীতিৰ মুক্ততাৰ মাত্ৰাৰ এক উমৈহতীয়া জোখ ।
উত্তৰ : শুদ্ধ।
(খ) আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা কেন্দ্ৰীয় প্ৰাদিকৰূপে প্ৰচলন কৰা একক মুদ্ৰা বৰ্তি আছে।
উত্তৰ : অশুদ্ধ।
(গ) ইতিবাচক Nx এ বাণিজ্য উদ্ধৃত্তক সূচায়।
উত্তৰ : শুদ্ধ।
(ঘ) আন্তঃজাতিক পৰ্যায়ত এটা নিৰ্দিষ্ট কেন্দ্রীয় মুদ্রা কর্তৃ পক্ষই ছপা কৰা নিৰ্দিষ্ট মুদ্রা থাকে ।
উত্তৰ: অশুদ্ধ।
(ঙ) কোনো এক অৰ্থনীতিত মুঠ ঘৰুৱা উৎপাদনৰ লগত সংযোজন হোৱা মুঠ বৈদেশিক পৰিমাণৰ দ্বাৰা সেই অর্থনীতিটো কিমান মুকলি তাক পৰিমাপকৰা হয়।
উত্তৰ : অশুদ্ধ।
খ. চমু উত্তৰৰ প্ৰশ্নঃ
২। আমদানি চাহিদা নিৰ্ভৰ কৰা দুটা কাৰকৰ নাম উল্লেখ কৰা ।
উত্তৰ : আমদানি চাহিদা নিৰ্ভৰ কৰা দুটা কাৰক হ’ল : ।
(ক) ঘৰুৱা আয় আৰু
(খ) প্ৰকৃত বিনিময় হাৰ ।
৩। বৈদেশিক বাণিজ্যৰ লেনদেনত ঘাটিৰ উদ্ভৱ হ’লে সেই ঘাটি পূৰণ কৰাৰ দুটা উপায় উল্লেখ কৰা ।
উত্তৰ : বৈদেশিক বাণিজ্যৰ লেনদেনত ঘাটিৰ উদ্ভৱ হ’লে সেই ঘাটি পূৰণ কৰাৰ দুটা উপায় হ’ল ঃ
(ক) বিদেশী মুদ্ৰাৰ সঞ্চয় হ্ৰাস কৰা আৰু
(খ) আন্তর্জাতিক মুদ্ৰা নিধিৰ পৰা ঋণ গ্ৰহণ কৰা ।
৪। ৰুদ্ধ অৰ্থনীতিত ঘৰুৱা দ্ৰব্যৰ প্ৰতি চাহিদাৰ’ল উৎসসমূহ উল্লেখ কৰা ।
উত্তৰ : ৰুদ্ধ অৰ্থনীতিত ঘৰুৱা দ্ৰব্যৰ প্ৰতি চাহিদাৰ উৎসসমূহ হল ঃ (ক) উপভোগ
(খ) চৰকাৰী ব্যয়
(গ) ঘৰুৱা বিনিয়োগ ।
৫। মুক্ত অৰ্থনীতিৰ প্ৰসঙ্গত বজাৰ সংযোগ, বিত্তীয় বজাৰ সংযোগ আৰু উৎপাদনৰ উপাদানৰ বজাৰ সংযোগৰ অর্থ দিয়া ।
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ফলত ভোক্তাসকলে আৰু প্ৰতিষ্ঠানবোৰে বিভিন্ন ধৰণৰ ঘৰুৱা আৰু বৈদেশিক সামগ্ৰীৰ মাজত পছন্দ কৰাৰ সুযোগ পায়। ই হ’ল বজাৰ সংযোগ। বিনিয়োগকাৰীসকলে ঘৰুৱা আৰু বৈদেশিক পৰিসম্পত্তিৰ মাজত পছন্দ কৰাৰ সুযোগ পায়, ইয়ে বিত্তীয় বজাৰ সংযোগৰ সৃষ্টি কৰে। প্রতিষ্ঠানবোৰে নিজৰ পছন্দ অনুসৰি উৎপাদন প্রতিষ্ঠান ক’ত স্থাপন কৰিব আৰু শ্ৰমিকসকলে কত কাম কৰিব সেইটো ঠিক কৰিব পাৰে । এয়ে উৎপাদনৰ উপাদানৰ বজাৰ সংযোগ।
৬। ‘ব্রিটন উড্চ যমজ’ বুলিলে কোন দুটা আন্তজার্তিক অনুষ্ঠানক বুজায় ?
উত্তৰ : ‘ব্রিটন উড্চ যমজ’ বুলিলে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকক বুজায় ।
গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ
১। লেনদেনৰ পৰিশোধ সমতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ : লেনদেনৰ পৰিশোধ সমতাৰ চাৰিটা বৈশিষ্ট্য হ’ল:
(ক) লেনদেনৰ পৰিশোধ সমতা হৈছে এখন দেশৰ লগৰ বিশ্বৰ অন্যান্য দেশৰ লেনদেনৰ এক প্ৰণালীবদ্ধ হিচাপ ।
(খ) এনে হিচাপ প্রতি বছৰ কৰা হয় ৷
(গ) পৰিশোধৰ সমতাৰ হিচাপ দ্বিপাক্ষিক।
(ঘ) এনে হিচাপত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দেনা আৰু পাওনা ঃ এই দুয়োটাৰে হিচাপ অন্তৰ্ভূক্ত কৰা হয় ।
২। বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যহীনতা দূৰীকৰণৰ তিনিটা উপায় উল্লেখ কৰা ।
উত্তৰ : বৈদেশিক বাণিজ্য লেনদেনৰ ভাৰসাম্যহীনতা দূৰীকৰণৰ তিনিটা উপায় হ’ল ঃ
(ক) আমদানি আৰু ৰপ্তানি পৰিৱৰ্তন কৰি ।
(খ) মুদ্ৰাৰ যোগান পৰিৱৰ্তন কৰি ।
(গ) দ্ৰব্য মূল্য আৰু অৰ্থনৈতিক কাম-কাজ পৰিৱৰ্তন কৰি।
৩। পৰিৱৰ্তনশীল বিনিময় হাৰৰ চাৰিটা সুবিধা উল্লেখ কৰা।
উত্তৰ : পৰিৱৰ্তনশীল বিনিময় হাৰৰ চাৰিটা সুবিধা হ’লঃ
(ক) এই হাৰে এখন দেশৰ বৈদেশিক বাণিজ্যৰ লেনদেনৰ ভাৰসাম্যতা নির্ণয় কৰে ।
(খ) এই বিনিময় হাৰ বাহাল থাকিলে কেন্দ্ৰীয় বেংকে আন্তঃর্জাতিক সংৰক্ষণৰ প্ৰয়োজনীয়তা নোহোৱা কৰে ।
(গ) বিভিন্ন দেশৰ কাৰেন্সীৰ নাটনি আৰু বহিজনিত সমস্যা সমাধান কৰাত সহায় কৰে ।
(ঘ) বাণিজ্য ব্যৱস্থা সুচাৰুৰূপে চলাত আৰু মূলধনৰ চলাচলত থকা বাধাসমূহ আঁতৰ কৰাত সহায় কৰে।
৪। বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ চলিত হিচাপত কোন বিষয় অন্তর্ভূক্ত কৰা হয় ?
উত্তৰ: বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ চলিত হিচাপত অন্তর্ভূক্ত বিষয়সমূহ হ’ল ঃ
(ক) বাণিজ্য, শিক্ষা, স্বাস্থ্য, আন্তর্জাতিক সন্মিলন আদি বিভিন্ন দিশত হোৱা ভ্রমণ ব্যয় ।
(খ) বীমা সম্বন্ধীয় লেনদেন।
(গ) পৰিবহন ব্যয়।
(ঘ) চৰকাৰী লেনদেন ।
(ঙ) বিনিয়োগ আয় আদি ।
৫। বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ মূলধন হিচাপত কি কি বিষয় অন্তৰ্ভূক্ত কৰা হয় ?
উত্তৰ : বৈদেশিক বাণিজ্যৰ লেনদেন পৰিশোধৰ মূলধন হিচাপত অন্তৰ্ভূক্ত বিষয়সমূহ হ’লঃ বৈদেশিক ঋণ, বিদেশী লোকৰ মূলধন বিনিয়োগ, বিদেশী লোকক সম্পদ বিক্রি, বিদেশী প্রতিষ্ঠানক দিয়া ঋণ, বিদেশত মূলধন বিনিয়োগ, বিদেশৰ পৰা সম্পদ ক্রয় আদি।
৬। ‘ব্রিটন উড্চ’ পদ্ধতিটো ব্যাখ্যা কৰা ।
উত্তৰ : ব্রিটন উড্চ’ পদ্ধতি হ’ল স্থিৰ বিনিময় হাৰ পদ্ধতি যদিও ই পৰিৱৰ্তনো হ’ব পাৰে। এই পদ্ধতিৰ মূল কথাখিনি হ’ল:
(ক) বিভিন্ন দেশৰ মুদ্ৰাবোৰ আমেৰিকান ডলাৰৰ লগত সম্পর্কিত।
(খ) দুটা প্রচলিত মুদ্ৰাৰ মাজত সোণ চূড়ান্ত সমতাৰ একক হিচাপে গণ্য কৰা হয় ।
(গ) আমেৰিকান ডলাৰক স্থিৰ মূল্যত স্বর্ণমূল্য প্রদান কৰা হয় ।
(ঘ) ডলাৰ সাপেক্ষে এখন দেশৰ মুদ্ৰাই স্বৰ্ণ সাপেক্ষে সেই মুদ্ৰাৰ মূল্য সূচায়।
(ঙ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি সাপেক্ষে এখন দেশৰ মুদ্ৰাৰ সমতা মূল্য পৰিৱৰ্তন সম্ভৱ হয়।
৭। অৱমূল্যায়ন আৰু অৱক্ষয়ৰ মাজৰ পাৰ্থক্য দেখুৱা ।
উত্তৰ : এখন দেশৰ প্ৰচলিত মুদ্ৰাৰ মূল্য দেশখনৰ চৰকাৰৰ দ্বাৰা আন দেশৰ মুদ্রা বা সোণৰ তুলনাত হ্ৰাস কৰা প্ৰক্ৰিয়াটোক ‘অৱমূল্যায়ন’ বুলি কোৱা হয়। চৰকাৰী আদেশৰ জৰিয়তে দেশীয় মুদ্ৰাৰ অৱমূল্যায়ন কৰা হয়। এখন দেশে অবিৰতভাৱে বৈদেশিক বাণিজ্য লেনদেনৰ ভাৰসমতাৰ ক্ষেত্ৰত ঘাটিৰ সন্মুখীন হ’লে দেশীয় মুদ্ৰাৰ অৱমূল্যায়ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷ –
আনহাতে, এখন দেশৰ প্ৰতিকূল বাণিজ্যিক লেনদেনৰ ভাৰসমতা আঁতৰ কৰিবৰ কাৰণে পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত বজাৰ ব্যৱস্থাৰ দ্বাৰা দেশীয় মুদ্ৰাৰ বহিঃমূল্য সংকোচিত হোৱা প্ৰক্ৰিয়াটোক ‘অৱক্ষয়’ বুলি কোৱা হয়। এখন দেশৰ মুদ্ৰাৰ বৈদেশিক চাহিদা আৰু যোগানৰ ভিত্তিত দেশীয় মুদ্ৰাৰ অৱক্ষয় ঘটে।
অবমূল্যায়ন ঘটে স্থিৰ বিনিময় হাৰ ব্যৱস্থাত। কিন্তু অৱক্ষয় ঘটে পৰিবৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত ।
৮। প্রচলিত ভাসমান বিনিময় ছাৰ কি ? ব্যাখ্যা কৰা ।
উত্তৰ : ১৯৭১ চনৰ পৰা প্ৰায়বোৰ দেশত পৰিচালিত ভাসমান বিনিময় হাৰ পদ্ধতিৰ প্ৰচলন হৈছে। ই হৈছে স্থিৰ বিনিময় হাৰ পদ্ধতি আৰু পৰিৱৰ্তনশীল বিনিময় হার পদ্ধতিৰ সংমিশ্রণ। এই ব্যৱস্থাক ‘লেতেৰা ভাসমান’ বুলিও কোৱা হয়। এনে পদ্ধতিক এখন দেশৰ মুদ্ৰাক বৈদেশিক বিনিময় বজাৰত ভাঁহিবলৈ দিয়া হয় আৰু বজাৰ শক্তি অনুসৰি বিনিময় হাৰ নিৰ্ণয় কৰা হয়। অৱশ্যে এই ব্যৱস্থাত সম্পূৰ্ণৰূপে চৰকাৰী হস্তক্ষেপ নথকাটো নুবুজায়। প্রয়োজন সাপেক্ষে বিনিময় হাৰৰ উত্থান-পতন ৰোধ কৰিবলৈ দেশৰ মৌদ্রিক কর্তৃপক্ষই হস্তক্ষেপ কৰিব পাৰে। মৌদ্রিক কর্তৃপক্ষই বৈদেশিক মুদ্ৰাৰ ক্রয়-বিক্রয়ৰ ওপৰত হস্তক্ষেপ কৰি বিনিময় হাৰৰ গতিশীলতাক সুচল ৰাখিবলৈ চেষ্টা কৰে। সেয়ে চৰকাৰী সংৰক্ষণ লেনদেনবোৰ শূন্যৰ সমান নহয়।
৯। স্বর্ণমান ব্যৱস্থাত কিদৰে বিনিময় হাৰ নিৰ্ধাৰণ হয় ?
উত্তৰ : স্বর্ণমান ব্যৱস্থা স্থিৰ বিনিময় হাৰ পদ্ধতিৰ এক আৰ্হি। স্বর্ণমান ব্যৱস্থাত সকলোবোৰ দেশৰ মুদ্ৰাৰ মূল্য সোণৰ মানত প্ৰকাশ কৰা হয়। ইয়াত অংশগ্ৰহণকাৰী প্ৰতিখন দেশে নিজ দেশৰ মুদ্ৰা এক স্থিৰ মূল্যত সোণৰ মানত প্ৰকাশ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বৈদেশিক বাণিজ্যত অংশগ্ৰহণ কৰা দেশসমূহৰ মুদ্ৰা সোণৰ হ’ব পাৰে বা অন্য ধাতুৰ হ’লেও ইয়াক সোণলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা থাকিব লাগে। ১৮৭০ চনৰ পৰা ১৯১৪ চনলৈ স্বর্ণমান ব্যৱস্থা বিৰাজ কৰিছিল। এনে ব্যৱস্থাত বিনিময় হাৰৰ স্থিৰতা ৰক্ষা হৈছিল। দুই বিশ্ব মহাসমৰৰ অন্তৱৰ্তীৰ কালত আন্তিৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত অস্থিৰতা আৰু অনিশ্চয়তাই দেখা দিছিল। ফলত স্বর্ণমান ব্যৱস্থা অচল হৈ পৰিছিল। আৰু ইয়াৰ ফলস্বৰূপে মুদ্রাস্ফীতিয়ে দেখা দিছিল।
১০। মুদ্ৰাৰ অৱমূল্যায়ন কি ?
উত্তৰ : এখন দেশৰ প্ৰচলিত মুদ্ৰাৰ মূল্য দেশখনৰ চৰকাৰৰ দ্বাৰা আন দেশৰ মুদ্রা বা সোণৰ তুলনাত হ্ৰাস কৰা প্ৰক্ৰিয়াক মুদ্ৰাৰ অৱমূল্যায়ন বুলি কোৱা হয়। চৰকাৰী আদেশৰ জৰিয়তে দেশীয় মুদ্ৰাৰ অৱমূল্যায়ন কৰা হয় ৷ এখন দেশে অবিৰতভাৱে বৈদেশিক বাণিজ্য লেনদেনৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত ঘাটিৰ সন্মুখীন হ’ব লগা হ’লে দেশীয় মুদ্ৰাৰ অৱমূল্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এনে অৱস্থাত অৱমূল্যায়নে দেশখনৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি আৰু আমদানিৰ পৰিমাণ হ্ৰাস হোৱা কাৰ্য নির্দেশ কৰে। ফলত আন্তর্জাতিক লেনদেনত ঘাটিৰ পৰিমাণ কমি লাভ শূন্য হোৱাৰ সম্ভাৱনা বেছি হয় । 000
Type By Suman Bora