Class 12 ECONOMICS Chapter 5 Short Question Answer | Chapter 5 চৰকাৰী কাৰ্যাৱলী আৰু পৰিসৰ Short Answer

ক. অতি চমু উত্তৰৰ প্ৰশ্ন ঃ

১। প্ৰত্যক্ষ কৰৰ এটা উদাহৰণ দিয়া।

উত্তৰ : আয় কৰ।

২। অনা-কৰ ৰাজহৰ এটা উদাহৰণ দিয়া।

উত্তৰ : মাচুল।

৩। মূলধনী ব্যয়ৰ এটা উদাহৰণ দিয়া ৷

উত্তৰঃ অংশপত্র বিনিয়োগ ।

৪। ৰাজস্ব নীতি কি ?

উত্তৰ : অর্থনৈতিক সুস্থিৰতা ৰক্ষা কৰাৰ উদ্দেশ্যে চৰকাৰে সময়ে সময়ে কৰৰ হাৰ আৰু ব্যয় আঁচনিসমূহৰ পৰিৱৰ্তন কৰি ব্যয়, ৰাজহ, ঋণ আদি নিয়ন্ত্ৰণ ব্যৱস্থাৰে দেশৰ সকলো ধৰণৰ সম্পদক ব্যৱহাৰ তথা নিয়োগৰ দ্বাৰা উপাৰ্জন, মূল্যস্তৰ, নিয়োগ আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, তাকেই ‘ৰাজস্ব নীতি’ বুলি কোৱা হয়।

৫। ৰাজহ ঘাটি কি ?

উত্তৰ : ৰাজহ প্রাপ্তিতকৈ ৰাজহ ব্যয় অধিক হ’লে তাক ৰাজহ ঘাটি বুলি কোৱা হয় ।

৭। ৰাজহ বাজেট কি ?

উত্তৰ ঃ বিভিন্ন উৎসৰ পৰা চৰকাৰে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণক যেতিয়া দেশৰ উন্নয়নৰ বাবে ব্যয় কৰাৰ আঁচনি গ্ৰহণ কৰে তাক ৰাজহ বাজেট বোলে।

৮। প্রাথমিক ঘাটি কি ?

উত্তৰ : ৰাজকোষীয় ঘাটিৰ পৰা পৰিশোধ কৰিবলগীয়া সুদৰ পৰিমাণক বাদ দিলে যি থাকে তাকে প্রাথমিক ঘাটি বোলে।

৯। ৰাজস্ব ঘাটি কি ?

উত্তৰ ঃ চৰকাৰী বাজেটৰ মুঠ ব্যয় মুঠ আয়তকৈ অধিক হ’লে তাক ৰাজস্ব ঘাটি বুলি কোৱা হয় ৷

১০। ৰাজহুৱা দ্ৰব্যৰ দুটা উদাহৰণ দিয়া ।

উত্তৰ : ৰাস্তা-ঘাট, স্কুল কলেজ ।

১১। ব্যক্তিগত দ্ৰব্যৰ দুটা উদাহৰণ দিয়া ।

উত্তৰ : গাড়ী-মটৰ, খাদ্য সামগ্রী।

১২। কৰ ৰাজহৰ দুটা উদাহৰণ দিয়া।

উত্তৰ : আয় কৰ আৰু নিগম কৰ।

১৩। চৰকাৰী বাজেটৰ দুটা ভাগ কি কি ?

উত্তৰ : ৰাজহ বাজেট আৰু মূলধনী বাজেট ।

১৪। বাজেট গ্ৰহণৰ এটা উদ্দেশ্য লিখা ।

উত্তৰ : আয় আৰু সম্পদৰ অসমতা দূৰ কৰা ।

১৫। বাজেট মানে কি ?

উত্তৰ : বাজেট হৈছে কোনো এক বিত্তীয় বছৰৰ চৰকাৰী আয় আৰু ব্যয়ৰ এক বার্ষিক প্রতিবেদন।

১৬। চৰকাৰৰ বণ্টনমূলক কার্য মানে কি ?

উত্তৰ : ব্যক্তিগত ব্যয়যোগ্য আয় প্রভাৱিত হোৱাকৈ কৰ সংগ্ৰহ, হস্তান্তৰিত পৰিশোধ আদিৰ জৰিয়তে চৰকাৰে আয় বিতৰণৰ যি কাম কৰে তাকে ‘চৰকাৰৰ বণ্টনমূলক কার্য’ বোলে। ১

৭। পৰোক্ষ কৰৰ দুটা উদাহৰণ দিয়া।

উত্তৰ : আবকাৰী শুল্ক আৰু বিক্ৰী কৰ।

১৮। নির্বিনিয়োজন মানে কি ?

উত্তৰ ঃ নিৰ্বিনিয়োজন হৈছে ব্যক্তিগতকৰণৰ এক ৰূপ য’ত ৰাজহুৱা খণ্ডৰ অংশপত্র ব্যক্তিগত বিনিয়োগকাৰীক বিক্ৰী কৰা হয় ।

১৯। পৰিকল্পনা বর্হিভূত ব্যয় বুলিলে কি বুজা?

উত্তৰ : পৰিকল্পনা বর্হিভূত ব্যয় বুলিলে সাধাৰণতে প্রশাসন, অর্থনৈতিক উন্নয়ন আৰু সামাজিক সেৱাৰ বাবে যিবোৰ ব্যয় বহন কৰা হয় তাকে বুজায়।

২০। ৰাজহুৱা সামগ্ৰী বুলিলে কি বুজা ?

উত্তৰ : সমূহীয়া অভাৱ পূৰণ কৰিবৰ বাবে চৰকাৰে যোগান ধৰা কেতবোৰ সেৱা আৰু সামগ্ৰীক ৰাজহুৱা সামগ্ৰী বুলি কোৱা হয় ৷

২১। চৰকাৰী ৰাজহৰ উৎস কি কি ?

উত্তৰ ঃ চৰকাৰী ৰাজহৰ প্ৰধান উৎসবোৰ হৈছেঃ কৰ, মাচুল, দান-বঢ়ঙনি, জৰিমনা, ঔদ্যোগিক প্ৰতিষ্ঠানৰ পৰা হোৱা লাভ আদি ।

২২। মূলধনী ব্যয়ৰ দুটা ভাগ কি কি ?

উত্তৰ ঃ পৰিকল্পিত মূলধনী ব্যয় আৰু পৰিকল্পনা বর্হিভূত মূলধনী ব্যয় ।

২৩। স্বয়ংক্রিয় সুস্থিৰক কি ?

উত্তৰ : ৰাষ্ট্ৰীয় আয় পৰিৱৰ্তনৰ প্ৰতি চৰকাৰৰ সংগ্ৰহ আৰু ব্যয় হ্রাস-বৃদ্ধিৰ স্বয়ংক্রিয় সঁহাৰিক ‘স্বয়ংক্রিয় সুস্থিৰ’ বুলি কোৱা হয় ৷

২৪। স্ব-ইচ্ছামূলক ৰাজকোষীয় নীতি মানে কি ?

উত্তৰ ঃ অৰ্থনৈতিক সুস্থিৰতা ৰক্ষাৰ উদ্দেশ্যে চৰকাৰে সময়ে সময়ে কৰৰ হাৰ আৰু ব্যয় আঁচনিসমূহৰ পৰিবৰ্তনৰ বাবে লোৱা ব্যৱস্থাকে ‘স্ব-ইচ্ছামূলক ৰাজকোষীয় নীতি বুলি কোৱা হয় ৷

২৫। প্ৰত্যক্ষ কৰৰ সংজ্ঞা দিয়া।

উত্তৰ : যি কৰৰ প্ৰাথমিক আৰু শেষ বোজা একেজন ব্যক্তিৰ ওপৰত পৰে তাকে প্রত্যক্ষ কৰ বোলে।

২৬। পৰোক্ষ কৰৰ সংজ্ঞা দিয়া।

উত্তৰ : যি কৰৰ প্ৰাথমিক বোজা এজন ব্যক্তিৰ ওপৰত আৰু শেষ বোজা আন এজন ব্যক্তিৰ ওপৰত পৰে আৰু যি কৰৰ বোজা স্থানান্তৰ কৰিব পাৰি তাকে পৰোক্ষ ক বোলে।

২৭। মূলধনী প্রাপ্তি বুলিলে কি বুজা ?

উত্তৰঃ মূলধনী বাজেটৰ অন্তৰ্গত প্রাপ্তিসমূহকে মূলধনী প্রাপ্তি বুলি কোৱা হয় ।

২৮। ৰাজহ প্ৰাপ্তি বুলিলে কি ৰুজা ?

উত্তৰ : ৰাজহ হিচাপৰ অধীনত যিখিনি প্রাপ্তি থাকে তাকে ৰাজহ প্রাপ্তি বোলে।

২৯। উন্নয়নমুখী ব্যয় বুলিলে কি বুজা ?

উত্তৰ ঃ অর্থনৈতিক আৰু সামাজিক সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে চৰকাৰে যি পৰিমাণৰ ৰাজহ ব্যয় বহন কৰিবলগা হয় তাকে উন্নয়নমুখী ব্যয় বুলি কোৱা হয় ।

৩০। ফলাফল বাজেটৰ অৰ্থ লিখা ।

উত্তৰ : যি বাজেটত বিভিন্ন শিতানত আবণ্টিত ধনৰাশিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে বাজেটত ধাৰ্য কৰা ধনৰাশিৰ বিভিন্ন শিতানৰ উৎপাদনৰ পৰিমাণৰ ওপৰত অধিক প্রাধান্য দিয়া হয়, সেই বাজেটক ফলাফল বাজেট বুলি কোৱা হয় ।

৩১। ৰাজগামী কি ?

উত্তৰ : উত্তৰাধিকাৰীবিহীন কোনো নাগৰিকৰ মৃত্যুৰ পিছত তেওঁৰ সা-সম্পত্তি চৰকাৰী কোষলৈ লৈ যোৱা প্ৰক্ৰিয়াটোক ‘ৰাজগামী’ বুলি কোৱা হয়।

৩২। কাগজী কৰ বুলিলে কি বুজা ?

উত্তৰ : যিবোৰ প্ৰত্যক্ষ কৰৰ জৰিয়তে কেৱল সামান্য পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰি তাৰ ‘কাগজী কৰ’ বুলি কোৱা হয় ৷

৩৩। বাজেট ঘাটি কিদৰে দূৰ কৰিব পাৰি?

উত্তৰ ঃ কৰৰ হাৰ বৃদ্ধি কৰি, ঋণ সংগ্ৰহ কৰি আৰু ‘ চৰকাৰী ব্যয় হ্ৰাস কৰি বাজেট ঘাটি দূৰ কৰিব পাৰি।

৪৩। কৰক মূলধন প্রাপ্তি হিচাপে ধৰা হয়নে ?

উত্তৰ ঃ নহয় ৷

৪৪।চৰকাৰী ঋণক মূলধন প্রাপ্তি বুলি ক’ব পাৰিনে ?

উত্তৰ : পাৰি ৷

৪৫। চৰকাৰী ঋণ পৰিশোধৰ এটা উপায় উল্লেখ কৰা।

উত্তৰ ঃ প্ৰতিপূৰক নিধি গঠন।

৪৬। সাম্প্ৰতিক সময়ত চৰকাৰী ব্যয় বৃদ্ধিৰ এটা কাৰণ উল্লেখ কৰা ৷

উত্তৰ : দ্রব্য-সামগ্ৰীৰ মূল্য বৃদ্ধি।

৪৭। উদাৰীকৰণৰ মূল লক্ষ্য কি ?

উত্তৰ: বিনিয়োগকাৰীক প্ৰশাসনিক বান্ধোনৰ পৰা মুক্ত কৰি অৰ্থনৈতিক কার্যকলাপক ক্ষিপ্রতা প্রদান কৰা।

৪৮। পৰোক্ষ কৰৰ বোজা সাধাৰণতে কোনে বহন, কৰিব লগা হয় ?

উত্তৰ : দ্রব্য সামগ্ৰীৰ উপভোক্তা আৰু গ্ৰাহকে।

৪৯। ক্ৰমবৰ্দ্ধমান কৰ কি ?

উত্তৰ ঃ যি কৰ ব্যৱস্থাত ব্যক্তিবিশেষৰ উপাৰ্জন বৃদ্ধিৰ – লগে লগে কৰৰ হাৰো বৃদ্ধি পায় তাকে ক্ৰমবৰ্দ্ধমান কৰ বোলে।

৫০। ক্রমহ্রাসমান কৰ কি ?

উত্তৰঃ যি কৰ ব্যৱস্থাত ব্যক্তিবিশেষৰ আয় হ্ৰাস হোৱাৰ লগে লেগ কৰৰ হাৰো হ্ৰাস পায় তাকে ক্রমহ্রাসমান কৰ বোলে।

৫১। কৰৰ আপাতন মানে কি ?

উত্তৰ : কৰৰ শেষ বোজাকেই কৰৰ আপাতন বুলি কোৱা হয় ।

৫২। কৰৰ সংঘাত বুলিলে কি বুজা ?

উত্তৰ : কৰৰ প্ৰাথমিক বোজাই হৈছে কৰৰ সংঘাত।

৫৩। দ্বাৰদেয় বুলিলে কি বুজা ?

উত্তৰ : নগৰ-মহানগৰলৈ সামগ্ৰী প্ৰৱেশ কৰাৰ সময়ত চৰকাৰে আৰোপ কৰা কৰক দ্বাৰদেয়’ বুলি কোৱা হয়।

৫৪। ৰিকাৰ্টীয় সমতুল্যতা বুলিলে কি বুজা ?

উত্তৰ : চৰকাৰী ঋণ পৰিশোধৰ বাবে চৰকাৰে ভৱিষ্যতে অধিক কৰ আৰোপ কৰিব বুলি জনসাধাৰণে অধিক সঞ্চয় কৰিবলৈ ললে জাতীয় সঞ্চয়ৰ পৰিৱৰ্তন নহ’ব। ইয়াকেই ‘ৰিকাৰ্তীয় সমতুল্যতা’ বুলি কোৱা হয় ৷

৫৫। বিভেদকাৰী বিত্তীয় নীতি বুলিলে কি বুজা ?

উত্তৰ : বিনিয়োগৰ পৰিৱৰ্তনৰ ফলত অৰ্থনীতিত উদ্ভব হোৱা প্ৰতিক্ৰিয়াসমূহ আঁতৰ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিত্তীয় নীতিসমূহকেই বিভেদকাৰী বিত্তীয় নীতি বুলি কোৱা হয় ৷

৫৬। আভ্যন্তৰীণ চৰকাৰী ঋণ কি ?

উত্তৰ : যেতিয়া কোনো এখন দেশৰ চৰকাৰে দেশৰ ভিতৰৰ কোনো ব্যক্তি বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্রহণ কৰে, তাকেই আভ্যন্তৰীণ চৰকাৰী ঋণ বুলি কোৱা হয় ।

৫৭। শুদ্ধনে অশুদ্ধ লিখা।

(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ নিৰ্বিনিয়োজনৰ মোৰা বাজেট ঘাটি আঁতৰ কৰিব পৰা যায়।

উত্তৰ : শুদ্ধ ।

(খ) বৰ্তমানসময়ত চৰকাৰী ৰাজহত কৰৰ পৰিমাণ বৃদ্ধি পাইছে।

উত্তৰ : শুদ্ধ।

খ. চম উত্তৰৰ প্ৰশ্ন :

১। চৰকাৰী ঋণৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰ : চৰকাৰী ঋণৰ দুটা উদ্দেশ্য হ’ল ঃ

(ক) ঘাটি বাজেট পূৰণ কৰা।

(খ) দেশৰ উন্নয়নমূলক প্রকল্পসমূহ ৰূপায়ন কৰা ।

২। ‘বাজেটে আয় অসমতা আঁতৰ কৰে’ ব্যাখ্যা কৰা।

উত্তৰ : বাজেটৰ জৰিয়তে চৰকাৰে অৰ্থনীতিত কৰ আৰু ব্যয় ব্যৱস্থাৰ পৰিৱর্তন ঘটাই আয় অসমতা হ্ৰাস কৰিব পাৰে। চৰকাৰে ক্ৰমবৰ্দ্ধমান হাৰত কৰ আৰোপ কৰিলে ধনী শ্ৰেণীৰ লোকসকলৰ কৰ প্ৰদানৰ মাত্ৰা বৃদ্ধি পাব। সেইদৰে বিলাসী সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিলে ধনী শ্ৰেণীৰ লোকৰ পৰা অধিক কৰ আদায় কৰিব পৰা যাব। ফলত সমাজত অর্থনৈতিক বৈষম্য আঁতৰ হ’ব।

৩। চৰকাৰী বাজেটৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰ : চৰকাৰী বাজেটৰ তিনিটা বৈশিষ্ট্য হল ঃ

(ক) চৰকাৰী বাজেটে কোনো অৰ্থনীতিৰ গাঁথনিগত দিশটো প্রতিফলিত কৰে।

(খ) চৰকাৰী বাজেটে চৰকাৰে ৰাজহ সংগ্ৰহ কৰাৰ উপায় আৰু চৰকাৰী ব্যয়ৰ শিতানসমূহ নিৰ্দেশ কৰে।

(গ) চৰকাৰী বাজেটে আগন্তুক বিত্তীয় বছৰৰ চৰকাৰী আয় আৰু ব্যয় নিৰ্দেশ কৰে।

৪। দুবিধ বাণিজ্যিক ৰাজহৰ উদাহৰণ দিয়া ।

উত্তৰ : দুবিধ বাণিজ্যিক বাজেট হ’ল ঃ

(ক) ডাক সেৱাৰ জৰিয়তে আহৰণ কৰা ৰাজহ

(খ) ৰেল সেৱাৰ পৰা আহৰণ কৰা ৰাজহ ।

৫। প্ৰত্যক্ষ কৰৰ দুটা সুবিধা উল্লেখ কৰা ।

উত্তৰ : প্ৰত্যক্ষ কৰৰ দুটা সুবিধা হ’ল :

(ক) প্ৰত্যক্ষ কৰে সমতাৰ নীতি পূৰণ কৰে ।

(খ) প্ৰত্যক্ষ কৰে কেনো নিৰ্দিষ্ট সময়ৰ ভিতৰত চৰকাৰৰ কোষলৈ এক নিৰ্দিষ্ট পৰিমাণৰ ৰাজহ জমা হয়।

৬। প্ৰত্যক্ষ কৰৰ দুটা অসুবিধা উল্লেখ কৰা ।

উত্তৰ : প্ৰত্যক্ষ কৰৰ দুটা অসুবিধা হ’ল ঃ

(ক) প্রত্যক্ষ কৰ কেতিয়াবা উচ্চ হয়। ফলত কৰাতাসকলে কৰ ফাঁকিৰ আশ্ৰয় লয় ।

(খ) প্ৰত্যক্ষ কৰ কেইজনমান মুষ্টিমেয় লোকে প্রদান কৰিব লাগে। ফলত এই কৰৰ জৰিয়তে সীমিত পৰিমাণৰ ৰাজহ সংগ্ৰহ হয়।

৭। কৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ : কৰৰ দুটা বৈশিষ্ট্য হ’ল ঃ

(ক) কৰ এক বাধ্যতামূলক বঢ়ঙণি ।

(খ) কৰ চৰকাৰী ৰাজহৰ অন্যতম উৎস।

৮। চৰকাৰী ৰাজহ ব্যয়ক কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ চৰকাৰী ৰাজহ বায়ক চাৰিটা শ্ৰেণীত ভাগ কৰিব পাৰি। যেনেঃ

(ক) পৰিকল্পিত ব্যয়।

(খ) পৰিকল্পনা বর্হিভূত ব্যয় ।

(গ) বিকাশমূখী ব্যয় আৰু

(ঘ) অবিকাশমূখী ব্যয় ।

৯। পৰোক্ষ কৰৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰ ঃ পৰোক্ষ কৰৰ দুটা সুবিধা হ’ল ঃ

(ক) পৰোক্ষ কৰ সংগ্ৰহ কৰা সহজ।

(খ) পৰোক্ষ কৰ ফাঁকি দিব নোৱাৰি।

১০। পৰোক্ষ কৰৰ দুটা অসুবিধা উল্লেখ কৰা ৷

উত্তৰ : পৰোক্ষ কৰৰ দুটা অসুবিধা হ’ল ঃ

(ক) পৰোক্ষ কৰ সমতাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয় ।

(খ) পৰোক্ষ কৰৰ জৰিয়তে নিশ্চয়তাৰ নীতি পূৰণ কৰিব নোৱাৰি।

১১। পৰিকল্পনা বর্হিভূত ব্যয়ৰ তিনিটা উদাহৰণ দিয়া ।

উত্তৰ : পৰিকল্পনা বর্হিভূত ব্যয়ৰ তিনিটা উদাহৰণ হ’লঃ

(ক) প্ৰতিৰক্ষা ব্যয়

(খ) চৰকাৰী কৰ্মচাৰীসকলৰ দৰ্মহা আৰু বানচ

(গ) ৰাজ সাহাৰ্য ।

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ পাৰ্থক্য লিখা ।

উত্তৰ : ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজৰ পাৰ্থক্য হ’ল ঃ

(ক) ৰাজহুৱা দ্ৰব্যবোৰৰ কোনো মূল্য নিদিয়াকৈ ব্যৱহাৰ কৰিব পাৰি । কিন্তু ব্যক্তিগত দ্ৰব্য ব্যৱহাৰ কৰিলে উপভোক্তাই মূল্য পৰিশোধ কৰিব লাগে।

(খ) ৰাজহুৱা দ্ৰব্যৰ উপভোগ মুক্ত আৰু অপ্রতিদ্বন্দ্বিতামূলক। কিন্তু ব্যক্তিগত দ্রব্য উপভোগ কার্যত উপভোক্তাৰ মাজত প্রতিদ্বন্দ্বিতা থাকে।

(গ) ৰাজহুৱা দ্ৰব্য সকলোৱেই উপভোগ কৰিব পাৰে । কিন্তু ব্যক্তিগত দ্রব্য ব্যক্তিগতভাৱে উপভোগ কৰা হয় ৷

২। ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজত পার্থক্য উল্লেখ কৰা ।

উত্তৰ ঃ ৰাজহ ব্যয় আৰু মূলধনী ব্যয়ৰ মাজত পাৰ্থক্য হ’ল: ৰাজহ ব্যয় হৈছে ফ্ৰকাৰৰ সকলো প্ৰকাৰৰ চলিত ব্যয় যিবোৰ কোনো সম্পদ সৃষ্টিৰ উদ্দেশ্যে ব্যৱহাৰ কৰা নহয়। উদাহৰণস্বৰূপে প্রশাসনিক ব্যয়, ৰাজহুৱা খণ্ডৰ ব্যৱসায় পৰিচালনাৰ ব্যয় ।

আনহাতে, সকলো প্ৰকাৰৰ মূলধনী সামগ্ৰীৰ ওপৰত হোৱা বায়ক মূলধনী ব্যয় বোলে। উদাহৰণ স্বৰূপে ভূমি, যন্ত্রপাতি, ঘৰ-দুৱাৰ, আচবাব পত্ৰ আদি সংগ্ৰহ কৰাৰ বাবে কৰা ব্যয়।

৩। ঘাটি বিত্ত আৰু চৰকাৰী ঋণৰ মাজৰ সম্পৰ্ক : ব্যাখ্যা কৰা।

উত্তৰ : চৰকাৰে পুঁজি সংগ্ৰহ কৰাৰ উপায় হিচাপে ঋণ গ্ৰহণ কৰে। ই ৰিজাৰ্ভ বেংকৰ পৰা ঋণ সংগ্ৰহ কৰিব পাৰে । আৰু ঋণ যোগানৰ অৰ্থে ৰিজাৰ্ভ বেংকে নতুন মুদ্রা সৃষ্টি কৰিব পাৰে। এই প্রক্রিয়াকে ঘাটি বিত্ত বুলি কোৱা হয়।” ঘাটি বিত্ত চৰকাৰী ঋণ পৰিশোধৰ এক উপায় হিচাপে গণ্য কৰা হয় ।

৪। ৰাহি বাজেট, ঘাটি বাজেট আৰু সমীকৃত বাজেট অৰ্থ প্ৰকাশ কৰা।

উত্তৰ : চৰকাৰী ব্যয়তকৈ সংগৃহীত চৰকাৰী ৰাজহ অধিক হ’লে তাক ৰাহি বাজেট বুলি কোৱা হয়। চৰকাৰৰ চলিত হিচাপৰ ৰাজহতকৈ ব্যয় অধিক হ’লে তাক ঘাটি বাজেট বুলি কোৱা হয়।

বাজেটত চলিত ৰাজহ আৰু চলিত ব্যয় সমান হ’লে সমীকৃত বাজেট বা ভাৰসাম্য বাজেট আখ্যা দিয়া হয়।

৫। ৰাজহুৱা দ্ৰব্য কিয় চৰকাৰে আগবঢ়াব লাগে ?

উত্তৰ ঃ সকলোৱে সমানভাৱে উপভোগ কৰিব পৰাকৈ চৰকাৰে ৰাজহুৱা দ্ৰব্য আগবঢ়ায়। ৰাজহুৱা দ্ৰব্যৰ বাবে সেৱাৰ ভিতৰত ৰাস্তা-ঘাট, বিদ্যালয়, প্ৰতিৰক্ষা, প্রশাসন আদি জনসাধাৰণে কোনো প্রত্যক্ষ মূল্য প্ৰদান নকৰাকৈ লাভ কৰে ৷ চৰকাৰে ৰাজহুৱা দ্ৰব্য আগবঢ়োৱাৰ উদ্দেশ্য হৈছে ব্যক্তিগত দ্রব্যত ব্যক্তিবিশেষৰহে অধিকাৰ থাকে; সকলোৱে তাত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। এনে দ্রব্যত ব্যক্তিগত লাভা-লাভৰ উদ্দেশ্য লুকাই থাকে। সেয়ে সকলোৱে উপভোগ কৰিব পৰাকৈ চৰকাৰে জনসাধাৰণৰ -উদ্দেশ্যে কিছুমান দ্রব্য আগবঢ়ায়। এনে দ্রব্য আগবঢ়োৱাৰ দ্বাৰা চৰকাৰে সমাজত আৰ্থিক বৈষম্য দূৰ কৰা আৰু সার্বজনীন কল্যাণ সাধনৰ চেষ্টা কৰে।

৬। ৰাজহ ঘাটি, ৰাজকোষীয় ঘাটি আৰু প্ৰাথমিক ঘাটিৰ অৰ্থ প্ৰকাশ কৰা ।

উত্তৰ : ৰাজহ ঘাটি, ৰাজকোষীয় ঘাটি আৰু প্ৰাথমিক ঘাটিৰ অৰ্থ তলত উল্লেখ কৰা হ’ল ঃ

চৰকাৰী বাজেটত যদি ৰাজহৰ পৰিমাণতকৈ ৰাজহ সংগ্ৰহৰ বাবে কৰা ব্যয় অধিক হয়, তাক ৰাজহ ঘাটি বুলি কোৱা হয় ।

যদি বাজেটৰ মুঠ ব্যয় ( ৰাজহু ব্যয় আৰু মূলধনী ব্যয় সহ) ঋণক বাদ দি উল্লেখিত দুয়োটা শিতানৰ পৰা হোৱা মুঠ আয়তকৈ অধিক হয়, তেন্তে সেই ঘাটিক ৰাজকোষীয় ঘাটি বুলি কোৱা হয় ৷

আকৌ কোনো এক বিত্তীয় বছৰত সৰ্বমুঠ ৰাজকোষীয় ঘাটিৰ পৰা প্ৰদান কৰিব লগা সুদখিনি বাদ দিলে যি অৱশিষ্ট থাকিব, তাকেই প্রাথমিক ঘাটি বুলি কোৱা হয় ।

৭। আভ্যন্তৰীণ ঋণ আৰু বৈদেশিক ঋণৰ মাজৰ পার্থক্য লিখা ।

উত্তৰ : আভ্যন্তৰীণ ঋণ আৰু বৈদেশিক ঋণৰ মাজৰ পার্থক্য হ’লঃ

(ক) আভ্যন্তৰীণ ঋণ দেশ এখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হয়। আনহাতে, বৈদেশিক ঋণ বিদেশী চৰকাৰ বা বিদেশী প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা হয় ।

(খ) আভ্যন্তৰীণ ঋণ দেশীয় মুদ্ৰাৰ মানত পৰিশোধ কৰা হয়। নিহাতে বৈদেশীক ঋণ বিদেশী ৰাষ্ট্ৰৰ মুদ্ৰাৰ মানত পৰিশোধ কৰা হয় ।

(গ) আভ্যন্তৰীণ ঋণ কম বোজাবিহীন। আনহাতে বৈদেশিক ঋণ প্রত্যক্ষ আৰু প্ৰকৃত ঋণ।

৮। প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ পাৰ্থক্য লিখা ।

উত্তৰ : প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজৰ পাৰ্থক্য হ’ল:

(ক) প্ৰত্যক্ষ কৰৰ সংঘাত আৰু আপাতন একেজন ব্যক্তিৰ ওপৰত পৰে। আনহাতে পৰোক্ষ কৰৰ বোজা এজন ব্যক্তিয়ে আন এজন ব্যক্তিলৈ ঠেলি পঠিয়াব পাৰে।

(খ) প্রত্যক্ষ কৰ ক্ৰমবৰ্দ্ধমান প্ৰকৃতিৰ, পৰোক্ষ কৰ ক্রমহ্রাসমান প্ৰকৃতিৰ ।

(গ) প্রত্যক্ষ কৰ স্থায়ী। পৰোক্ষ কৰ অস্থায়ী।

৯। কৰ আৰু অনাকৰ ৰাজহৰ মাজৰ পাৰ্থক্য লিখা ।

উত্তৰ ঃ কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ মাজৰ পাৰ্থক্য হ’ল ঃ

(ক) কৰ ৰাজহ বাধ্যতামূলক বঢ়গুণি। আনহাতে অনাকৰ ৰাজহ সদায় বাধ্যতামূলক নহয় ।

(খ) কৰ ৰাজহত ত্যাগৰ বিষয়টো জড়িত হৈ থাকে। কিন্তু অনাকৰ ৰাজহৰ প্ৰদানৰ বিনিময়ত চৰকাৰৰ পৰা বিশেষ সুবিধা পোৱা যায় বাবে ইয়াত ত্যাগৰ প্ৰশ্ন জড়িত হৈ নাথাকে।

(গ) কৰ ৰাজহ প্ৰদান কৰাৰ বিনিময়ত কদাতাই কোনো প্রত্যক্ষ সা-সুবিধা দাবী কৰিব নোৱাৰে। আনহাতে অনাকৰ ৰাজহ প্ৰদান কৰাৰ বিনিময়ত কৰদাতাই বিশেষ সুবিধা লাভ কৰে।

(ঘ) কৰ ৰাজহে চৰকাৰী আয়ৰ বৃহৎ অংশ অধিকাৰ কৰে। কিন্তু চৰকাৰী আয়ত অনাকৰ ৰাজহৰ অৰিহণা কম।

১০। পৰিকল্পনা ব্যয় আৰু পৰিকল্পনা বর্হিভূত ব্যয়ৰ মাজৰ পাৰ্থক্য লিখা ।

উত্তৰ : পৰিকল্পনা ব্যয় বুলিলে এটি বছৰৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনৰ কাৰ্যসূচীত কৰিবলগীয়া ব্যয়ক বুজায়। ই হৈছে অৰ্থনীতিৰ বিভিন্ন খণ্ডৰ লগত জড়িত কেন্দ্ৰীয় পৰিকল্পনাৰ কাৰ্যসূচীত কৰা ব্যয় ৷

আনহাতে, চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ লগত সম্পর্কহীন ব্যয়সমূহক পৰিকল্পনা বর্হিভূত ব্যয় বোলে। সাধাৰণতে পৰিকল্পনা ব্যয়তকৈ পৰিকল্পনা বর্হিভূত ব্যয় অধিক হয় ৷

ঘ. ৰচনাধর্মী উত্তৰৰ প্ৰশ্ন :

১। চৰকাৰী ৰাজহৰ প্ৰধান উপাদানসমূহ কি কি ? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ ঃ চৰকাৰী ৰাজহৰ উপাদান দুই প্ৰকাৰৰ। যেনেঃ কৰ ৰাজহ আৰু অনাকৰ ৰাজহ। তলত এই দুই প্ৰকাৰৰ ৰাজহৰ উৎসসমূহ আলোচনা কৰা হ’ল ঃ

(ক) কৰ ঃ কৰ হ’ল চৰকাৰী ৰাজহৰ প্ৰধান উৎস। কৰৰ জড়িয়তে সংগ্ৰহ কৰা ৰাজহক কৰ ৰাজহ বুলি কোৱা হয়। ই হৈছে বাধ্যতামূলক বঢ়ঙণি। কৰ প্ৰদান কৰা বাবে কৰদাতাই কোনো প্রত্যক্ষ সুবিধা দাবী কৰিব নোৱাৰে । কৰ ৰাজহ দুই প্ৰকাৰৰ। যেনে : প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰ ।

(খ) বাণিজ্যিক ৰাজহ ঃ চৰকাৰী উৎপাদন প্রতিষ্ঠান বা উদ্যোগৰ পৰা দ্রব্য-সামগ্ৰী আৰু সেৱা বিক্ৰী কৰি আহৰণ কৰা কৰক বাণিজ্যিক কৰ বুলি আখ্যা দিয়া হয় । এনে কৰ চৰকাৰী ৰাজহৰ অন্যতম উৎস।

(গ) জৰিমণা ঃ ন্যায় প্রশাসন, আইন-শৃঙ্খলা অৱমাননা কৰাৰ বাবে চৰকাৰে ব্যক্তিবিশেষ বা প্ৰতিষ্ঠানৰ পৰা আদায় কৰা জৰিমণা চৰকাৰী ৰাজহৰ অন্তৰ্ভূক্ত।

(ঘ) মাচুলঃ কিছুমান বিশেষ চৰকাৰী সেৱা লাভ কৰাৰ বাবে ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা মাচুল চৰকাৰী ৰাজহৰ আন এক উৎস।

(ঙ) দান আৰু অনুদান : দেশীয় আৰু বৈদেশিক প্রতিষ্ঠান, ব্যক্তি, সংস্থা আদিৰ পৰা পোৱা অনুদানো চৰকাৰী ৰাজহ বুলি গণ্য হয়।

(চ) দেশীয় সম্পদঃ দেশীয় সম্পদ যেনে খনিজ সম্পদ, জলজ সম্পদ আদি প্রাকৃতিক সম্পদৰ পৰা পোৱা আয়ক চৰকাৰী ৰাজহ বুলি ধৰা হয় ।

২। চৰকাৰী ঋণ বোজা নে ব্যাখ্যা কৰা।

উত্তৰ : চৰকাৰে কেতিয়াবা ঘাটি বাজেট পূৰণ কৰিবলৈ বা বিশেষ কোনো উন্নয়নমূলক আঁচনি ৰূপায়ন কৰিবলৈ ঋণ গ্ৰহণ কৰে। চৰকাৰে সাধাৰণতে নিজ দেশৰ ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা আৰু অন্য ৰাষ্ট্ৰৰ পৰা, আন্তৰ্জাতিক সংস্থাৰ পৰা বা প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰে। যিকোনো ঋণেই বোজা যদিও দেশীয় বা আভ্যন্তৰীণ ঋণ আৰু বৈদেশীক ঋণৰ মাজত পাৰ্থক্য আছে। আভ্যন্তৰীণ ঋণৰ প্ৰকৃত বোজা নাই বুলিব পাৰি। কাৰণ এই ঋণ পৰিশোধ কৰিবলৈ কৰৰ যোগেদি সম্পদ আহৰণ কৰা হয়। কৰদাতাই যি পৰিমাণৰ সম্পদ হেৰুৱায়, ঋণদাতাই সেই পৰিমাণৰ সম্পদ লাভ কৰিব। অর্থাৎ দেশব সম্পদ এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীৰ হাতলৈ যাব । এনে ঋণৰ বাবে দেশৰ কোনো বিশেষ ক্ষতি নহয়। মাত্র সম্পদৰ স্থানান্তৰহে হয়। দেশৰ সম্পদ দেশৰ ভিতৰতে থাকি যায় ।

কিন্তু বৈদেশিক ঋণৰ বেজা প্রকৃত বোজা বুলি ক’ব পাৰি। কাৰণ এনে ঋণ বিদেশৰ পৰা লোৱা হয়। এনে ঋণৰ সুদ পৰিশোধ কৰোতে দেশৰ সম্পদ বিদেশলৈ যার। ফলত দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে ৰাষ্ট্ৰ এখনে বৈদেশিক ঋণৰ ওপৰত অধিক নির্ভৰশীল হ’ব নালাগে ।000

Type By Suman Bora